যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা দিল্লী বিস্ফোৰক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লী কাণ্ডৰ দৰে ঘটনা অসমতো হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই আশংকা ব্যক্ত কৰি যিকোনো মূহুৰ্ততে অসমক কুটাঘাতকাৰীয়ে

অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

দিল্লী বিস্ফোৰক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লী কাণ্ডৰ দৰে ঘটনা অসমতো হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই আশংকা ব্যক্ত কৰি যিকোনো মূহুৰ্ততে অসমক কুটাঘাতকাৰীয়ে টাৰ্গেট কৰি লব পাৰে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশংকা প্ৰকাশ কৰে ।

বুধবাৰে খানাপাৰত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সাতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশংকা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় য়ে-“অসমত আমি বহুত কঠিন পৰিস্থিতিত আছোঁ । আমাৰ মাজত সোমাই কূটাঘাতকাৰীয়ে যিকোনো কাম কৰিব পাৰে । কূটাঘাটকাৰীৰ পাৰ্ছেন্টেজ বহুত বেছি । গতিকে অসম বহুদিনলৈ সাৱধান হৈ থাকিব লাগিব আৰু অসমত যোতিয়া কূটাঘাত হ’ব তেতিয়া বহুত ডাঙৰকৈ হ’ব ।“

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দেশৰ কেইবাখনো চহৰ হাই এলাৰ্টত আছে । এই চহৰসমূহৰ বাহিৰেও অসমতো এনেধৰণৰ কূটাঘাতৰ আশংকা কৰি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়ক : অসমত দিল্লী বিস্ফোৰণৰ পাঁচ সমৰ্থনকাৰী গ্ৰেপ্তাৰ