১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ 'ক’লা অধ্যায়' : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ ‘ক’লা অধ্যায়’ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰা ব্যক্তিসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাক ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এটা “ক’লা অধ্যায়” বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ২৫ জুন, বৃহস্পতিবাৰে জৰুৰীকালীন অৱস্থাৰ বাৰ্ষিকী উপলক্ষে ছ’চিয়েল মিডিয়াত কৰা এটা

জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰা ব্যক্তিসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাক ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এটা “ক’লা অধ্যায়” বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ২৫ জুন, বৃহস্পতিবাৰে জৰুৰীকালীন অৱস্থাৰ বাৰ্ষিকী উপলক্ষে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতা খৰ্ব কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে এই জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল ।

গণতন্ত্ৰ ৰক্ষাৰ ‘বীৰ যোদ্ধা’সকলক শ্ৰদ্ধাঞ্জলি

জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰা ব্যক্তিসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁলোকক “বীৰ যোদ্ধা” আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে-

“আমি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ সেই ক’লা অধ্যায়টোক স্মৰণ কৰিছোঁ, যেতিয়া ১৯৭৫ চনত দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতা মষিমূৰ কৰাৰ প্ৰয়াসত জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল । গণতন্ত্ৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰা সকলো বীৰ যোদ্ধালৈ মোৰ প্ৰণিপাত ।”

উল্লেখ্য যে, ১৯৭৫ চনৰ ২৫ জুনত ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত তৎকালীন কংগ্ৰেছ চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । এই ক’লা আইন ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে অৰ্থাৎ সুদীৰ্ঘ ২১ মাহ ধৰি বাহাল আছিল । এই সময়ছোৱাত সমগ্ৰ দেশতে সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱাৰ লগতে হাজাৰ হাজাৰ বিৰোধী নেতাক কাৰাগাৰত নিক্ষেপ কৰা হৈছিল ।

কেন্দ্ৰ চৰকাৰৰ ‘সংবিধান হত্যা দিৱস’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ পৰা প্ৰতি বছৰে ২৫ জুন দিনটোক আধিকাৰিকভাৱে ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰী গেজেট অধিসূচনা অনুসৰি, ১৯৭৫ চনৰ এই দিনটোত ক্ষমতাৰ চৰম অপপ্ৰয়োগ কৰা হৈছিল আৰু দেশৰ সাধাৰণ জনসাধাৰণক অকথ্য অত্যাচাৰ তথা উৎপীড়নৰ সন্মুখীন কৰোৱা হৈছিল । আজিৰ দিনটোত সমগ্ৰ দেশতে সেই ভয়াৱহ ইতিহাসক সুঁৱৰি গণতন্ত্ৰ সুৰক্ষাৰ সংকল্প গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : ১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা সংবিধানৰ ওপৰত ‘প্ৰত্যক্ষ আক্ৰমণ’ আছিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শেহতীয়া প্ৰৱন্ধসমূহ