বিপদ বাঢ়িছে টেলিগ্ৰামৰ; চৰকাৰে দিলে ১৫ দিনীয়া আল্টিমেটাম

বৃহৎ পৰিসৰৰ পাইৰেচি সন্দৰ্ভত চৰকাৰে টেলিগ্ৰামলৈ জাননী জাৰি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিগ্ৰামক পাইৰেটেড ছবি আৰু অ’টিটি কন্টেন্টৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ১৫ দিনৰ ভিতৰত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপত শেহতীয়াকৈ এটা নতুন ফিচাৰ ‘ইউজাৰনেম’ আহিছিল, যাৰ পিছৰে পৰা এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। দৰাচলতে, ইউজাৰনেমক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈছিল যাৰ পিছত চৰকাৰে এই ফিচাৰটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। এতিয়া হোৱাটছএপৰ পিছত চৰকাৰে টেলিগ্ৰামকো জাননী জাৰি কৰিছে।

প্ৰকৃততে, ভাৰতত অনলাইন পাইৰেচী ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া মেছেজিং প্লেটফৰ্ম টেলিগ্ৰামৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (Ministry of Information & Broadcasting) টেলিগ্ৰামলৈ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত ইয়াৰ এণ্টি-পাইৰেচী ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে কয় যে প্লেটফৰ্মটোত বৃহৎ পৰিমাণৰ পাইৰেটেড চিনেমা, অ’টিটি (OTT) কণ্টেণ্ট আৰু আন বহুতো কপিৰাইটযুক্ত কণ্টেণ্ট শ্বেয়াৰ কৰা হৈছে, যাৰ ফলত চলচ্চিত্ৰ উদ্যোগ আৰু ক্ৰিয়েটৰ ইকনমিৰ (creator economy) ব্যাপক লোকচান হৈছে।

তথ্য অনুসৰি, মন্ত্ৰালয়ে টেলিগ্ৰামক স্পষ্ট নিৰ্দেশ দিছে যে তেওঁলোকে নিজৰ প্লেটফৰ্মত থকা পাইৰেটেড চলচ্চিত্ৰ আৰু কপিৰাইট উলংঘন কৰা অডিঅ’-ভিডিঅ’ কণ্টেণ্ট চিনাক্ত কৰিবলৈ, সেইবোৰ ৰিপ’ৰ্ট কৰিবলৈ, সেইবোৰলৈ প্ৰৱেশ বন্ধ কৰিবলৈ আৰু সেইবোৰ আঁতৰাবলৈ এক শক্তিশালী ব্যৱস্থা প্ৰস্তুত কৰক।

ইয়াৰ উপৰিও চৰকাৰে বিশ্বাস কৰে যে কেৱল অভিযোগ পোৱাৰ পিছত কণ্টেণ্ট আঁতৰোৱাই যথেষ্ট নহয়। প্লেটফৰ্মটোৱে নিজেও এনে কণ্টেণ্ট চিনাক্ত কৰিবলৈ আৰু সময়মতে আঁতৰাবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিগ্ৰামৰ অভিযোগ নিবাৰণ ব্যৱস্থাৰ সম্পূৰ্ণ তথ্যও বিচাৰিছে। চলচ্চিত্ৰ নিৰ্মাতা, অ’টিটি প্লেটফৰ্ম, ব্ৰডকাষ্টাৰ আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহে পাইৰেটেড কণ্টেণ্টৰ বিৰুদ্ধে কেনেকৈ অভিযোগ দাখিল কৰিব পাৰে আৰু সেই অভিযোগসমূহৰ ওপৰত কিমান সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া চৰকাৰে জানিব বিচাৰে।

চৰকাৰে টেলিগ্ৰামক সেই ব্যৱহাৰকাৰী আৰু নেটৱৰ্কসমূহৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে যিয়ে বাৰে বাৰে পাইৰেটেড কণ্টেণ্ট শ্বেয়াৰ কৰে। ইয়াত কেৱল ব্যক্তিগত একাউণ্টেই নহয় বৰঞ্চ চেনেল, গ্ৰুপ, বট, এডমিন আৰু ইয়াৰ সৈতে জড়িত বহুতো নেটৱৰ্কো অন্তৰ্ভুক্ত আছে। চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে ধাৰাবাহিকভাৱে চলচ্চিত্ৰ আৰু ৱেব চিৰিজৰ পাইৰেটেড কপি ৰাইজৰ মাজলৈ লৈ যোৱা সমগ্ৰ নেটৱৰ্কটোক নিঃশেষ কৰা।

