হ্ৰাস পালে আইফোন ১৪ৰ মূল্য;  Amazon এ পুনৰ বাৰ কমালে দাম

আইফোন ১৪

আইফোন কিনাৰ কথা আহিলে প্ৰথমে মনলৈ আহে বাজেট।আইফোন মানে এটা দামী স্মাৰ্টফোন যিটো কিনিবলৈ কমেও ১ লাখ টকা খৰচ হ’ব।

যদি আপুনিও আইফোন ব্যয়বহুল বুলিয কিনিব পৰা নাই, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ।২০ হাজাৰতকৈও কম মূল্যত এতিয়াই এপল আইফোন কিনিব পাৰিব আপুনি।

আইফোন ১৬ ছিৰিজ আৰু আইফোন ১৬ই ​​মুকলি কৰাৰ পিছৰে পৰা এপলে পুৰণি আইফোন ১৪ ৰ মূল্য বহু পৰিমাণে হ্ৰাস কৰিছে।

যদি আপুনি আইফোন ১৫ বা আইফোন ১৬ কিনিব নোৱাৰে তেন্তে এতিয়া এইটো আইফোন কিনিব পাৰিব।এই আইফোনটো অলপ পুৰণি যদিও আজিও ই বহু প্ৰিমিয়াম এণ্ড্ৰইড স্মাৰ্টফোনক কঠিন প্ৰতিযোগিতা প্ৰদান কৰে।এতিয়া খুব কম মূল্যত কিনিব পাৰিব আইফোন ।

আইফোনৰ মূল্যত ডাঙৰ হ্ৰাস

আমাজনে নিজৰ কোটি কোটি গ্ৰাহকক আইফোন ১৪ ছিৰিজৰ ডাঙৰ ডাঙৰ অফাৰ আগবঢ়াইছে।আমাজনত আইফোন ১৪ ২৫৬জিবিৰ মূল্য ৭৯,৯৯৯ টকা ।

অৱশ্যে ইয়াক অতি কম দামত কিনিব পাৰিব।ইয়াৰ ওপৰত আমাজনে গ্ৰাহকক ১৯% ৰেহাই দিছে।এই অফাৰৰ পিছত এতিয়া ইয়াৰ মূল্য মাত্ৰ ৬৪,৯০০ টকা হৈছে গৈ। ইয়াৰ ওপৰত আমাজনেও ১৯৪৭ টকাৰ কেছবেকো দিছে।

জানিব পৰা মতে ২০ হাজাৰ টকাতকৈ কম মূল্যত আইফোন ১৪ ২৫৬জিবি কিনাৰ সুযোগ আছে।অৱশ্যে আমাজনৰ এক্সচেঞ্জ অফাৰৰ সুবিধা ল’লেহে এই সুযোগ পাব।

যদি আপোনাৰ হাতত পুৰণি স্মাৰ্টফোন আছে তেন্তে ৬১,৬৫৫ টকা পৰ্যন্ত বিনিময় কৰিব পাৰিব।আপুনি মনত ৰাখিব লাগিব যে আপোনাৰ পুৰণি ফোনটোৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি বিনিময় মূল্য দিয়া হ’ব।

অৱশ্যে এক্সচেঞ্জ অফাৰত যদি আপুনি ৪০-৪৫ হাজাৰ টকা ৰাহি কৰে তেন্তে ২০ হাজাৰতকৈও কম মূল্যত এই ফোনটো পাব।

লগতে পঢ়ক: কপালত চন্দনৰ তিলক,হাতত হনুমানজী; ১০০০ বছৰ পুৰণি মন্দিৰত অনুষ্কা-বিৰাটৰ পূজা

Amazon ৰ ডাঙৰ প্ৰস্তুতি,ভাৰতত আৰম্ভ হ’ব চেটেলাইট ইন্টাৰনেট; ইলন মাস্কৰ সৈতে কৰিব প্ৰতিযোগিতা

প্ৰযুক্তি খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে।শেহতীয়াকৈ টেলিকম খণ্ডটো দ্ৰুতগতিত বৃদ্ধি পাইছে।এতিয়া সমগ্ৰ বিশ্বৰ বিভিন্ন টেক কোম্পানীয়ে ভাৰতীয় টেলিকম বজাৰত চকু ৰাখিছে।

প্ৰতিটো টেক জায়ান্টে ভাৰতত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।দীৰ্ঘদিন ধৰি ইলন মাস্কৰ ষ্টাৰলিংক কোম্পানীয়ে ভাৰতত সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আহিছে।অৱশ্যে এতিয়া আমাজনৰ মালিক জেফ বেজোছে ইলন মাস্কক প্ৰত্যাহ্বানৰ পৰিকল্পনা কৰিছে।

ষ্টাৰলিংকৰ পিছত এতিয়া আমাজনেও ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।আমাজনে নিজৰ কুইপাৰ প্ৰকল্পৰ জৰিয়তে ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।আমাজনৰ এই পদক্ষেপে ইলন মাস্কৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ আমাজনে দূৰসংযোগ বিভাগৰ কাষ চাপিছে বুলি খবৰ আহিছে।

ভাৰতত প্ৰজেক্ট কুইপাৰ আৰম্ভ কৰিবলৈ অনুমোদন ল’বলৈ কিমান সময় লাগিব সেই বিষয়ে জানিবলৈ কোম্পানীটোৱে যোগাযোগ কৰিছে।

কুইপাৰে ষ্টাৰলিংকৰ পূৰ্বে ভাৰতত চেটেলাইট ইণ্টাৰনেটৰ বাবে আবেদন কৰিছিল।কিন্তু, এতিয়াও অনুমোদন হোৱা নাই।

প্ৰজেক্ট কুইপাৰৰ জৰিয়তে আমাজনে ভাৰতৰ দুখন প্ৰধান চহৰ মুম্বাই আৰু চেন্নাইত ১০টা গ্ৰাউণ্ড ষ্টেচন আৰু দুটা বৃহৎ হাব নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

আমাজনৰ এই উপগ্ৰহ ইণ্টাৰনেটৰ কেন্দ্ৰবিন্দু ভাৰতৰ সেই ঠাইবোৰত হ’ব য’ত আজিও ইণ্টাৰনেটৰ ব্যৱহাৰ নগণ্য বা অস্তিত্বহীন।

আমাজনৰ প্ৰজেক্ট কুইপাৰ ২০১৯ চনত আৰম্ভ হৈছিল।এই প্ৰকল্পৰ অধীনত কোম্পানীটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰায় ৩২৩৬টা উপগ্ৰহ স্থাপন কৰিব।

এই প্ৰকল্পৰ বাবে আমাজনে আমেৰিকাৰ ফেডাৰেল কমিউনিকেচন কমিছনৰ পৰা অনুমোদন লাভ কৰিছে।

ইলন মাস্কৰ ষ্টাৰলিংকক প্ৰত্যাহ্বান জনাবলৈ সাজু আমাজন… উৎক্ষেপণ কৰিলে প্ৰথমটো ইন্টাৰনেট উপগ্ৰহ

ই-কমাৰ্চৰ বিশাল কোম্পানী আমাজনে এতিয়া ইণ্টাৰনেট চেটেলাইট খণ্ডতো প্ৰৱেশ কৰিছে । সোমবাৰে কোম্পানীটোৱে প্ৰথমটো ইন্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰে । ইলন মাস্কৰ ষ্টাৰলিংকৰ পিছতে নক্ষত্ৰমণ্ডলৰ বজাৰত এয়া নতুন প্ৰৱেশ । বৰ্তমান এই ক্ষেত্ৰত ষ্টাৰলিংকে আধিপত্য বিস্তাৰ কৰিছে । ইউনাইটেড লঞ্চ এলায়েন্সৰ এটলাছ ভি ৰকেটে আমাজনৰ প্ৰজেক্ট কুইপাৰৰ ২৭টা উপগ্ৰহৰ সৈতে উৰা মাৰি কক্ষপথত স্থাপন কৰে । এই উপগ্ৰহসমূহ প্ৰায় ৬৩০ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব ।

যোৱা বছৰ কৰিছিল পৰীক্ষণ-

ইয়াৰ পূৰ্বে ২০২৩ চনত আমাজনে পৰীক্ষাৰ বাবে দুটা উপগ্ৰহ উৎক্ষেপণ কৰিছিল । প্ৰকল্প বিষয়াসকলে কয় যে পৰীক্ষণৰ পিছত উপগ্ৰহসমূহত বৃহৎ পৰিৱৰ্তন কৰা হৈছে আৰু ইয়াৰ নতুন সংস্কৰণ প্ৰস্তুত কৰা হৈছে । নতুন উপগ্ৰহে যাতে মহাকাশচাৰীসকলক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে মিৰৰ ফিল্মেৰে আবৃত কৰা হৈছে । একে সময়তে বহু বিজ্ঞানীয়ে নক্ষত্ৰমণ্ডলত ইণ্টাৰনেট উপগ্ৰহৰ দৌৰক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ ফলত পৃথিৱীৰ নিম্ন কক্ষপথত উপগ্ৰহৰ অতিমাত্ৰা ভিৰ হ’ব বুলিও কৈছে । ইয়াৰ লগত উপগ্ৰহৰ সংঘৰ্ষৰ আশংকাও আছে ।

