বাণিজ্যিক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰৰ

বাণিজ্যিক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ

বাণিজ্যিক এলপিজি যোগানৰ ওপৰত সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে দেশৰ ব্যৱসায়ী তথা উদ্যোগ খণ্ডলৈ এক ডাঙৰ সকাহৰ খবৰ । পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকটৰ বাবে বাণিজ্যিক এলপিজি যোগানৰ ওপৰত জাপি দিয়া সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে । কেন্দ্ৰীয়

বাণিজ্যিক এলপিজি যোগানৰ ওপৰত সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে

দেশৰ ব্যৱসায়ী তথা উদ্যোগ খণ্ডলৈ এক ডাঙৰ সকাহৰ খবৰ । পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকটৰ বাবে বাণিজ্যিক এলপিজি যোগানৰ ওপৰত জাপি দিয়া সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ শেহতীয়া এক পৰ্যালোচনা বৈঠকৰ অন্তত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰালয়ৰ সচিব ড° নীৰজ মিত্তলে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এক চৰকাৰী পত্ৰৰ জৰিয়তে এই ঐতিহাসিক সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে ।

ঘৰুৱা গ্ৰাহকৰ সুৰক্ষাৰ বাবে লোৱা হৈছিল পদক্ষেপ

প্ৰেৰিত পত্ৰখনত উল্লেখ কৰা অনুসৰি, পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক সংকটৰ বাবে দেশত গেছ যোগান ব্যৱাহত হোৱাৰ এক চৰম আশংকা দেখা দিছিল । সেই সংকটকালত সাধাৰণ ঘৰুৱা গ্ৰাহকসকলক অবিৰতভাৱে এলপিজি যোগান ধৰাটো নিশ্চিত কৰিবলৈ চৰকাৰে সাময়িকভাৱে বাণিজ্যিক পেকেটজাত এলপিজিৰ যোগান সীমিত কৰিছিল ।

বৰ্তমান পৰিস্থিতি পুনৰীক্ষণ কৰি অ-ঘৰুৱা পেকেটজাত এলপিজিৰ যোগানৰ ওপৰত থকা সকলো খণ্ডভিত্তিক প্ৰতিবন্ধকতা সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে । ইয়াৰ লগে লগে ব্যৱসায়িক খণ্ডত যোগান ব্যৱস্থা সংকট-পূৰ্বৰ স্তৰলৈ পুনঃস্থাপন কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

কেন্দ্ৰীয় চৰকাৰে যোগান ব্যৱস্থা সৰল কৰাৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে :

বাল্ক এলপিজি যোগানত শিথিলতা : কেৱল চিলিণ্ডাৰেই নহয়, বাল্ক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞাও শিথিল কৰা হৈছে । এতিয়াৰে পৰা গ্ৰাহকে সংকট-পূৰ্ব ব্যৱহাৰ স্তৰৰ ৫০% পৰ্যন্ত বাল্ক এলপিজি পোনপটীয়াকৈ লাভ কৰিব পাৰিব ।

একত্ৰিত কেন্দ্ৰীয় তথ্যভাণ্ডাৰ : ক’লা বজাৰ বন্ধ কৰা আৰু স্বচ্ছতা অনাৰ উদ্দেশ্যে দেশৰ তিনিওটা চৰকাৰী তেল বিপণন কোম্পানীয়ে (IOCL, HPCL, BPCL) সকলো বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকৰ তথ্য নিজৰ ডাটাবেছত সংৰক্ষণ কৰিব লাগিব । সমগ্ৰ খণ্ডটোৰ বাবে এটা একত্ৰিত কেন্দ্ৰীয় তথ্যভাণ্ডাৰো ৰক্ষণাবেক্ষণ কৰা হ’ব ।

পিএনজি ব্যৱহাৰত বিশেষ গুৰুত্ব : যিসকল বাণিজ্যিক বা বাল্ক গ্ৰাহকে ইতিমধ্যে পাইপলাইন প্ৰাকৃতিক গেছ সংযোগলৈ স্থানান্তৰিত হৈছে, তেওঁলোকে পুনৰ এলপিজিলৈ ঘূৰি আহিব নোৱাৰিব, অৰ্থাৎ পিএনজিতেই থাকিব লাগিব ।

স্থানীয় গ্ৰাহকলৈ আহ্বান : যিবোৰ অঞ্চলত পিএনজিৰ স্থানীয় নেটৱৰ্ক বা পাইপলাইন উপলব্ধ আছে, সেই অঞ্চলৰ বাণিজ্যিক এলপিজি গ্ৰাহকসকলক স্থায়ীভাৱে পিএনজিলৈ স্থানান্তৰিত হ’বলৈ চৰকাৰে উৎসাহিত কৰিব ।

হোটেল আৰু উদ্যোগ খণ্ড লাভান্বিত হ’ব

কেন্দ্ৰীয় মন্ত্ৰালয়ে তেল বিপণন কোম্পানী আৰু চহৰ গেছ বিতৰণ সংস্থাসমূহক যৌথভাৱে কাম কৰি এই স্থানান্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে । এই সমগ্ৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ ল’বলৈ মন্ত্ৰালয়ে নিয়মীয়া প্ৰতিবেদনো তলব কৰিব ।

চৰকাৰৰ এই নতুন সিদ্ধান্তৰ ফলত দেশৰ লগতে অসমৰো হোটেল-ৰেস্তোৰাঁ, কেটাৰিং ব্যৱসায় আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ খণ্ডই কেঁচা সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : পুনৰ বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম : আজিৰ পৰা কাৰ্যকৰী হ’ব নতুন দৰ

শেহতীয়া প্ৰৱন্ধসমূহ