চৰকাৰে টেলিগ্ৰামক ১৫ দিনৰ ভিতৰত এখন সবিশেষ ‘কাৰ্য গ্ৰহণ প্ৰতিবেদন’ (Action Taken Report – ATR) দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এই প্ৰতিবেদনত প্লেটফৰ্মটোৱে জনাব লাগিব যে তেওঁলোকে পাইৰেটেড কণ্টেণ্ট চিনাক্ত কৰিবলৈ, সেইবোৰ ৰোধ কৰিবলৈ আৰু আঁতৰাবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে। যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা নহয়, তেন্তে চৰকাৰে বৰ্তমানৰ আইনী ব্যৱস্থাৰ অধীনত পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণৰ কথা বিবেচনা কৰিব পাৰে। চৰকাৰে টেলিগ্ৰামক জনাইছে যে ভাৰতত এক মধ্যস্থতাকাৰী হিচাপে ই আইটি আইন, ২০০০ (IT Act, 2000) আৰু আইটি নিয়ম, ২০২১ৰ (IT Rules, 2021) অধীনত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগিব।

চৰকাৰে কয় যে এই কাৰ্যপন্থাৰ উদ্দেশ্য হৈছে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰিয়েটৰ ইকনমি, চলচ্চিত্ৰ উদ্যোগ, অ’টিটি প্লেটফৰ্ম, ব্ৰডকাষ্টাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু বিতৰকসকলৰ স্বাৰ্থ ৰক্ষা কৰা। যদি ডিজিটেল প্লেটফৰ্মত পাইৰেটেড কণ্টেণ্ট সহজেই পোৱা যায়, তেন্তে ইয়াৰ ফলত কেৱল কণ্টেণ্ট নিৰ্মাতাসকলৰেই আৰ্থিক লোকচান নহ’ব, বৰঞ্চ এই উদ্যোগটোৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব। সেইবাবেই চৰকাৰে এতিয়া প্লেটফৰ্ম পৰ্যায়ত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; লস্কৰ আৰু জৈছৰ সৈতে জড়িত ২৩ গৰাকীক সন্ত্ৰাসবাদী ঘোষণা

বাণিজ্যিক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ

বাণিজ্যিক এলপিজি যোগানৰ ওপৰত সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে

দেশৰ ব্যৱসায়ী তথা উদ্যোগ খণ্ডলৈ এক ডাঙৰ সকাহৰ খবৰ । পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকটৰ বাবে বাণিজ্যিক এলপিজি যোগানৰ ওপৰত জাপি দিয়া সাময়িক নিষেধাজ্ঞাসমূহ অৱশেষত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ শেহতীয়া এক পৰ্যালোচনা বৈঠকৰ অন্তত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰালয়ৰ সচিব ড° নীৰজ মিত্তলে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এক চৰকাৰী পত্ৰৰ জৰিয়তে এই ঐতিহাসিক সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে ।

ঘৰুৱা গ্ৰাহকৰ সুৰক্ষাৰ বাবে লোৱা হৈছিল পদক্ষেপ

প্ৰেৰিত পত্ৰখনত উল্লেখ কৰা অনুসৰি, পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক সংকটৰ বাবে দেশত গেছ যোগান ব্যৱাহত হোৱাৰ এক চৰম আশংকা দেখা দিছিল । সেই সংকটকালত সাধাৰণ ঘৰুৱা গ্ৰাহকসকলক অবিৰতভাৱে এলপিজি যোগান ধৰাটো নিশ্চিত কৰিবলৈ চৰকাৰে সাময়িকভাৱে বাণিজ্যিক পেকেটজাত এলপিজিৰ যোগান সীমিত কৰিছিল ।