ইলন মাস্কৰ ষ্টাৰলিংকৰ সৈতে প্ৰতিযোগিতা-

জেফ বেজোছৰ ব্লু অৰিজিন নামৰ এটা ৰকেট কোম্পানীও আছে । বিশ্বৰ প্ৰতিটো কোণলৈ দ্ৰুতবেগী ইন্টাৰনেট প্ৰদানৰ বাবে ৩২০০ৰো অধিক ইণ্টাৰনেট উপগ্ৰহ উৎক্ষেপণ কৰাৰ মনস্থ কৰিছে আমাজনে । ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাজন । ইলন মাস্কৰ স্পেচএক্সে ২০১৯ চনৰ পৰা ৮ হাজাৰৰো অধিক ষ্টাৰলিংক উৎক্ষেপণ কৰিছে ।

দেওবাৰে নিশা কোম্পানীটোৱে ২৫০ সংখ্যক ষ্টাৰলিংক উৎক্ষেপণ কৰে । পৃথিৱীৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ উচ্চতাত এতিয়াও ৭০০০ৰো অধিক ষ্টাৰলিংক উপগ্ৰহ কক্ষপথত আছে । ইউৰোপীয় কোম্পানী ৱানৱেবৰ শ শ উপগ্ৰহ আৰু অধিক উচ্চ কক্ষপথত আছে । প্ৰজেক্ট কুইপাৰৰ বাবে ইউনাইটেড লঞ্চ এলায়েন্স আৰু ব্লু অৰিজিনৰ পৰা ডজন ডজন ৰকেট ক্ৰয় কৰিছে আমাজনে ।

আমাজন অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়, ইয়াৰ ৰহস্য কি ?

আমাজন বনাঞ্চল দক্ষিণ আমেৰিকাত বিয়পি আছে, এই অৰণ্য পৃথিৱীৰ অন্যতম বৃহৎ বৰ্ষাৰণ্য । ইয়াক পৃথিৱীৰ হাওঁফাওঁ বুলিও কোৱা হয় আৰু ইয়াৰ কাৰণো অতি বিশেষ । দৰাচলতে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা আমাজন বনাঞ্চল কেৱল এখন অৰণ্য নহয় বৰঞ্চ সমগ্ৰ বিশ্ব তথা মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ । আমাজন অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় আৰু পৰিবেশৰ বাবে ই কিয় ইমান গুৰুত্বপূৰ্ণ সেই বিষয়ে জানো আহক ।

আমাজনৰ অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় ?

আমাজন বৰ্ষাৰণ্য প্ৰায় ৫৫ লাখ বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে, এই অৰণ্যখন বিশ্বৰ অন্যতম বৃহৎ জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰ । ৪০০ বিলিয়নতকৈও অধিক গছ-গছনি থকা এই অৰণ্য চৰাই, জীৱ-জন্তু, পোক-পৰুৱাকে ধৰি এক কোটিৰো অধিক প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান । ইয়াৰ উপৰিও আমাজন অৰণ্যই পৃথিৱীত এক বিশেষ পৰিৱেশ তন্ত্ৰ হিচাপে কাম কৰে, যিয়ে জলবায়ু সুস্থিৰ কৰি ৰখাত সহায় কৰে ।

আমাজন অৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় কাৰণ এই বিশাল অঞ্চলটোৱে বায়ুমণ্ডলত অক্সিজেন উৎপন্ন কৰি কাৰ্বন ডাই অক্সাইড শোষণ কৰে, ঠিক আমাৰ শৰীৰৰ হাওঁফাওঁৰ দৰে । এই প্ৰক্ৰিয়া সালোক সংশ্লেষণৰ দ্বাৰা সংঘটিত হয়, য’ত গছ-গছনিয়ে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি অক্সিজেন উৎপাদন কৰে ।

আপুনি জানি আচৰিত হ’ব যে আমাজন অৰণ্য বিশ্বৰ বায়ুমণ্ডলত ২০% পৰ্যন্ত অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম । ইয়াৰ বাহিৰেও এই অৰণ্যই বৰষুণৰ পানী শোষণ কৰি পুনৰ পৰিৱেশলৈ এৰি দিয়ে । এই অৰণ্যত এনে জীৱ-জন্তু পোৱা যায় যাৰ বিষয়ে বিজ্ঞানীসকলে এতিয়ালৈকে জানিব পৰা নাই । কিন্তু প্ৰতিদিনে বৃদ্ধি পোৱা বনাঞ্চল ধ্বংস আৰু বনজুইৰ বাবে আমাজন অৰণ্যও এতিয়া বিপদত পৰিছে ।