লালকিল্লা বিস্ফোৰণৰ পিছত দিল্লী আৰক্ষীৰ প্ৰথম বিবৃতি
দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সন্ধিয়া এখন গাড়ীত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পিছতে দিল্লীত হাই এলাৰ্টত জাৰি কৰা হৈছে।দিল্লী আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে।
লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে। এই সময়ত বিষয়টোৰ ওপৰত মন্তব্য কৰাটো অনুচিত হ’ব।
এফ এছ এলৰ বিষয়া মহম্মদ ৱাহিদে কয় যে নমুনাবোৰ পৰীক্ষাগাৰলৈ লৈ যোৱা হ’ব, আৰু তাৰ পিছতহে আমি যিকোনো কথা নিশ্চিত কৰিব পাৰিম…সকলো তদন্তৰ পিছতহে গম পোৱা যাব।
ডিচিপি নৰ্থ ৰাজা বান্থিয়াই কয় যে, “বৰ্তমান তদন্ত চলি আছে। আমি কোনো কথাৰ ওপৰত নিৰ্ণায়ক মন্তব্য দিব নোৱাৰো। এফ এছ এলে বিস্ফোৰণৰ লেখ-জোখ বিচাৰিছে। আমি দৃশ্যটো পৰীক্ষা কৰি আছো।”
ডিচিপি উত্তৰ ৰাজা বান্থিয়াই কয়, “কোতৱালি থানাত এফআইআৰ ৰুজু কৰা হৈছে। ইউএপিএ, বিস্ফোৰক আইন আৰু বিএনএছৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে”।
‘ঘটনাস্থলীত এন এছ জি, দিল্লী আৰক্ষী আৰু এফ এছ এলৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাস্থলীৰ তদন্ত অব্যাহত আছে’।
‘ বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখনত শৰীৰৰ কিছু অংশও পোৱা গৈছে। এফ এছ এলৰ দলটোৱে সংগ্ৰহ কৰিছে।’
লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী দিল্লী; লালকিল্লাৰ সমীপত হাহাকাৰ পৰিস্থিতি









