ৰাম মন্দিৰৰ দান-বৰঙণি চুৰিৰ গোচৰত ৮জনৰ বিৰুদ্ধে এফআইআৰ ৰুজু

অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ কৰাৰ অভিযোগত ৮ জনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। এছ আই টি তদন্তৰ পিছতেই এক্সন আৰম্ভ হৈছে।

অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙণিত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা কেলেংকাৰীৰ গোচৰত এফআইআৰ ৰুজু কৰা হৈছে। এই গোচৰত এছআইটিৰ পৰামৰ্শ অনুসৰি হে এই এফআইআৰ ৰুজু কৰা হৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্যৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ অভিযোগৰ ভিত্তিত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। শ্ৰী কৃষ্ণ মোহনৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে।

এফআইআৰত ৮ জন লোকৰ নাম উল্লেখ কৰা হৈছে। এই এফআইআৰ ৰমাশংকৰ যাদৱ (টিনু যাদৱ), অনুকল্প মিশ্ৰ, অবিনাশ শুক্লা, মনীষ যাদৱ, ৰমাশংকৰ মিশ্ৰ, সুভাষ, কৰুণেশ আৰু লৱকুশ মিশ্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশত বিএনএছ (BNS)ৰ অধীনত ৩০৬, ৩১৬(৫), ৩১৭(৪), ৩১৭(৫), ৬১ আৰু ৩(৫) ধাৰাত এই এফআইআৰ ৰুজু কৰা হৈছে। চুৰি, চুৰি কাৰ্যত সহায় কৰা, আত্মসাৎ , প্ৰৱঞ্চনা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু চৰকাৰী কৰ্মচাৰী বা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দ্বাৰা অপৰাধমূলক ষড়যন্ত্ৰৰ অধীনত বিশ্বাসভংগ কৰাৰ ধাৰাত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। এই গোচৰটো ৰামজন্মভূমি কোটৱালী (থানা)ত ৰুজু কৰা হৈছে।

যিসকল লোকৰ ওচৰৰ পৰা ধন পোৱা গৈছে, সেই সকলোৰে নাম এফআইআৰত অন্তৰ্ভুক্ত কৰা হৈছে। কোৱা হৈছে যে এই গোচৰত ব্যাপক হাৰত গ্ৰেপ্তাৰ কৰা হ’ব। এনে পৰিস্থিতিত এতিয়া পৰৱৰ্তী তদন্ত আৰু সম্ভাৱ্য ব্যৱস্থা গ্ৰহণৰ ওপৰত সকলোৰে চকু নিবদ্ধ হৈ পৰিছে।

ইয়াৰ পিছতে সমাজবাদী পাৰ্টিৰ বিধায়ক ৰবিদাস মহৰোত্ৰই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগৰ দাবী জনায়। তেওঁ কৈছে যে, “অযোধ্যাৰ ৰাম মন্দিৰত চান্দা আৰু প্ৰসাদ চুৰিৰ ক্ষেত্ৰত এফআইআৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ পিছত স্পষ্ট হৈ পৰিছে যে বিষয়টো অতি গুৰুতৰ আৰু ৰাম মন্দিৰত চান্দা চুৰিৰ অভিযোগ উত্থাপন কৰি এফআইআৰ লিখাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এদিনো ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। আমি বিচাৰো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আৰু নিৰপেক্ষ তদন্ত সম্পূৰ্ণ হওক। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।ইমান নিৰাপত্তা আৰু ইমানবোৰ আৰক্ষীৰ উপস্থিতিৰ মাজতো ইমান বৃহৎ চুৰি কেনেকৈ সংঘটিত হ’ল সেয়া নিৰ্ণয় কৰা উচিত, আৰু অপৰাধীসকলক কঠোৰ শাস্তি দিয়া উচিত।”

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমাজনৰ চিইঅ’ৰ; ভাৰতত ৪.১ লাখ কোটি টকা বিনিয়োগৰ ঘোষণা

ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত ৰায়দানৰ ৬বছৰৰ পাছতো পৰা নাই এচপৰাও ইটা ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ে ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ ৫ আগষ্টত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰে ৷ শেহতীয়াকৈ ২৫ নৱেম্বৰত ধ্বজাৰোহণেৰে মন্দিৰৰ নির্মাণকার্য সমাপ্ত কৰে প্রধানমন্ত্রী মোদীয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত আজিলৈকে এচপৰা ইটাও পৰা নাই ৷ মছজিদ নির্মাণৰ বাবে গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে প্রস্তাৱিত ভূমিত মছজিদৰ লগতে এখন চিকিৎসালয়, সামূহিক পাকঘৰ আৰু পুথিভঁৰাল নির্মাণৰ কথা উল্লেখ কৰি এখন নক্সাও প্রদর্শন কৰিছিল ৷