বৰ্তমান পৰিস্থিতি পুনৰীক্ষণ কৰি অ-ঘৰুৱা পেকেটজাত এলপিজিৰ যোগানৰ ওপৰত থকা সকলো খণ্ডভিত্তিক প্ৰতিবন্ধকতা সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে । ইয়াৰ লগে লগে ব্যৱসায়িক খণ্ডত যোগান ব্যৱস্থা সংকট-পূৰ্বৰ স্তৰলৈ পুনঃস্থাপন কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

কেন্দ্ৰীয় চৰকাৰে যোগান ব্যৱস্থা সৰল কৰাৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে :

বাল্ক এলপিজি যোগানত শিথিলতা : কেৱল চিলিণ্ডাৰেই নহয়, বাল্ক এলপিজি যোগানৰ ওপৰত থকা নিষেধাজ্ঞাও শিথিল কৰা হৈছে । এতিয়াৰে পৰা গ্ৰাহকে সংকট-পূৰ্ব ব্যৱহাৰ স্তৰৰ ৫০% পৰ্যন্ত বাল্ক এলপিজি পোনপটীয়াকৈ লাভ কৰিব পাৰিব ।

একত্ৰিত কেন্দ্ৰীয় তথ্যভাণ্ডাৰ : ক’লা বজাৰ বন্ধ কৰা আৰু স্বচ্ছতা অনাৰ উদ্দেশ্যে দেশৰ তিনিওটা চৰকাৰী তেল বিপণন কোম্পানীয়ে (IOCL, HPCL, BPCL) সকলো বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকৰ তথ্য নিজৰ ডাটাবেছত সংৰক্ষণ কৰিব লাগিব । সমগ্ৰ খণ্ডটোৰ বাবে এটা একত্ৰিত কেন্দ্ৰীয় তথ্যভাণ্ডাৰো ৰক্ষণাবেক্ষণ কৰা হ’ব ।

পিএনজি ব্যৱহাৰত বিশেষ গুৰুত্ব : যিসকল বাণিজ্যিক বা বাল্ক গ্ৰাহকে ইতিমধ্যে পাইপলাইন প্ৰাকৃতিক গেছ সংযোগলৈ স্থানান্তৰিত হৈছে, তেওঁলোকে পুনৰ এলপিজিলৈ ঘূৰি আহিব নোৱাৰিব, অৰ্থাৎ পিএনজিতেই থাকিব লাগিব ।

স্থানীয় গ্ৰাহকলৈ আহ্বান : যিবোৰ অঞ্চলত পিএনজিৰ স্থানীয় নেটৱৰ্ক বা পাইপলাইন উপলব্ধ আছে, সেই অঞ্চলৰ বাণিজ্যিক এলপিজি গ্ৰাহকসকলক স্থায়ীভাৱে পিএনজিলৈ স্থানান্তৰিত হ’বলৈ চৰকাৰে উৎসাহিত কৰিব ।

হোটেল আৰু উদ্যোগ খণ্ড লাভান্বিত হ’ব

কেন্দ্ৰীয় মন্ত্ৰালয়ে তেল বিপণন কোম্পানী আৰু চহৰ গেছ বিতৰণ সংস্থাসমূহক যৌথভাৱে কাম কৰি এই স্থানান্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে । এই সমগ্ৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ ল’বলৈ মন্ত্ৰালয়ে নিয়মীয়া প্ৰতিবেদনো তলব কৰিব ।

চৰকাৰৰ এই নতুন সিদ্ধান্তৰ ফলত দেশৰ লগতে অসমৰো হোটেল-ৰেস্তোৰাঁ, কেটাৰিং ব্যৱসায় আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ খণ্ডই কেঁচা সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : পুনৰ বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম : আজিৰ পৰা কাৰ্যকৰী হ’ব নতুন দৰ

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে হেল্পলাইন নম্বৰো জাৰি কৰিছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সদৰী কৰে  যে,পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।ইয়াৰ বাবে হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।মধ্যপ্ৰাচ্যৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে।

এনে পৰিস্থিতিত বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীত এটা বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে।এই নিয়ন্ত্ৰণ কক্ষ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ কাৰ্যক্ষম হ’ব আৰু ইয়াৰ উদ্দেশ্য ভাৰতীয় নাগৰিকক সহায় কৰা আৰু অঞ্চলটোৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিয়।

