ৰাম মন্দিৰৰ ধ্বজাৰোহণ প্ৰধানমন্ত্ৰী মোদীৰ
মঙলবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ধ্বজাৰোহণ অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰ লগে লগে সম্পূৰ্ণ হয় ৰাম মন্দিৰ । ৰাম মন্দিৰৰ ওপৰত ধ্বজাৰোহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে । অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাক প্ৰণাম কৰে । ভাষণত তেওঁ কয় যে শতিকাজুৰি থকা ঘাঁ আজি উপশম হৈছে ।
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান ৰামময় হৈ পৰিছে । ৰাম ভক্তৰ হৃদয়ত সন্তুষ্টিৰে ভৰি পৰিছে । অপৰিসীম, অলৌকিক আনন্দৰে ভৰি পৰিছে । শতিকাজোৰা ঘাৰ উপশম হৈছে, শতিকাজোৰা যন্ত্ৰণা অৱশেষত স্তব্ধ হৈআছে । শতিকাজোৰা সংকল্পৰ আজি পূৰণ হৈছে । আজি চূড়ান্ত প্ৰসাদ সেই যজ্ঞাৰ, যাৰ জুই পাঁচশ বছৰ ধৰি জ্বলিছিল । আজি সেই যজ্ঞৰ পূৰ্ণাহুতি হৈছে যাৰ অগ্নি পাঁচশ বছৰৰ ধৰি প্ৰজ্বলিত হৈ আছে ।“
প্ৰধানমন্ত্ৰীয়ে কয় যে আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটো হ’ল মেকুলয়ৰ প্ৰভাৱ অত্যধিক আছিল । আমি স্বাধীনতা লাভ কৰিলোঁ, কিন্তু আমি নিজকে হীনমন্যতাৰ অনুভূতিৰ পৰা মুক্ত কৰা নাছিলো । বিদেশী সকলো ভাল আৰু আমাৰ নিজৰ বস্তুৰ অভাৱ আছে বুলি এটা মানসিকতা জগাই তোলা হৈছিল । এই দাস মানসিকতাৰ বাবেই আমি বহিঃৰাষ্ট্ৰৰ পৰা গণতন্ত্ৰ গ্ৰহণ কৰিলোঁ । আমাৰ সংবিধানো বিদেশী দেশৰ পৰা অনুপ্ৰাণিত । আনহাতে সত্যটো হ’ল ভাৰত গণতন্ত্ৰৰ মাতৃ । গণতন্ত্ৰ আমাৰ ডি এন এত আছে ।”
প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে দাসত্বৰ মানসিকতা ইমানেই তীব্ৰ হৈ পৰিল যে ভগৱান ৰামক কাল্পনিক বুলি ঘোষণা কৰা হ’ল । তেওঁ কয়, ‘আমাৰ ব্যৱস্থাৰ প্ৰতিটো দিশতে দাসত্বৰ মানসিকতা শিপাই আছিল । আমি নৌসেনাৰ পতাকাৰ পৰা দাসত্বৰ প্ৰতীক আঁতৰাই ছত্ৰপতি শিৱাজী মহাৰাজৰ উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰিছিলো ।এয়া কেৱল ডিজাইনৰ পৰিৱৰ্তন নহয়;এয়া আছিল মানসিকতা পৰিৱৰ্তিত হোৱাৰ এক মুহূৰ্ত । এইটো এটা ঘোষণা আছিল যে ভাৰত আন কাৰোবাৰ উত্তৰাধিকাৰতকৈ নিজৰ শক্তিৰে চলিব । এই মানসিকতাৰ… দাসত্বই আমাক ‘ৰামত্ব’ক আওকাণ কৰি ৰামক মনেগঢ়া বুলি ক’বলৈ বাধ্য কৰালে । আমি আগন্তুক ১০ বছৰত এই মানসিকতাৰ পৰা নিজকে মুক্ত কৰিব পাৰিম আৰু তেতিয়া ২০৪৭ চনৰ ভিতৰত আমাক উন্নত ভাৰত হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে ।”
লগতে পঢ়ক : দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ









