জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে ভয়ংকৰ তথ্য

জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে ভয়ংকৰ তথ্য…

জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ তথ্য ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদঙালে ভয়ংকৰ তথ্য । কেৱল জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুতগতিত পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দেওবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত তেওঁ ২০০১

জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ তথ্য

ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদঙালে ভয়ংকৰ তথ্য । কেৱল জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুতগতিত পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দেওবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত তেওঁ ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত অসমত মুছলমান জনসংখ্যা কেনেদৰে বৃদ্ধি পালে তাৰ ওপৰত আলোকপাত কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত ৰাজ্যখনৰ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ বৃদ্ধিৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক । ৰাজ্যৰ সকলো ঠাইতে ক্ৰমাৎ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা । একে সময়তে হিন্দু জনসংখ্যা বৃদ্ধি সকলোতে কমি আহিছে । অসমৰ প্ৰতিটো ব্লকতে মুছলমান জনসংখ্যা বৃদ্ধি পাইছে বুলি কয় তেওঁ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনগাঁথনিৰ পৰিৱৰ্তন কেৱল সংখ্যাত নহয় সম্পদতো হৈছে বুলি উল্লেখ কৰে । তেওঁ কয় যে, সংখ্যা আৰু সম্পদ দুয়োটাতে জনগাঁথনি পৰিৱৰ্তন হৈছে । সম্পদ পৰিৱৰ্তন মানেই হৈছে ধ্বংসৰ ইংগিত । অসমৰ অৰ্থনৈতিক সম্পদত দ্ৰুতগতিত পৰিৱৰ্তন হৈছে । একপ্ৰকাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় আৰম্ভ হৈছে বুলি কয় মুখ্যমন্ত্ৰিী ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই কাৰণেই চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বহুবিবাহৰ পিছত এতিয়া ৰাজ্য চৰকাৰে মাটি বিক্ৰীৰ অনুমতিৰ তদন্তও আৰম্ভ কৰিছে । ইয়াৰ দ্বাৰা ৰাজ্যৰ এটা বিশেষ সম্প্ৰদায়ক কেনেকৈ মাটি বিক্ৰী কৰা হৈছে তাৰেই তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ ।

উল্লেখ্য যে, অসম চৰকাৰে দীৰ্ঘদিন ধৰি মুছলমান সম্প্ৰদায়ে ৰাজ্যত আগ্ৰাসনৰ অভিযোগ উত্থাপন কৰি আহিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰি আহিছে । অসমৰ পৰিসংখ্যা অনুসৰি ২০১১ চনৰ লোকপিয়লত ১ কোটি ২৪ লাখ মুছলমান পোৱা গৈছিল । তদুপৰি ৰাজ্যখনৰ ১১খনতকৈও অধিক জিলা মুছলমান সংখ্যাগৰিষ্ঠ আছিল । কিন্তু বিগত দহ বছৰত এই সংখ্যা ১ কোটি ৪০ লাখলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অন্ন সেৱা আঁচনিৰ শুভাৰম্ভ; ১১৭ টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