লগতে পঢ়ক: ‘আমি নিৰাপদ নহয়, আমাক ৰক্ষা কৰক’; যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ ১১০ জন ভাৰতীয় ছাত্ৰৰ চৰকাৰক সহায়ৰ আবেদন

অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক… ইৰাণ ভ্ৰমণকলৈ সতৰ্কতা জাৰি ভাৰতৰ

ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।

বিশ্বত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । চৰকাৰে উল্লেখ কৰিছে যে ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু চিনাক্তকৰ্তাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে, প্ৰতিবাদ প্ৰভাৱিত অঞ্চলসমূহ পৰিহাৰ কৰিব লাগে আৰু বাতৰিৰ আপডেটসমূহৰ লগতে তেহৰাণত থকা ভাৰতীয় দূতাবাসৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া নিৰীক্ষণ কৰিব লাগে ।

ইফালে ৰেচিডেণ্ট ভিছা লৈ ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক যদি ইতিমধ্যে পঞ্জীয়ন কৰা নাই তেন্তে ভাৰতীয় দূতাবাসত পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ভাৰতে এই পদক্ষেপ ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতিক কাৰাগাৰত বন্দী কৰাৰ পিছত লৈছে ।

উল্লেখ্য যে, আমেৰিকাৰ ভেনিজুৱেলা দখল আৰু ৰাষ্ট্ৰপতিক কাৰাগাৰত বন্দী কৰাৰ ঘটনাই সমগ্ৰ বিশ্বক কঁপাই তুলিছে । বহু দেশে আমেৰিকাৰ এই কাৰ্যক গৰিহণা দিছে আৰু কোনো দেশৰ কোনো ৰাষ্ট্ৰপতিক এনেদৰে অপহৰণ কৰা কাৰ্যক গৰিহণা দিছে ।

ভেনিজুৱেলাৰ বিৰুদ্ধে এই পদক্ষেপৰ পিছতে ইৰাণ আমেৰিকাৰ দ্বিতীয় লক্ষ্য বুলি এতিয়া চৰ্চা আৰম্ভ হৈছে । চৰ্চা চলিছে যে ইৰাণৰ বিৰুদ্ধেও ট্ৰাম্পে কঠোৰ ব্যৱস্থা ল’ব পাৰে । আনকি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ইৰাণ সন্দৰ্ভত পাৰ্চী ভাষাত এটা বাৰ্তা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্প এজন এক্সন লোৱা ব্যক্তি বুলি উল্লেখ কৰে । যদি আপোনালোকে এই কথা পূৰ্বে নাজানিছিল তেন্তে এতিয়াই জনা উচিত ।

লগতে পঢ়ক : কাৰাগাৰতে থাকিব উমৰ খালিদ-শ্বাৰ্জিল ইমাম; উচ্চতম ন্যায়ালয়ে মঞ্জুৰ নকৰিলে জামিন

ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত… ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব

ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনাইছে যে ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণ নথি-পত্ৰ অবিহনেও দেশত থাকিবলৈ দিয়া হ’ব ।

যোৱা বছৰ কাৰ্যকৰী হোৱা নাগৰিকত্ব (সংশোধনী) আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব । শেহতীয়াকৈ কাৰ্যকৰী হোৱা প্ৰব্ৰজন আৰু বিদেশী (নাগৰিকত্ব) আইন, ২০২৫ৰ অধীনত জাৰি কৰা এই গুৰুত্বপূৰ্ণ আদেশে বৃহৎ সংখ্যক লোকক সকাহ দিব, বিশেষকৈ পাকিস্তানৰ পৰা অহা হিন্দুসকলে ২০১৪ চনৰ পিছত ভাৰতলৈ আহি নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল ।

আদেশত কি কোৱা হৈছে ?

গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, “ধৰ্মীয় নিৰ্যাতন বা ভয়ৰ বাবে ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হোৱা আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে বৈধ নথি-পত্ৰ নোহোৱাকৈ দেশত প্ৰৱেশ কৰা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়- হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক বৈধ পাছপ’ৰ্ট আৰু ভিছা ৰখাৰ নিয়মৰ পৰা ৰেহাই দিয়া হ’ব ।”

নেপাল আৰু ভূটানৰ নাগৰিকৰ বাবে কি নিয়ম ?

