ভাৰত ভ্ৰমণলৈ আহিছে আমাজনৰ চিইঅ’ এণ্ডি জেছি।আমাজনৰ চিইঅ’ গৰাকীয়ে আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত তেওঁ ঘোষণা কৰে যে ২০৩০ চনৰ ভিতৰত কোম্পানীটোৱে ভাৰতত ৪৮ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব।
আমাজনৰ চিইঅ’ (CEO) এণ্ডি জেছীয়ে (Andy Jassy) বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰৰ সময়তে কোম্পানীটোৱে ভাৰতত এক বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টৰ জৰিয়তে এই বিনিয়োগৰ বিষয়ে জনোৱাৰ লগতে কয় যে ইয়াৰ ফলত যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ মুকলি হ’ব।
আমেৰিকান টেক কোম্পানী আমাজনে জনোৱা মতে, ২০২৬ চনৰ পৰা ২০৩০ চনৰ ভিতৰত কোম্পানীটোৱে ভাৰতত মুঠ ৪৮ বিলিয়ন ডলাৰ (প্ৰায় ৪.১ লাখ কোটি টকা) বিনিয়োগ কৰিব। এই নতুন বিনিয়োগৰ সৈতে ২০২৬-২০৩০ চনৰ ভিতৰত ভাৰতত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰত আমাজনৰ মুঠ বিনিয়োগ ২১ বিলিয়ন ডলাৰতকৈ অধিক হ’ব। কোম্পানীটোৰ মতে, কোনো গোলকীয় টেক কোম্পানীয়ে ভাৰতৰ এআই আৰু ক্লাউড খণ্ডত কৰা এয়া অন্যতম বৃহৎ বিনিয়োগ।
আমাজনে লগতে প্ৰকাশ কৰে যে ২০১০ চনৰ পৰা ২০৩০ চনৰ ভিতৰত ভাৰতত তেওঁলোকৰ মুঠ বিনিয়োগ ৮৮ বিলিয়ন ডলাৰতকৈ অধিক হ’বগৈ। ইয়াৰ ভিতৰত ই-কমাৰ্চ, কুইক কমাৰ্চ, ডাটা চেন্টাৰ, AI, ক্লাউড চাৰ্ভিচ, লজিষ্টিকছ আৰু অন্যান্য ব্যৱসায় অন্তৰ্ভুক্ত আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই সাক্ষাৎ সন্দৰ্ভত লিখিছে যে এণ্ডি জেছীৰ সৈতে হোৱা বৈঠকখন অতি সুন্দৰ আছিল আৰু তেওঁ আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ বিনিয়োগক আদৰণি জনাইছে। প্ৰধানমন্ত্ৰীৰ মতে:”এই বিনিয়োগে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। ইয়াৰ লগতে ই প্ৰমাণ কৰে যে ভাৰতত বিনিয়োগ কৰিবলৈ সমগ্ৰ বিশ্বই আগ্ৰহ প্ৰকাশ কৰিছে।”
আমাজনৰ এই বিনিয়োগ এনে এটা সময়ত আহিছে যি সময়ত বিশ্বৰ প্ৰায় আটাইবোৰ ডাঙৰ টেক কোম্পানীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলাৰ বাবে বিলিয়ন বিলিয়ন ডলাৰ খৰচ কৰিছে। এআই মডেলসমূহ চলোৱাৰ বাবে বৃহৎ ডাটা চেন্টাৰ, হাই-পাৰফৰ্মেন্স ছাৰ্ভাৰ আৰু ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয়। আমাজনৰ ক্লাউড সেৱা AWS (Amazon Web Services) ইতিমধ্যে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ক্লাউড কোম্পানী আৰু এতিয়া ভাৰততো ইয়াৰ ক্ষমতা বৃদ্ধি কৰা হ’ব।
এই বিনিয়োগৰ ফলত ভাৰতীয় ষ্টাৰ্ট-আপ, চৰকাৰী প্ৰতিষ্ঠান আৰু ডাঙৰ কোম্পানীসমূহ উপকৃত হ’ব, কাৰণ তেওঁলোকে দেশৰ ভিতৰতে অধিক ক্লাউড ক্ষমতা আৰু এআই সেৱা লাভ কৰিব।
ভাৰতত কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী, দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল ব্যৱসায় আৰু এআই গ্ৰহণ কৰাৰ গতি আমাজনৰ বাবে এক ডাঙৰ সুযোগ হিচাপে বিবেচিত হৈছে। সেইবাবেই কোম্পানীটোৱে ইয়াত কেৱল অনলাইন শ্বপিং বা ই-কমাৰ্চতে সীমাবদ্ধ নাথাকি এআই, ক্লাউড আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰতো দীৰ্ঘম্যাদী খেল খেলিব বিচাৰিছে।
লগতে পঢ়ক: বাণিজ্যিক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ









