'যুৱ, স্মাৰ্ট আৰু শক্তিশালী...'; অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় মূলৰ উদ্যোগী তথা ৰাজনীতিবিদ বিবেক ৰামাস্বামীক অহায়ো’ৰ গৱৰ্ণৰ পদৰ বাবে নিজৰ “পূৰ্ণ আৰু সম্পূৰ্ণ সমৰ্থন”দিছে। সামাজিক মাধ্যমত এটা পোষ্টত ট্ৰাম্পে লিখিছে যে “বিবেক ৰামাস্বামী ডেকা, শক্তিশালী আৰু স্মাৰ্ট,আৰু তেওঁ সঁচাকৈয়ে আমাৰ দেশখনক ভাল পায়।” ট্ৰাম্পে কয়

বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় মূলৰ উদ্যোগী তথা ৰাজনীতিবিদ বিবেক ৰামাস্বামীক অহায়ো’ৰ গৱৰ্ণৰ পদৰ বাবে নিজৰ “পূৰ্ণ আৰু সম্পূৰ্ণ সমৰ্থন”দিছে।

সামাজিক মাধ্যমত এটা পোষ্টত ট্ৰাম্পে লিখিছে যে “বিবেক ৰামাস্বামী ডেকা, শক্তিশালী আৰু স্মাৰ্ট,আৰু তেওঁ সঁচাকৈয়ে আমাৰ দেশখনক ভাল পায়।”

ট্ৰাম্পে কয় যে, অহায়ো এইখন ৰাজ্য য’ত তেওঁ ২০১৬, ২০২০ আৰু ২০২৪ চনত ডাঙৰ জয়লাভ কৰিছিল,আৰু তেওঁ বিবেকক ব্যক্তিগতভাৱে বহুত ভালকৈ চিনি পায়।

তেওঁ কয় যে,”বিবেকে অৰ্থনীতি বৃদ্ধি, কৰ আৰু নিয়ম হ্ৰাস কৰাৰ ব্যৱস্থাক সমৰ্থন কৰে,’মেড ইন ইউ এছ এ’ক প্ৰচাৰ কৰিবলৈ সীমান্ত সুৰক্ষিত কৰক,আমি সামৰিক বাহিনীক শক্তিশালী কৰাৰ বাবে যুঁজি যাম আৰু আইন-শৃংখলা কঠোৰভাৱে বলবৎ কৰিম।”

বিবেক ৰামাস্বামী, যি চিনচিনাটিৰ বাসিন্দা,চলিত বৰ্ষৰ আৰম্ভণিতে নিজৰ প্ৰচাৰ আৰম্ভ কৰিছিল আৰু সমগ্ৰ ৰাজ্যতে সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে।ইয়াৰ পূৰ্বে তেওঁ ট্ৰাম্প প্ৰশাসনৰ “চৰকাৰী দক্ষতা বিভাগ” পদক্ষেপৰ সহ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক বিশ্লেষকসকলে কয় যে বিবেকৰ ৰাজনৈতিক যাত্ৰা অহায়ো’ৰ পৰা চেনেটত জয়ী হোৱা জে ডি ভেন্স আৰু মৰেনোৰ দৰে হ’ব পাৰে -ট্ৰাম্পৰ সমৰ্থনত দুয়োজনে এক বৃহৎ ৰাজনৈতিক বুষ্ট লাভ কৰিছিল।

লগতে পঢ়ক:ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাৰ চহৰসমূহলৈ সামৰিক বাহিনী প্ৰেৰণক ন্যায়ালয়ৰ অবৈধ আখ্যা