এই আদেশত স্পষ্ট কৰা হৈছে যে নেপাল আৰু ভূটানৰ নাগৰিকে ভাৰতলৈ যাবলৈ বা ভাৰতত থাকিবলৈ পাছপ’ৰ্ট আৰু ভিছাৰ প্ৰয়োজন নহ’ব, যদিহে তেওঁলোকে সীমান্ত পথেৰে ভাৰতত প্ৰৱেশ কৰে । এই ব্যৱস্থা আগৰ দৰেই চলি থাকিব । কিন্তু যদি কোনো নেপালী বা ভূটানী নাগৰিক চীন, মাকাউ, হংকং বা পাকিস্তানৰ পৰা ভাৰতলৈ আহে, তেন্তে তেওঁৰ বাবে বৈধ পাছপ’ৰ্ট থকাটো বাধ্যতামূলক হ’ব ।

একেদৰে ভাৰতীয় নাগৰিকসকলকো নেপাল বা ভূটানৰ সীমান্তৰে ভাৰতলৈ অহা-যোৱা কৰিবলৈ পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নাই । কিন্তু যদি তেওঁলোকে নেপাল বা ভূটানৰ বাহিৰে আন কোনো দেশৰ পৰা ভাৰতলৈ উভতি যায় (চীন, মাকাউ, হংকং আৰু পাকিস্তানৰ বাহিৰে) তেন্তে তেওঁলোকে বৈধ পাছপ’ৰ্ট দেখুৱাব লাগিব । একে সময়তে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱান, যিসকল কৰ্তব্যত ভাৰতত প্ৰৱেশ বা বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য (যদি চৰকাৰী পৰিবহণেৰে যাত্ৰা কৰি আছে) পাছপ’ৰ্ট বা ভিছাৰ প্ৰয়োজন নহ’ব ।

লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান

জল জীৱন মিছন প্ৰকল্পৰ হ’ব পুংখানুপুংখ তদন্ত… কেন্দ্ৰই গঠন কৰিছে ১০০টা দল

জল জীৱন মিছনৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ পলম, খৰচ বৃদ্ধি আৰু গুণগত মানৰ সৈতে জড়িত প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ১০০টা বিশেষ দল গঠন কৰা হৈছে, যিয়ে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩৫খন জিলাৰ ১৮৩টা প্ৰকল্পৰ তদন্ত কৰিব । মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ৭৫ জন যুটীয়া সচিব আৰু ১০৬ জন সঞ্চালককে ধৰি কেন্দ্ৰীয় ন’ডেল বিষয়া নিযুক্তি দিয়ে ।

তদন্তৰ উদ্দেশ্য কি-

এই দলসমূহৰ প্ৰশিক্ষণ ২৩ মে’ত অনুষ্ঠিত হ’ব, যাতে তেওঁলোকে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰিব পাৰে । ৮ মে’ত কেবিনেট সচিবৰ অধ্যক্ষতাত জল শক্তি মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ বিষয়াসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে । তদন্তৰ মূল উদ্দেশ্য হৈছে প্ৰকল্পসমূহত পলম হোৱাৰ কাৰণ, খৰচ বৃদ্ধি আৰু কামৰ মানদণ্ডৰ সৈতে জড়িত অভিযোগৰ বিষয়ে জনাটো । এই দলসমূহে কেবিনেট সচিবৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।

কিয় গঠন হ’ল তদন্তকাৰী দল ?

২০১৯ চনত আৰম্ভ হোৱা জল জীৱন মিছনৰ লক্ষ্য ২০২৪ চনৰ ভিতৰত সকলো গ্ৰাম্য পৰিয়াললৈ পাইপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰা । কিন্তু ইয়াৰ প্ৰাৰম্ভিক বাজেট আছিল ৩.৬ লাখ কোটি টকা, যিটো এতিয়া প্ৰায় ৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । তথাপিও বহু ৰাজ্য নিজৰ লক্ষ্যৰ পৰা বহু পিছ পৰি আছে । মধ্যপ্ৰদেশ (২৯টা প্ৰকল্প), ৰাজস্থান আৰু ওড়িশা (২১টা), কৰ্ণাটক (১৯টা), উত্তৰ প্ৰদেশ (১৮টা), কেৰালা (১০টা), গুজৰাট আৰু তামিলনাডু (৮টা) আদি ৰাজ্যত প্ৰকল্পৰ অগ্ৰগতি আৰু মানদণ্ড পৰীক্ষা কৰা হ’ব ।

