দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

দিল্লী বিস্ফোৰণঃ অসমত গ্ৰেপ্তাৰ ১৫জন দিল্লী বিস্ফোৰণৰ পিছতে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ অপৰাধত অসমত এতিয়ালৈকে মুঠ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰকাশ কৰে । বুধবাৰে ৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে আৰু ৯ জন লোকক গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণঃ অসমত গ্ৰেপ্তাৰ ১৫জন

দিল্লী বিস্ফোৰণৰ পিছতে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ অপৰাধত অসমত এতিয়ালৈকে মুঠ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰকাশ কৰে । বুধবাৰে ৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে আৰু ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

বুধবাৰে নিশাৰ পিছত নতুনকৈ গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-‘দিল্লী বিস্ফোৰণৰ পিছত আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে জড়িত হৈ এতিয়ালৈকে সমগ্ৰ অসমতে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ‘বুধবাৰে গ্ৰেপ্তাৰ কৰা ৬জনৰ উপৰিও ৰফিজুল আলী (বঙাইগাঁও), ফৰিদুদ্দিন লস্কৰ (হাইলাকান্দি), ইনামুল ইছলাম (লখিমপুৰ), ফিৰোজ আহমেদ ওৰফে পাপন (লখিমপুৰ), শ্বাহিল শোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নছিম আকবৰ (হোছাই), তাছলীম আহমেদ (কামৰূপ) আৰু আব্দুৰ ৰহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা)ক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় ।’

হিংসাক উচতনি দিয়াসকলৰ প্ৰতি অসম আৰক্ষীয়ে কোনো ধৰণৰ নৰম পন্থা গ্ৰহণ নকৰে বুলি মুখ্যমন্ত্ৰীগৰায়ে কয় । ইয়াৰ পূৰ্বে বুধবাৰে তেওঁ কয় যে ছ’চিয়েল মিডিয়াত বিস্ফোৰণক সমৰ্থন জনোৱাসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৩৫ জন লোকক চিনাক্ত কৰা হৈছে ৷ তেওঁ কয় যে আমি তেওঁলোকৰ সংযোগৰ তদন্ত কৰিম আৰু যদি কাৰোবাৰ বাংলাদেশ বা আন কোনো দেশৰ সৈতে সম্পৰ্ক থকা প্ৰমাণ হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বহু লোকে এতিয়া নিজৰ পোষ্ট ডিলিট কৰি আছে, কিন্তু আমি তেওঁলোকৰ স্ক্ৰীণশ্বট ৰাখিছো আৰু এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।’ পূৰ্বে জুবিন ক্ষেত্ৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়া একেখিনি লোকেই এতিয়া ছ’চিয়েল মিডিয়াত দিল্লী বোমা বিস্ফোৰণক প্ৰশংসা কৰিছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰায়ে ।

লগতে পঢ়ক : যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা