বহুবিবাহ কৰিলেই জেল নিশ্চিত!
দেওবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত গ্ৰহণ কৰা হয় এক বৃহৎ সিদ্ধান্ত । ৰাজ্যিক কেবিনেটে বহু বিবাহ নিষিদ্ধ কৰা বিধেয়কত অনুমোদন জনায় । এই বিধেয়কখনত বহু বিবাহত লিপ্ত হোৱা অপৰাধীক সাত বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনত থকা অঞ্চলসমূহৰ বাবে কিছু ৰেহাই থাকিব পাৰে ।
দেওবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুবিবাহ নিষিদ্ধ কৰা বিধেয়কত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে বহু বিবাহৰ বলি হোৱা মহিলাসকলক ক্ষতিপূৰণ দিয়াৰ বাবেও চৰকাৰে নতুন পুঁজি স্থাপন কৰিব যাতে তেওঁলোকে অসুবিধা নোহোৱাকৈ জীৱনটো কটাব পাৰে । তদুপৰি এই মহিলাসকলে সময়ে সময়ে চৰকাৰী সাহায্য লাভ কৰিব । এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা জাৰি কৰা হৈছে ।
হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এই বিধেয়কখনৰ নাম হ’ব “The Assam Prohibition of Polygamy Bill, 2025″। ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব এই বিধেয়ক । তেওঁ লগতে কয় যে এই বিধেয়কৰ অধীনত যদি কোনো লোক বহু বিবাহত দোষী সাব্যস্ত হয় তেন্তে তেনে ব্যক্তি সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে । এই বিধেয়কখনে বহুবিবাহৰ বলি হোৱা মহিলাসকলক সকাহ দিব আৰু বহুবিবাহক অগ্ৰাধিকাৰ দিয়াসকলকো দমন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে নাৰীক অসন্মান কৰাসকলক আৰু ৰেহাই দিয়া নহ’ব ।
ইয়াৰ পূৰ্বে ২৭ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে অচিৰেই আইন প্ৰণয়ন কৰা হ’ব । তেওঁ কয় যে বিধেয়কখনত বহুবিবাহ আৰু লাভ জেহাদৰ দৰে প্ৰথাক লক্ষ্য কৰি ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে । দেওবাৰে কেবিনেট বৈঠকত বহুবিবাহ নিষিদ্ধ কৰা বিধেয়কত অনুমোদন জনোৱা হয় ।
লগতে পঢ়ক : জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে ভয়ংকৰ তথ্য…