লক্ষ্যত উপনীত হ’ল এইসমূহ ৰাজ্য-

এই অভিযানৰ অধীনত পঞ্জাৱ, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে । কিন্তু কেৰালা, ঝাৰখণ্ড, পশ্চিম বংগ আৰু এন ডি এ শাসিত ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশৰ দৰে বিৰোধী শাসিত ৰাজ্যত ইয়াৰ অগ্ৰগতি অতি লেহেমীয়া । জল জীৱন অভিযান সময়োপযোগী আৰু গুণগতভাৱে সম্পূর্ণ কৰাৰ দিশত কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপক গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷ তদন্তৰ পিছত ওলোৱা প্ৰতিবেদনে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে কৰা আৰু অভাৱসমূহ দূৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

‘এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো’… সৰ্বদলীয় বৈঠকৰ অন্তত ক’লে খাৰ্গেই

অপাৰেচন সিন্দুৰৰ অন্ত পৰাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক সমাপ্ত হৈছে । বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো । খাৰ্গেই কয় যে কিছু কথাৰ বিষয়ে গোপনীয়তাৰ উদ্ধৃতি দি আমাক তথ্য দিয়া হোৱা নাছিল । ৰাহুল গান্ধীয়ে কয় যে আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিছো । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকে । লগতে উপস্থিত থাকে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । ইয়াৰ উপৰিও কংগ্ৰেছৰ হৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও সভাত অংশগ্ৰহণ কৰে । বৈঠকত চৰকাৰে বিৰোধী নেতাসকলক অপাৰেচন সিন্দুৰৰ পিছত প্ৰতিশোধমূলক ব্যৱস্থা আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ বিষয়ে তথ্য প্ৰদান কৰে ।

কংগ্ৰেছে বাতিল কৰিলে নিৰ্ধাৰিত সকলো কাৰ্যসূচী-

কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আৰু সেনাবাহিনীৰ সৈতে সংহতি প্ৰদৰ্শন কৰি ‘সংবিধান সমাৱেশ বচাওক’কে ধৰি দলৰ সকলো নিৰ্ধাৰিত কাৰ্যসূচী বন্ধ কৰি দিছে । এই উত্তেজিত পৰিবেশত তিনিখন দেশ ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ১৩ মে’ৰ পৰা ১৭ মে’লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল ।

পহলগামৰ প্ৰতিশোধ… PoK আৰু পাকিস্তানত কিমান সন্ত্ৰাসবাদী নিহত হ’ল জনালে চৰকাৰে

ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বুধবাৰে নিশা বিমান আক্ৰমণ চলাই । এই সামৰিক অভিযান তিনিও সেনাই চলাই । এই অভিযান সন্দৰ্ভত ভাৰত চৰকাৰে চৰকাৰে স্পষ্ট কৰি দিছে যে এয়া কোনো প্ৰৰোচনা নোহোৱাকৈ সংযত কাৰ্য্য আছিল য’ত পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠান আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হোৱা নাছিল । কেৱল সন্ত্ৰাসবাদী ঘাটিকহে লক্ষ্য কৰি লোৱা হৈছে ।

‘নিহত কমেও ১০০ সন্ত্ৰাসবাদী’

বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় আৰু এই সভাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, এছ পিৰ ৰাম গোপাল যাদৱকে ধৰি বহু নেতা উপস্থিত থাকে । জানিব পৰা মতে এই বৈঠকত প্ৰথমবাৰৰ বাবে চৰকাৰে বিমান আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ কৰে । বিৰোধী নেতা ৰাজনাথ সিঙে এই অভিযানত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিবলৈ দিয়ে । বৈঠকত তেওঁ কয় যে আমি বিষয়টো আগুৱাই নিব নিবিচাৰো, কিন্তু যদি পাকিস্তানে কিবা এটা কৰে তেন্তে আমিও পিছুৱাই নাযাওঁ ।

