অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

ধাৰাসাৰ বৰষুণৰ পাছত হোৱা এক বৃহৎ ডাৱৰ বিস্ফোৰণে জিলাখনত নতুনকৈ আকস্মিক বানৰ সৃষ্টি কৰিছে

অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰৰূপে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে । কেই পান্যৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানে কেইবাখনো গাঁও ধ্বংস কৰা মৰ্মান্তিক ঘটনাৰ ২০ দিন নৌহওঁতেই, সোমবাৰে কুৰুং কুমেই জিলাত প্ৰকৃতিৰ আন এক ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে । ধাৰাসাৰ বৰষুণৰ পাছত হোৱা এক বৃহৎ ডাৱৰ বিস্ফোৰণে জিলাখনত নতুনকৈ আকস্মিক বানৰ সৃষ্টি কৰিছে, যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণ ব্যাহত হোৱাৰ লগতে ব্যাপক আন্তঃগাঁথনি ধ্বংস হৈছে ।

ফেনে-ফোটোকাৰে বাঢ়িছে কুমেই নদী, উটি গৈছে ঘৰ-দুৱাৰ

প্ৰত্যক্ষদৰ্শীৰ মতে, ধাৰাবাহিক বৰষুণৰ বাবে কুমেই নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে আৰু ইয়াৰ পাৰ বাগৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল । বানৰ প্ৰবল সোঁতে আক্ৰান্ত অঞ্চলসমূহৰ বাট-পথ, দলং আৰু কেইবাটাও আৱাস গৃহ উটুৱাই লৈ গৈছে । এটা গুৰুত্বপূৰ্ণ দলং খহি পৰাৰ ফলত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ এটা শিবিৰৰ সৈতে পথ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে আৰু তাত কৰ্তব্যৰত জোৱানসকল আৱদ্ধ হৈ পৰিছে ।

১৫ জনীয়া আইটিবিপি জোৱানৰ সৈতে যোগাযোগ বিছিন্ন

সবাতোকৈ চিন্তাজনক কথাটো হৈছে যে, ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষত অৱস্থিত দামিন চাৰ্কেলৰ অধীনস্থ তপা সীমান্ত চকীত নিয়োজিত ১৫ জনীয়া এটা আইটিবিপি দলৰ সৈতে বৰ্তমান যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে । ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানপানীয়ে সমগ্ৰ অঞ্চলটো বিধ্বস্ত কৰাৰ বাবেই এই যোগাযোগ ব্যৱস্থা ব্যাহত হোৱা বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ কাৰ্যত প্ৰতিকূল বতৰৰ প্ৰাচীৰ

বানৰ সংহাৰে কেইবাখনো গাঁও জিলা সদৰৰ পৰা বিছিন্ন কৰি পেলোৱাৰ বাবে উদ্ধাৰ আৰু সাহায্য কাৰ্যত তীব্ৰ বাধাৰ সৃষ্টি হৈছে । কুমেই নদীৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা বাবে অধিক বানৰ আশংকাত অসুৰক্ষিত অঞ্চলৰ বাসিন্দাসকলে নিজৰ ঘৰ-দুৱাৰ এৰি উচ্চ স্থানত আশ্ৰয় লৈছে । অৱশ্যে বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু হোৱাৰ চৰকাৰী খবৰ অহা নাই ।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে আৱদ্ধ হৈ থকা জোৱানসকলৰ সৈতে যোগাযোগ স্থাপনৰ বাবে এটা প্ৰশাসনিক দলে তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে । কিন্তু ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ বাবে আকাশমাৰ্গৰ জৰিয়তে কৰা নিৰীক্ষণ সম্ভৱ হোৱা নাই । জিলা কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলসমূহে পৰিস্থিতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু বতৰৰ অলপ উন্নতি হ’লেই ক্ষয়-ক্ষতিৰ বিতং মূল্যায়ন তথা যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ কাম যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হ’ব ।

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান, পৃথক পথ নিৰ্দেশনা জাৰি মহানগৰ প্ৰশাসনৰ

অৰুণাচলৰ মাটিত চীনা সেনাই পাতিলে শিবিৰ! ভাৰতীয় ভূখণ্ডত চীনৰ আগ্ৰাসনক লৈ চাঞ্চল্য

স্মাৰকপত্ৰখনত অভিযোগ কৰা হৈছে যে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় ভূখণ্ডৰ ভিতৰত শিবিৰ স্থাপন কৰিছে

ভাৰতৰ ভূখণ্ডত ৰঙা চীনৰ শেনচকু । ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ ওপৰত চকু আগ্ৰাসী চীনৰ । বছৰ বছৰ ধৰি অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি অহা চীনে এইবাৰ ভাৰতৰ মাটিত স্থাপন কৰিছে সামৰিক শিবিৰ । অৰুণাচলৰ ‘নাহ ৱেলফেয়াৰ ছ’চাইটি’ নামৰ এক সংগঠনে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা এক পত্ৰত উন্মোচিত হৈছে চীনৰ আগ্ৰাসী কাৰ্যকলাপ ।

