অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙণি আত্মসাৎ কৰাৰ অভিযোগত ৮ জনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। এছ আই টি তদন্তৰ পিছতেই এক্সন আৰম্ভ হৈছে।
অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙণিত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱা কেলেংকাৰীৰ গোচৰত এফআইআৰ ৰুজু কৰা হৈছে। এই গোচৰত এছআইটিৰ পৰামৰ্শ অনুসৰি হে এই এফআইআৰ ৰুজু কৰা হৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্যৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ অভিযোগৰ ভিত্তিত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। শ্ৰী কৃষ্ণ মোহনৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে।
এফআইআৰত ৮ জন লোকৰ নাম উল্লেখ কৰা হৈছে। এই এফআইআৰ ৰমাশংকৰ যাদৱ (টিনু যাদৱ), অনুকল্প মিশ্ৰ, অবিনাশ শুক্লা, মনীষ যাদৱ, ৰমাশংকৰ মিশ্ৰ, সুভাষ, কৰুণেশ আৰু লৱকুশ মিশ্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশত বিএনএছ (BNS)ৰ অধীনত ৩০৬, ৩১৬(৫), ৩১৭(৪), ৩১৭(৫), ৬১ আৰু ৩(৫) ধাৰাত এই এফআইআৰ ৰুজু কৰা হৈছে। চুৰি, চুৰি কাৰ্যত সহায় কৰা, আত্মসাৎ , প্ৰৱঞ্চনা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু চৰকাৰী কৰ্মচাৰী বা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দ্বাৰা অপৰাধমূলক ষড়যন্ত্ৰৰ অধীনত বিশ্বাসভংগ কৰাৰ ধাৰাত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। এই গোচৰটো ৰামজন্মভূমি কোটৱালী (থানা)ত ৰুজু কৰা হৈছে।
যিসকল লোকৰ ওচৰৰ পৰা ধন পোৱা গৈছে, সেই সকলোৰে নাম এফআইআৰত অন্তৰ্ভুক্ত কৰা হৈছে। কোৱা হৈছে যে এই গোচৰত ব্যাপক হাৰত গ্ৰেপ্তাৰ কৰা হ’ব। এনে পৰিস্থিতিত এতিয়া পৰৱৰ্তী তদন্ত আৰু সম্ভাৱ্য ব্যৱস্থা গ্ৰহণৰ ওপৰত সকলোৰে চকু নিবদ্ধ হৈ পৰিছে।
ইয়াৰ পিছতে সমাজবাদী পাৰ্টিৰ বিধায়ক ৰবিদাস মহৰোত্ৰই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগৰ দাবী জনায়। তেওঁ কৈছে যে, “অযোধ্যাৰ ৰাম মন্দিৰত চান্দা আৰু প্ৰসাদ চুৰিৰ ক্ষেত্ৰত এফআইআৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ পিছত স্পষ্ট হৈ পৰিছে যে বিষয়টো অতি গুৰুতৰ আৰু ৰাম মন্দিৰত চান্দা চুৰিৰ অভিযোগ উত্থাপন কৰি এফআইআৰ লিখাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এদিনো ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই। আমি বিচাৰো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আৰু নিৰপেক্ষ তদন্ত সম্পূৰ্ণ হওক। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।ইমান নিৰাপত্তা আৰু ইমানবোৰ আৰক্ষীৰ উপস্থিতিৰ মাজতো ইমান বৃহৎ চুৰি কেনেকৈ সংঘটিত হ’ল সেয়া নিৰ্ণয় কৰা উচিত, আৰু অপৰাধীসকলক কঠোৰ শাস্তি দিয়া উচিত।”
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমাজনৰ চিইঅ’ৰ; ভাৰতত ৪.১ লাখ কোটি টকা বিনিয়োগৰ ঘোষণা