ইয়াৰ পূৰ্বে সূত্ৰই প্ৰকাশ কৰিছিল যে ৯০টা সন্ত্ৰাসবাদী নিহত হৈছে । কিন্তু এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিহত সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ কৰিছে । ভাৰতীয় সেনাই ৬ মে’ৰ নিশা নিশা প্ৰায় ১ বজাত এই অভিযান চলাইছিল, য’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অৱস্থিত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বৈঠকৰ অন্তত কয় যে অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে আৰু সমগ্ৰ দেশৰ ৰাজনৈতিক দলসমূহে এই অভিযানক প্ৰশংসা কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত সমগ্ৰ বিৰোধীয়ে চৰকাৰৰ সৈতে থিয় দিছে আৰু সকলো দলে গুৰুত্বসহকাৰে আলোচনা কৰিছে বুলিও তেওঁ কয় । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো নেতাক এই অভিযানৰ বিষয়ে অৱগত কৰে ।

এতিয়া সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা লাভ কৰিব পথ দুৰ্ঘটনাত আহত লোকে, চৰকাৰে জাৰি কৰিলে অধিসূচনা

সমগ্ৰ দেশতে নগদবিহীন চিকিৎসা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে এক অধিসূচনা জাৰি কৰিছে । ইয়াৰ অধীনত প্ৰতিজন পথ দুৰ্ঘটনাত পতিত লোকে প্ৰতিটো দুৰ্ঘটনাত সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব । পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনা অনুসৰি ২০২৫ চনৰ ৫ মে’ৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে ।

যিকোনো ধৰণৰ পথ দুৰ্ঘটনাত থাকিব চিকিৎসাৰ ব্যৱস্থা-

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি যদি কোনো ব্যক্তি মটৰ গাড়ীৰ ফলত পথ দুৰ্ঘটনাত পতিত হয় তেন্তে এই আঁচনিৰ অধীনত দেশৰ যিকোনো প্ৰান্তত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব । দুৰ্ঘটনাগ্ৰস্তই চৰকাৰী বা নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসাৰ বাবে কোনো ধৰণৰ ধন দিব নালাগে ।

দুৰ্ঘটনাৰ পিছত ৭ দিনৰ বাবে বিনামূলীয়া চিকিৎসাৰ সুবিধা-

এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা সাত দিনলৈ সৰ্বাধিক ১,৫০,০০০ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব । এই সুবিধা কেৱল সেই চিকিৎসালয়সমূহতহে সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’ব যিবোৰ চৰকাৰে “নিৰ্দিষ্ট” কৰিছে ।

আন চিকিৎসালয়ত কেৱল প্ৰাথমিক চিকিৎসা-

যদি কোনো কাৰণত ভুক্তভোগীয়ে নিৰ্দিষ্ট চিকিৎসালয়লৈ যাব নোৱাৰে আৰু আন কোনো চিকিৎসালয়ত চিকিৎসা কৰা হয় তেতিয়া সেই পৰিস্থিতিত সেই চিকিৎসালয়ত সুস্থিৰতালৈকে চিকিৎসাহে এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব । এই সন্দৰ্ভত পৃথক গাইডলাইন জাৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে ৰূপায়ণ কৰিব এই আঁচনি-

এই আঁচনি ৰূপায়ণৰ দায়িত্ব ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে । এই সংস্থাই আৰক্ষী, চিকিৎসালয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য সংস্থাসমূহৰ সহযোগত কাম কৰি আঁচনিখন ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব ।

ৰাজ্যিক পৰ্যায়ত পথ সুৰক্ষা পৰিষদ হ’ব ন’ডেল এজেন্সী-

প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই আঁচনিৰ বাবে ৰাজ্যিক পথ সুৰক্ষা পৰিষদেই ন’ডেল এজেন্সী হ’ব । এই পৰিষদে নিৰীক্ষণ কৰিব যে আঁচনিখন সঠিকভাৱে ৰূপায়ণ হৈছে, চিকিৎসালয়সমূহ আঁচনিৰ সৈতে সংযুক্ত হৈছে, ভুক্তভোগীসকলৰ চিকিৎসা কৰা হৈছে আৰু ধন পৰিশোধৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে ।