অসমত দিল্লী বিস্ফোৰণৰ পাঁচ সমৰ্থনকাৰী গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণৰ অসমৰ ৫ সমৰ্থনকাৰীক গ্ৰেপ্তাৰ

-দিল্লী কাণ্ডৰ অসমৰ পাঁচ সমৰ্থকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

-আনলাইন মাধ্যমত এইসকল ব্যক্তিয়ে কৰিছিল আপত্তিজনক আৰু উচটনিমূলক মন্তব্য

-গ্ৰেপ্তাৰ দৰঙৰ মতিউৰ ৰহমান, গোৱালপাৰাৰ হাছান আলী মণ্ডল

-গ্ৰেপ্তাৰ চিৰাঙৰ আব্দুল লতিফ, কামৰূপৰ ৱাজহুল কামাল, বঙাইগাঁৱৰ নূৰ আমিন আহমেদ

-গ্ৰেপ্তাৰ হোৱা আটাইকেইটাই দিল্লী বিস্ফোৰণ সন্দৰ্ভত কৰিছিল আপত্তিজনক মন্তব্য

-সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

-সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

-মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান

লগতে পঢ়ক : বহুবিবাহ কৰিলেই জেল নিশ্চিত! ২৫নৱেম্বৰত উত্থাপন হ’ব বিধেয়ক

দিল্লী বিস্ফোৰণক লৈ কি ক’লে আমেৰিকা-ৰাছিয়াই ? ইৰাণ-ইজৰাইলৰ শোক প্ৰকাশ

দিল্লী বিস্ফোৰণক লৈ বিশ্বৰ প্ৰতিক্ৰিয়া-

সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণে দেশ কঁপাই তুলিছে । ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত হাৰিয়ানাত পঞ্জীয়নভুক্ত এখন গাড়ীত এই বিস্ফোৰণ সংঘটিত হয় ।

সোমবাৰে নিশালৈকে বিস্ফোৰণত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন লোক আহত হোৱা বুলি নিশ্চিত কৰা হৈছে । মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, আঘাতপ্ৰাপ্ত হৈ আৰু তিনিজন লোকৰ মৃত্যু হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা ১২জনলৈ বৃদ্ধি পাইছে ।

বিস্ফোৰণৰ পিছতে নিৰাপত্তা সংস্থাসমূহে সতৰ্কতা বৃদ্ধি কৰিছে । দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আৰু মুম্বাইত হাই এলাৰ্ট জাৰি কৰাৰ লগতে ভিৰ হোৱা ৰাজহুৱা স্থান আৰু ধৰ্মীয় স্থানত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

ইফালে দিল্লী বিস্ফোৰণক লৈ বিশ্বৰ নেতা আৰু বিদেশী কূটনীতিবিদসকলেও শোক প্ৰকাশ কৰাৰ লগতে ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।

কি ক’লে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ?

নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰি কয় যে এই শোকৰ সময়ত নেপাল ভাৰতৰ সৈতে থিয় দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেগ কৰি এক্সযোগে তেওঁ লিখিছে, “দিল্লীত সংঘটিত হোৱা ভয়ানক বিস্ফোৰণত মই স্তম্ভিত আৰু দুখ প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । এই শোকৰ সময়ত নেপাল ভাৰতৰ সৈতে থিয় দিছে ।”

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ-

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমেও দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰে । তেওঁ এক্সত লিখিছে, ‘সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ লগতে বহু লোক আহত হোৱাৰ ঘটনাত মই দুখ প্ৰকাশ কৰিছোঁ ।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লিখিছে, “নিহতসকলৰ পৰিয়াল আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা । যদি এই কাণ্ড সন্ত্ৰাসবাদৰ কাৰ্য্য বুলি প্ৰমাণিত হয় তেন্তে ইয়াক কঠোৰৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিব লাগিব । নিৰীহ লোকক লক্ষ্য কৰি আৰু সাধাৰণ নাগৰিকৰ মাজত ভয় বিয়পোৱা হিংসাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে ।”

কি ক’লে জাপানৰ প্ৰধানমন্ত্ৰীয়ে ?

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়েও লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ঘটনাত শোক প্ৰকাশ কৰে । টুইট কৰি তেওঁ কয়, “ভাৰতৰ ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণত ইমানবোৰ বহুমূলীয়া প্ৰাণ হেৰুৱাৰ খবৰ পাই মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ । জাপান চৰকাৰ আৰু জনসাধাৰণৰ হৈ মই নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।”

কি ক’লে মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ?

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাৰত আৰু ভাৰতীয় জনসাধাৰণৰ সৈতে একতাৰ ভাৱ প্ৰকাশ কৰি লিখিছে, “দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত আমি গভীৰ শোক প্ৰকাশ কৰিছো । শোকসন্তপ্ত পৰিয়ালসমূহলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো । এই কঠিন সময়ত মালদ্বীপ ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে সংহতিৰে থিয় দিছে ।”

চীনৰ প্ৰতিক্ৰিয়া-

সোমবাৰে দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত চীনে মঙলবাৰে গভীৰ শোক প্ৰকাশ কৰে । বেইজিঙত এখন প্ৰেছ ব্রিফিঙৰ সময়ত চীনৰ বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে আমি এই ঘটনাত স্তম্ভিত হৈ পৰিছো ৷

তেওঁ নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত আৰু আহতসকলৰ পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতিক্ৰিয়া-

ইফালে ৰাছিয়া আৰু আমেৰিকায়ো এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দিল্লী বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি ভাৰতত থকা আমেৰিকান দূতাবাসে শোক প্ৰকাশ কৰিছে ।

দূতাবাসে টুইটাৰত লিখিছে, “নতুন দিল্লীৰ ভয়ংকৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা সকলোকে আমাৰ সমবেদনা জ্ঞাপন কৰিছো । আমি পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছো । আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ আমাৰ গভীৰ শোক প্ৰকাশ কৰিছো । আহতসকলৰ আশু আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।”

আনহাতে দিল্লী বিস্ফোৰণক লৈ ৰাছিয়াইও শোক প্ৰকাশ কৰে । ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে টুইটাৰযোগে লিখিছে, “লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত মই স্তম্ভিত হৈছো । মই নিশ্চিত যে চলি থকা বিশদ তদন্তই এই কাণ্ড উন্মোচন কৰিব । আমি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।”

এইসমূহ দেশৰ ওপৰিও ছিংগাপুৰ, ইজৰাইল, ইৰাণ, শ্ৰীলংকায়ো দিল্লী বিস্ফোৰণৰ ঘটনাক নিন্দা কৰাৰ লগতে শোক প্ৰকাশ কৰিছে আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী আৰু দেশৰ অন্যান্য প্ৰান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে । শ্বাহে দুখন পৃথক বৈঠক অনুষ্ঠিত কৰি বিষয়াসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে । জানিব পৰা মতে মঙলবাৰে পুৱা শ্বাহৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় । দুপৰীয়া আন এখন সভাও আহ্বান কৰা হয় ।

প্ৰথমখন বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচা আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ সঞ্চালক প্ৰধান সদানন্দ বসন্ত ডেটে উপস্থিত থাকে । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতে ভাৰ্চুৱেলি এই বৈঠকত অংশগ্ৰহণ কৰে ।

বৈঠকত শীৰ্ষ বিষয়াসকলে বিস্ফোৰণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীক বিতংভাৱে উপস্থাপন কৰে । বিয়লিৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত প্ৰায় একেখিনি বিষয়াই অংশগ্ৰহণ কৰে । বিস্ফোৰণৰ গম্ভীৰতা আৰু পৰিস্থিতিৰ সংবেদনশীলতাক লক্ষ্য কৰি গৃহ মন্ত্ৰালয়ে সমগ্ৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ হাতত অৰ্পণ কৰিছে । প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে তদন্ত এন আই এক গতাই দিয়াটো চৰকাৰে এই ঘটনাক সন্ত্ৰাসবাদী কাৰ্য বুলি গণ্য কৰাৰ স্পষ্ট ইংগিত ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণ: বিদেশৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

দিল্লী বিস্ফোৰণ: বিদেশৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

দিল্লী বিস্ফোৰণৰ পৰিস্থিতি বুজ ল’লে ৰাষ্ট্ৰপতিয়ে

১০ নৱেম্বৰ সোমবাৰে ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত সমগ্ৰ দেশৰ কেইবাখনো ডাঙৰ চহৰ হাই এলাৰ্টত আছে । এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনা সন্দৰ্ভত এংগোলাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতিছে । দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ সম্পূৰ্ণ তথ্য লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

দেওবাৰে এংগোলাৰ ৰাজধানী লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু । দক্ষিণ আফ্ৰিকাৰ এই দেশখনলৈ ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ এয়াই আছিল প্ৰথম ৰাজকীয় ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে । ইয়াত উল্লেখ কৰা হৈছে যে এই ভ্ৰমণ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে ।

ইফালে দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ত এক বৃহৎ বৈঠক আৰম্ভ হৈছে । তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহ সচিব, এন আই এৰ সঞ্চালক প্ৰধান, লগতে তদন্তকাৰী সংস্থাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে এই বৈঠকত । ইফালে এই বিস্ফোৰণৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ পিছৰে পৰা ৰাজধানী চহৰ হাই এলাৰ্টত আছে । বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আছে । সন্দেহযুক্ত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সংস্থাসমূহে । লগতে কেইবাটাও স্থানত অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক : বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

দিল্লী বিস্ফোৰণত নিহতৰ বাবে প্ৰাৰ্থনা ভূটানৰ ৰজাৰ; শোক প্ৰকাশ

দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ ভূটানৰ ৰজাৰ

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰিছে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে । ভূটানৰ ৰজাই সহস্ৰাধিক ভূটানী লোকৰ সৈতে দিল্লী বিস্ফোৰণত নিহতসকলৰ বাবে থিম্ফুৰ সাংগলী থাং ষ্টেডিয়ামত অনুষ্ঠিত প্ৰাৰ্থনা অনুষ্ঠানৰ নেতৃত্ব দিয়ে । প্ৰাৰ্থনা অনুষ্ঠানত তেওঁ বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰে । উল্লেখ্য যে, সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এই বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে ২৮ জন আহত হয় ।

জিগমে খেছাৰ নামগিয়েল ৱাংচুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূটান ভ্ৰমণত থকাৰ সময়ছোৱাতে এই ঘটনাৰ শোক প্ৰকাশ কৰিছে । ভূটানৰ চাংলিমিথাং ফেষ্টিভেল খেলপথাৰত এক সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লী বিস্ফোৰণৰ দোষীক ৰেহাই দিয়া নহ’ব । এই বিস্ফোৰণে সকলোকে স্তম্ভিত কৰি তুলিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্তসকলৰ যন্ত্ৰণা তেওঁ বুজি পাইছে বুলি উল্লেখ কৰে । তেওঁ কয় যে আজি সমগ্ৰ ৰাষ্ট্ৰ ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থিয় দিছে । এই বিস্ফোৰণৰ বাবে দায়ী সকলোকে ন্যায়ৰ কাঠগঢ়ালৈ অনা হ’ব বুলি কয় তেওঁ ।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভূটানৰ ৰাজধানী থিম্ফুৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । এই সময়ত ভূটান চৰকাৰৰ বহু জ্যেষ্ঠ মন্ত্ৰী আৰু শীৰ্ষ বিষয়া উপস্থিত আছিল । ১১-১২ নৱেম্বৰত ভূটান ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব । ভূটানৰ ৰজা জিগমে চিংগে ৱাংচুকৰ ৭০ সংখ্যক জন্মদিন উদযাপনতো অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ

দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ এজন

-দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ

-মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰম্ভ এক্সন

-বিতৰ্কিত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ প্ৰথমজন অভিযুক্ত

-অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ

-দিল্লীৰ ঘটনাৰ পিছতে সামাজিক মাধ্যমত কৰিছিল বিতৰ্কিত মন্তব্য

কাছাৰৰ বাছকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নজৰুল ইছলাম বৰভূঞা

-দিল্লীৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰা কোনো সাৰি নাযাব

-সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান ভূটানত থকা প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ দোষীক ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছে । দিল্লী বোমা বিস্ফোৰণক ষড়যন্ত্ৰ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীৰ । লগতে নিশা তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগত থকাৰ লগতে বিস্ফোৰণৰ সৈতে জড়িত তথ্য লৈ থাকে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হয় এই বোমা বিস্ফোৰণ আৰু নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ভূটানৰ পৰাই তেওঁ দিল্লী বোমা বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত বিবৃতি দিছিল ।

“দোষীক ৰেহাই দিয়া নহ’ব”

থিম্ফুত এক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই আজি গধুৰ হৃদয়েৰে ইয়ালৈ আহিছো । সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক কাণ্ডই সকলোকে গভীৰভাৱে দুখ দিছে । ভুক্তভোগী পৰিয়ালসমূহৰ দুখ মই বুজি পাওঁ । আজি সমগ্ৰ ৰাষ্ট্ৰ তেওঁলোকৰ সৈতে থিয় দিছে । এই ঘটনাৰ তদন্ত কৰা সকলো সংস্থাৰ সৈতে আৰু ইয়াৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে মই সমগ্ৰ ৰাতি যোগাযোগত আছিলো । আমাৰ সংস্থাসমূহে এই ষড়যন্ত্ৰ ফাদিল কৰিব । এই ষড়যন্ত্ৰৰ আঁৰৰ অপৰাধীক ৰেহাই দিয়া নহ’ব ।”

মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি-

দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সন্ধিয়া বোমা বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । তদন্তকাৰী সংস্থাই এই বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এই বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে ফৰিদাবাদত চোৰাংচোৱা সংস্থাসমূহে এটা সন্ত্ৰাসবাদী মডিউল ধ্বংস কৰি প্ৰায় তিনি কুইণ্টল এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰিছিল । তদন্তকাৰী সংস্থাসমূহে সন্দেহ কৰিছে যে দিল্লী বিস্ফোৰণৰ সৈতেও ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলৰ সম্পৰ্ক আছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰখনকে ধৰি দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই ঘটনা সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচা, এন আই এৰ ডি জি সদানন্দ বসন্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে । জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাতেও ভাৰ্চুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে ।

দিল্লী বিস্ফোৰণৰ তদন্ত কৰিব এন আই এয়ে-

বৈঠকত শীৰ্ষ বিষয়াসকলে দিল্লী বিস্ফোৰণৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে । বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে দিল্লী বিস্ফোৰণৰ তদন্ত এন আই এ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ হাতত অৰ্পণ কৰে । উল্লেখ্য যে,  সোমবাৰে সন্ধিয়া ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক চিগনেলত এখন গাড়ীত হোৱা বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো বাহন ধ্বংস হয় আৰু আন কেইবাজনো লোক আহত হয় ।

বিস্ফোৰণত নিহত ৬ জন লোকক চিনাক্ত

দিল্লীত বিস্ফোৰণৰ পিছত সোমবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰে । দিল্লী বিস্ফোৰণত নিহত ১২ জন লোকৰ ভিতৰত ৬ জনক চিনাক্ত কৰা হৈছে । ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব তিনিটা মৃতদেহ । সতৰ্কতাৰে দিল্লী মেট্ৰ’ৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ আৰু ৪ নং গেট বন্ধ কৰা হৈছে । লালকিল্লালৈ যোৱা সকলো পথ বন্ধ কৰি দিয়া হৈছে আৰু লালকিল্লাত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে ফৰেনছিক দলে ।

সোমবাৰৰ নিশাৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে প্ৰথমে বিস্ফোৰক আইনৰ কিছু ধাৰাত গোচৰ ৰুজু কৰে । অৱশ্যে অধিক তদন্তৰ অন্তত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে । ঘটনাস্থলীত দিল্লী আৰক্ষী, ফৰেনছিক দল আৰু নেশ্যনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি) উপস্থিত হৈ প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে । দিল্লীৰ জনবহুল অঞ্চল, যেনে বাছ ষ্টেচন, ৰেল ষ্টেচনত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিস্ফোৰণৰ সৈতে জড়িত চাৰিজন সন্দেহযুক্ত লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী

লালকিল্লা বিস্ফোৰণৰ পিছত দিল্লী আৰক্ষীৰ প্ৰথম বিবৃতি

লালকিল্লা বিস্ফোৰণৰ পিছত দিল্লী আৰক্ষীৰ প্ৰথম বিবৃতি

দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সন্ধিয়া এখন গাড়ীত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পিছতে দিল্লীত হাই এলাৰ্টত জাৰি কৰা হৈছে।দিল্লী আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে।

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে। এই সময়ত বিষয়টোৰ ওপৰত মন্তব্য কৰাটো অনুচিত হ’ব।

এফ এছ এলৰ বিষয়া মহম্মদ ৱাহিদে কয় যে নমুনাবোৰ পৰীক্ষাগাৰলৈ লৈ যোৱা হ’ব, আৰু তাৰ পিছতহে আমি যিকোনো কথা নিশ্চিত কৰিব পাৰিম…সকলো তদন্তৰ পিছতহে গম পোৱা যাব।

ডিচিপি নৰ্থ ৰাজা বান্থিয়াই কয় যে, “বৰ্তমান তদন্ত চলি আছে। আমি কোনো কথাৰ ওপৰত নিৰ্ণায়ক মন্তব্য দিব নোৱাৰো। এফ এছ এলে বিস্ফোৰণৰ লেখ-জোখ বিচাৰিছে। আমি দৃশ্যটো পৰীক্ষা কৰি আছো।”

ডিচিপি উত্তৰ ৰাজা বান্থিয়াই কয়, “কোতৱালি থানাত এফআইআৰ ৰুজু কৰা হৈছে। ইউএপিএ, বিস্ফোৰক আইন আৰু বিএনএছৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে”।

‘ঘটনাস্থলীত এন এছ জি, দিল্লী আৰক্ষী আৰু এফ এছ এলৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাস্থলীৰ তদন্ত অব্যাহত আছে’।

‘ বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখনত শৰীৰৰ কিছু অংশও পোৱা গৈছে। এফ এছ এলৰ দলটোৱে সংগ্ৰহ কৰিছে।’

লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি