দিল্লী বিস্ফোৰণ: এংগোলাৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

দিল্লী বিস্ফোৰণ: বিদেশৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

দিল্লী বিস্ফোৰণৰ পৰিস্থিতি বুজ ল’লে ৰাষ্ট্ৰপতিয়ে ১০ নৱেম্বৰ সোমবাৰে ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত সমগ্ৰ দেশৰ কেইবাখনো ডাঙৰ চহৰ হাই এলাৰ্টত আছে । এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনা সন্দৰ্ভত

দিল্লী বিস্ফোৰণৰ পৰিস্থিতি বুজ ল’লে ৰাষ্ট্ৰপতিয়ে

১০ নৱেম্বৰ সোমবাৰে ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত সমগ্ৰ দেশৰ কেইবাখনো ডাঙৰ চহৰ হাই এলাৰ্টত আছে । এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনা সন্দৰ্ভত এংগোলাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতিছে । দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ সম্পূৰ্ণ তথ্য লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

দেওবাৰে এংগোলাৰ ৰাজধানী লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু । দক্ষিণ আফ্ৰিকাৰ এই দেশখনলৈ ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ এয়াই আছিল প্ৰথম ৰাজকীয় ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে । ইয়াত উল্লেখ কৰা হৈছে যে এই ভ্ৰমণ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে ।

ইফালে দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ত এক বৃহৎ বৈঠক আৰম্ভ হৈছে । তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহ সচিব, এন আই এৰ সঞ্চালক প্ৰধান, লগতে তদন্তকাৰী সংস্থাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে এই বৈঠকত । ইফালে এই বিস্ফোৰণৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ পিছৰে পৰা ৰাজধানী চহৰ হাই এলাৰ্টত আছে । বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আছে । সন্দেহযুক্ত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সংস্থাসমূহে । লগতে কেইবাটাও স্থানত অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক : বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