আমাজন অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়, ইয়াৰ ৰহস্য কি ?

আমাজন বনাঞ্চল দক্ষিণ আমেৰিকাত বিয়পি আছে, এই অৰণ্য পৃথিৱীৰ অন্যতম বৃহৎ বৰ্ষাৰণ্য । ইয়াক পৃথিৱীৰ হাওঁফাওঁ বুলিও কোৱা হয় আৰু ইয়াৰ কাৰণো অতি বিশেষ । দৰাচলতে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা আমাজন বনাঞ্চল কেৱল এখন অৰণ্য নহয় বৰঞ্চ সমগ্ৰ বিশ্ব

আমাজন বনাঞ্চল দক্ষিণ আমেৰিকাত বিয়পি আছে, এই অৰণ্য পৃথিৱীৰ অন্যতম বৃহৎ বৰ্ষাৰণ্য । ইয়াক পৃথিৱীৰ হাওঁফাওঁ বুলিও কোৱা হয় আৰু ইয়াৰ কাৰণো অতি বিশেষ । দৰাচলতে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা আমাজন বনাঞ্চল কেৱল এখন অৰণ্য নহয় বৰঞ্চ সমগ্ৰ বিশ্ব তথা মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ । আমাজন অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় আৰু পৰিবেশৰ বাবে ই কিয় ইমান গুৰুত্বপূৰ্ণ সেই বিষয়ে জানো আহক ।

আমাজনৰ অৰণ্যক কিয় পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় ?

আমাজন বৰ্ষাৰণ্য প্ৰায় ৫৫ লাখ বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে, এই অৰণ্যখন বিশ্বৰ অন্যতম বৃহৎ জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰ । ৪০০ বিলিয়নতকৈও অধিক গছ-গছনি থকা এই অৰণ্য চৰাই, জীৱ-জন্তু, পোক-পৰুৱাকে ধৰি এক কোটিৰো অধিক প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান । ইয়াৰ উপৰিও আমাজন অৰণ্যই পৃথিৱীত এক বিশেষ পৰিৱেশ তন্ত্ৰ হিচাপে কাম কৰে, যিয়ে জলবায়ু সুস্থিৰ কৰি ৰখাত সহায় কৰে ।

আমাজন অৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় কাৰণ এই বিশাল অঞ্চলটোৱে বায়ুমণ্ডলত অক্সিজেন উৎপন্ন কৰি কাৰ্বন ডাই অক্সাইড শোষণ কৰে, ঠিক আমাৰ শৰীৰৰ হাওঁফাওঁৰ দৰে । এই প্ৰক্ৰিয়া সালোক সংশ্লেষণৰ দ্বাৰা সংঘটিত হয়, য’ত গছ-গছনিয়ে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি অক্সিজেন উৎপাদন কৰে ।

আপুনি জানি আচৰিত হ’ব যে আমাজন অৰণ্য বিশ্বৰ বায়ুমণ্ডলত ২০% পৰ্যন্ত অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম । ইয়াৰ বাহিৰেও এই অৰণ্যই বৰষুণৰ পানী শোষণ কৰি পুনৰ পৰিৱেশলৈ এৰি দিয়ে । এই অৰণ্যত এনে জীৱ-জন্তু পোৱা যায় যাৰ বিষয়ে বিজ্ঞানীসকলে এতিয়ালৈকে জানিব পৰা নাই । কিন্তু প্ৰতিদিনে বৃদ্ধি পোৱা বনাঞ্চল ধ্বংস আৰু বনজুইৰ বাবে আমাজন অৰণ্যও এতিয়া বিপদত পৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