চাংহাই বিমানবন্দৰত ভাৰতীয় মহিলাক হাৰাশাস্তি
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে চীনৰ অভিবাসন বিষয়াসকলক ৰাজ্যখনৰ এগৰাকী মহিলাৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে গৰিহণা দি এই ঘটনাক ‘অস্বীকাৰ্য আৰু ভয়ানক’ বুলি অভিহিত কৰে । ভাৰতীয় পাছপ’ৰ্টক স্বীকৃতি দিবলৈ বিষয়াসকলে অস্বীকাৰ কৰাৰ অভিযোগত চাংহাই বিমানবন্দৰত প্ৰায় ১৮ ঘণ্টা ধৰি আটক কৰি ৰখা হৈছিল অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা মহিলাগৰাকীক ।
ব্ৰিটেইনত বাস কৰা ভাৰতীয় নাগৰিক পেমা ৱাংজোম থংডকৰ সৈতে জড়িত এই ঘটনাই তেওঁক স্তম্ভিত কৰি তুলিছে বুলি কয় মুখ্যমন্ত্ৰী খাণ্ডুৱে । তেওঁ দাবী কৰে যে চীন কৰ্তৃপক্ষৰ আচৰণ “অপমানজনক আৰু বৰ্ণবাদী বিদ্ৰুপ”ৰ সমান ।
এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে এক পোষ্টযোগে কয় যে বৈধ ভাৰতীয় পাছপ’ৰ্ট থকাৰ পিছতো তেওঁৰ লগত এনে ব্যৱহাৰ হোৱাটো ভয়ংকৰ । তেওঁ লগতে কয়, “অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু সদায় হৈ থাকিব । ইয়াৰ বিপৰীতে যিকোনো অভিযোগ ভিত্তিহীন আৰু আপত্তিজনক ।”
এই ঘটনাক আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম উলংঘা আৰু ভাৰতীয় নাগৰিকৰ স্বাভিমানক অপমান কৰা বুলি অভিহিত কৰি খাণ্ডুৱে কয় যে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তৎক্ষণাত বিষয়টো গ্ৰহণ কৰিব বুলি তেওঁ নিশ্চিত ।
পশ্চিম কামেং জিলাৰ ৰূপাৰ বাসিন্দা থংডক বৰ্তমান ব্ৰিটেইনত থাকে । ২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ গৈ থকা অৱস্থাত তেওঁৰ তিনি ঘণ্টীয়া ট্ৰেনজিট এক দীঘলীয়া আৰু দুখজনক অধ্যায়লৈ পৰিণত হয় ।
দেওবাৰে এক্সত দিয়া এটা বিশদ পোষ্টত তেওঁ লিখিছে, “২০২৫ চনৰ ২১ নৱেম্বৰত মোক চাইনা ইমিগ্ৰেচন আৰু চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সে চাংহাই বিমানবন্দৰত ১৮ ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখিছিল । তেওঁলোকে মোৰ ভাৰতীয় পাছপ’ৰ্ট অবৈধ বুলি ঘোষণা কৰিছিল কাৰণ মোৰ জন্মস্থান অৰুণাচল প্ৰদেশ, যিটো তেওঁলোকে চীনৰ ভূখণ্ড বুলি ঘোষণা কৰিছিল ।”
মহিলাগৰাকীয়ে কয় যে তেওঁক কোনো বৈধ ব্যাখ্যা অবিহনে আৰু মৌলিক সুবিধা নোহোৱাকৈ ট্ৰেনজিট এলেকাত আবদ্ধ কৰি ৰখা হৈছিল । অভিযোগ অনুসৰি মহিলাগৰাকীৰ পাছপ’ৰ্ট জব্দ হোৱাৰ লগতে বৈধ ভিছা থকাৰ পিছতো জাপানলৈ যোৱা সংযোগী বিমানত উঠিবলৈ বাধা দিয়া হৈছিল ।
এই ঘটনাক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ প্ৰত্যক্ষ অপমান বুলি অভিহিত কৰি থংডকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য উচ্চপদস্থ বিষয়ালৈ পত্ৰ লিখিছিল । তেওঁ চৰকাৰক এই বিষয়টো বেইজিঙক কঠোৰভাৱে উত্থাপন কৰিবলৈ আহ্বান জনাই জবাবদিহিতা, জড়িতসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ, আৰু হাৰাশাস্তিৰ ক্ষতিপূৰণৰ দাবী জনায় ।
লগতে পঢ়ক : পাছপৰ্টত উল্লেখ আছিল জন্মস্থান অৰুণাচল… চাংহাই বিমানবন্দৰত নিৰ্যাতনৰ সন্মুখীন ভাৰতীয় মহিলা