শেহতীয়াকৈ সেই ডিজাইনো নাকচ কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে দিয়া ৫ একৰ ভূমিতকৈ অধিক ভূমিৰ প্রয়োজন বুলি দাবী কৰি ভূমি অধিগ্রহণৰ সমস্যাৰ বাবে কাম আগবঢ়াব পৰা নাই বুলি কয় ট্রাষ্টৰ বিষয়ববীয়াই ৷ তেওঁ অৱশ্যে ২০২৬ চনৰ এপ্রিলত নির্মাণকার্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয় ৷

লগতে পঢ়ক : সোণাগাছিত এছ আই আৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

উপদেশৰ প্ৰয়োজন নাই… অযোধ্যাক লৈ মন্তব্য দিয়া পাকিস্তানক ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ

অযোধ্যাক লৈ মন্তব্য দিয়া পাকিস্তানক প্ৰত্যুত্তৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰাক লৈ পাকিস্তানে অনৰ্গল বিৰূপ মন্তব্য কৰি আহিছে । চুবুৰীয়া দেশখনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমি তেওঁলোকৰ মন্তব্যক সেই অৱজ্ঞাৰে নাকচ কৰিছোঁ যিমানখিনি তেওঁলোকৰ প্ৰাপ্য ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কুসংস্কাৰ, দমন আৰু সংখ্যালঘুৰ ওপৰত ব্যৱস্থাগত নিৰ্যাতনৰ অসংখ্য অভিলেখ থকা পাকিস্তানৰ আনক উপদেশ দিয়া কোনো নৈতিক অধিকাৰ নাই । তেওঁ কয় যে ভণ্ডামি প্ৰচাৰৰ পৰিৱৰ্তে পাকিস্তানে নিজৰ মানৱ অধিকাৰৰ দুৰ্বল অভিলেখৰ ওপৰত গুৰুত্ব দিব লাগে ।

কি কৈছিল পাকিস্তানে ?

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ কাৰ্যক ইছলামোফ’বিয়াৰ কাম আৰু ঐতিহ্যক গুৰুতৰ অপমান বুলি অভিহিত কৰে । পাকিস্তানে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত হেঁচা প্ৰয়োগৰ বৃহত্তৰ আৰ্হি আৰু হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰভাৱত মুছলমান সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য নিৰ্মূল কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা প্ৰতিফলিত হয় ।

চীনলৈ ভাৰতৰ স্পষ্ট বাৰ্তা-

প্ৰেমা থাংডক বিষয়ত ভাৰতে চীনলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰি অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ বুলি স্পষ্ট কৰি দিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৈধ পাছপ’ৰ্ট লৈ জাপানলৈ যোৱা অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় নাগৰিকক স্বেচ্ছাচাৰীভাৱে আটক কৰাৰ বাবে ভাৰতে তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে । তেওঁ লগতে কয় যে চীনে যিমানেই অস্বীকাৰ নকৰক কিয় অৰুণাচল প্ৰদেশৰ ভাৰতীয় পৰিচয় সলনি কৰিব নোৱাৰি ।

লগতে পঢ়ক : চাংহাই বিমানবন্দৰৰ ঘটনাক লৈ চীনক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

গণতন্ত্ৰ আমাৰ ডি এন এত আছে… ৰাম মন্দিৰৰ ধ্বজাৰোহণ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাম মন্দিৰৰ ধ্বজাৰোহণ প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ধ্বজাৰোহণ অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰ লগে লগে সম্পূৰ্ণ হয় ৰাম মন্দিৰ । ৰাম মন্দিৰৰ ওপৰত ধ্বজাৰোহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে । অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাক প্ৰণাম কৰে । ভাষণত তেওঁ কয় যে শতিকাজুৰি থকা ঘাঁ আজি উপশম হৈছে ।

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান ৰামময় হৈ পৰিছে । ৰাম ভক্তৰ হৃদয়ত সন্তুষ্টিৰে ভৰি পৰিছে । অপৰিসীম, অলৌকিক আনন্দৰে ভৰি পৰিছে । শতিকাজোৰা ঘাৰ উপশম হৈছে, শতিকাজোৰা যন্ত্ৰণা অৱশেষত স্তব্ধ হৈআছে । শতিকাজোৰা সংকল্পৰ আজি পূৰণ হৈছে । আজি চূড়ান্ত প্ৰসাদ সেই যজ্ঞাৰ, যাৰ জুই পাঁচশ বছৰ ধৰি জ্বলিছিল । আজি সেই যজ্ঞৰ পূৰ্ণাহুতি হৈছে যাৰ অগ্নি পাঁচশ বছৰৰ ধৰি প্ৰজ্বলিত হৈ আছে ।“

প্ৰধানমন্ত্ৰীয়ে কয় যে আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটো হ’ল মেকুলয়ৰ প্ৰভাৱ অত্যধিক আছিল । আমি স্বাধীনতা লাভ কৰিলোঁ, কিন্তু আমি নিজকে হীনমন্যতাৰ অনুভূতিৰ পৰা মুক্ত কৰা নাছিলো । বিদেশী সকলো ভাল আৰু আমাৰ নিজৰ বস্তুৰ অভাৱ আছে বুলি এটা মানসিকতা জগাই তোলা হৈছিল । এই দাস মানসিকতাৰ বাবেই আমি বহিঃৰাষ্ট্ৰৰ পৰা গণতন্ত্ৰ গ্ৰহণ কৰিলোঁ । আমাৰ সংবিধানো বিদেশী দেশৰ পৰা অনুপ্ৰাণিত । আনহাতে সত্যটো হ’ল ভাৰত গণতন্ত্ৰৰ মাতৃ । গণতন্ত্ৰ আমাৰ ডি এন এত আছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে দাসত্বৰ মানসিকতা ইমানেই তীব্ৰ হৈ পৰিল যে ভগৱান ৰামক কাল্পনিক বুলি ঘোষণা কৰা হ’ল । তেওঁ কয়, ‘আমাৰ ব্যৱস্থাৰ প্ৰতিটো দিশতে দাসত্বৰ মানসিকতা শিপাই আছিল । আমি নৌসেনাৰ পতাকাৰ পৰা দাসত্বৰ প্ৰতীক আঁতৰাই ছত্ৰপতি শিৱাজী মহাৰাজৰ উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰিছিলো ।এয়া কেৱল ডিজাইনৰ পৰিৱৰ্তন নহয়;এয়া আছিল মানসিকতা পৰিৱৰ্তিত হোৱাৰ এক মুহূৰ্ত । এইটো এটা ঘোষণা আছিল যে ভাৰত আন কাৰোবাৰ উত্তৰাধিকাৰতকৈ নিজৰ শক্তিৰে চলিব । এই মানসিকতাৰ… দাসত্বই আমাক ‘ৰামত্ব’ক আওকাণ কৰি ৰামক মনেগঢ়া বুলি ক’বলৈ বাধ্য কৰালে । আমি আগন্তুক ১০ বছৰত এই মানসিকতাৰ পৰা নিজকে মুক্ত কৰিব পাৰিম আৰু তেতিয়া ২০৪৭ চনৰ ভিতৰত আমাক উন্নত ভাৰত হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে ।”

লগতে পঢ়ক : দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ

লাখ লাখ ভক্তই দৰ্শন কৰিলে ৰামলালাক; নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাম-মন্দিৰত ভক্তৰ ভিৰ

নতুন বছৰৰ আৰম্ভণিৰ লগে লগে সমগ্ৰ দেশৰ মন্দিৰসমূহত ভক্তৰ যথেষ্ট ভিৰ দেখা গৈছিল।ভক্তসকলে প্ৰভুৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ সৈতে নৱবৰ্ষক আদৰণি জনাইছে।ভক্তসকলে ৰাতিপুৱা বাৰাণসীৰ জগন্নাথ পুৰী আৰু দিল্লীৰ কালকাজী মন্দিৰৰ দৰে বিখ্যাত মন্দিৰসমূহ শাৰী পাতিছিল।পৰ্যটকৰ ক্ষেত্ৰত অযোধ্যাৰ ৰাম মন্দিৰে ইতিমধ্যে আগ্ৰাক অতিক্ৰম কৰিছে। দেশৰ ডাঙৰ মন্দিৰবোৰত নৱবৰ্ষৰ দিনটোত বিৰ দি বাট নোপোৱা অৱস্থা হৈছিল।  

২০২৫ বৰ্ষৰ প্ৰথম দিনটোত, ভাৰতৰ জনসাধাৰণে মন্দিৰত হিন্দু দেৱ-দেৱীক দৰ্শন কৰাৰ এক নতুন অভিলেখ গঢ়িছে।  জানুৱাৰী ১ তাৰিখে,  ৫ লাখৰো অধিক লোকে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিছে।   একে সময়তে, কাশী বিশ্বনাথ মন্দিৰত ৭ লাখ আৰু উজ্জয়িনীৰ মহাকাল মন্দিৰত ৬ লাখ, অন্ধ্ৰ প্ৰদেশৰ শ্ৰী তিৰুপতি মন্দিৰত ৪ লাখ টকা, উৰিষ্যাৰ শ্ৰী জগন্নাথ মন্দিৰত ৫ লাখ আৰু হৰিদ্বাৰত গংগা নদীৰ ঘাটত ৩ লাখ লোক উপস্থিত হৈছে।

এই বছৰ, তাজমহল ভ্ৰমণ কৰা লোকৰ সংখ্যা আছিল ১৬ কোটি ৭০ লাখ,একে সময়তে, অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা লোকৰ সংখ্যা আছিল ১৮ কোটি ১০ লাখ। এই সংখ্যাটো তাজমহলতকৈ ১কোটি ৪ লাখ বেছি। ভাৰতৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে দেখা গৈছে যে তাজমহলতকৈ অধিক লোক মন্দিৰ দৰ্শন কৰিবলৈ আহিছে।