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ টাকছিঙৰ এটি সমাজভিত্তিক সংগঠন ‘নাহ ৱেলফেয়াৰ ছ’চাইটি’ (NWS)-এ জিলা উপায়ুক্তৰ ওচৰত এক স্মাৰকপত্ৰ দাখিল কৰিছে । স্মাৰকপত্ৰখনত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় ভূখণ্ডৰ ভিতৰত শিবিৰ স্থাপন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

২৬ জুনত প্ৰেৰণ কৰা পত্ৰখনত সংগঠনটোৱে দাবী কৰা অনুসৰি, টাকছিং চাৰ্কলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত বিগত ১০-১৫ বছৰ ধৰি চীনৰ উপস্থিতি ক্ৰমান্বয়ে বৃদ্ধি পাইছে । তেওঁলোকৰ অভিযোগ মতে, পূৰ্বে যিবোৰ স্থান স্থানীয় ৰাইজে চিকাৰ কৰা, পশুধন চৰোৱা আৰু বনজ সম্পদ সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিছিল, সেই স্থানসমূহত এতিয়া চীনে পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰিছে ।

সংগঠনটোৱে পাঁচটা স্থানৰ নাম উল্লেখ কৰিছে- অয়িং, পানিয়াৰ (চুজাৰ্টা অঞ্চল), মাৰ্পান (মাৰ্নাফে), প’ট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং । সংগঠনটোৰ অভিযোগ অনুসৰি, ২০২০ চনৰ পৰাই এই স্থানসমূহ চীনৰ দখলত আছে । তেওঁলোকে লগতে অভিযোগ কৰে যে এই অঞ্চলসমূহ টাকছিং মুখ্য কাৰ্যালয়ৰ নিচেই ওচৰত অৱস্থিত আৰু ইয়াৰ সৈতে স্থানীয় লোকৰ সাংস্কৃতিক তথা ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে ।

স্মাৰকপত্ৰখনত নাহ ৱেলফেয়াৰ ছ’চাইটিয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক উক্ত অঞ্চলত চীনৰ সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ভাৰতীয় সেনাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰাৰ সমান্তৰালকৈ সংগঠনটোৱে কয় যে ভাৰতীয় ভূখণ্ড সুৰক্ষিত কৰিবলৈ অধিক শক্তিশালী হস্তক্ষেপৰ প্ৰয়োজন আছে ।

পত্ৰখনত সংগঠনটোৱে জিলা প্ৰশাসনক উপযুক্ত কৰ্তৃপক্ষৰ সৈতে এই বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ দাবীৰ সমৰ্থনত কিছু আলোকচিত্ৰও সংলগ্ন কৰিছে ।

লগতে পঢ়ক : অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

অৰুণাচলত ভূমিস্খলনে প্ৰাণ কাঢ়িলে অসমৰ ৰূপম ৰাভাৰ

অৰুণাচল প্ৰদেশৰ ভূমিস্খলনত অসমৰ এজন যুৱকৰ মৃত্যু। পাহাৰৰ শিল খহি মৃত্যু যুৱকজনৰ। মৃত যুৱকজন বকোৰ ৰূপম ৰাভা। বকো বনগাঁও বুঢ়ীগাঁৱৰ বাসিন্দা ৰাভা।

অৰুণাচল প্ৰদেশত হোৱা ভূমিস্খলনৰ ফলত এক শোৱাৱহ ঘটনা সংঘটিত হৈছে। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত ভূমিস্খলনৰ ফলত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ মৃত্যু হৈছে। মৃত যুৱকজন বকোৰ ৰূপম ৰাভা বুলি জানিব পৰা গৈছে। বকো বনগাঁও বুঢ়ীগাঁৱৰ বাসিন্দা ৰূপম ৰাভা। প্ৰেনচন প্ৰ মোটৰ’চ নামৰ কোম্পানী এটাত কৰ্মৰত আছিল যুৱকজন। ফকলেনৰ চালক হিচাপে কৰ্মৰত আছিল ৰূপম।

জানিব পৰা মতে,দেওবাৰে (২৮ জুন) নিশা প্ৰায় ৮:৩০ বজাত এই ঘটনাটো সংঘটিত হয়।  ৰূপম ৰাভাই কাম কৰি থকা অৱস্থাতে হঠাৎ ভূমিস্খলন হৈ ধ্বংসাৱশেষৰ তলত পোত খাই যায় আৰু তেওঁৰ থিতাতে মৃত্যু হয়।ৰূপম ৰাভাৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে পত্নী আৰু চাৰি বছৰীয়া পুত্ৰক এৰি থৈ গৈছে ৰূপম ৰাভাই।

লগতে পঢ়ক: অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

ৰাজ্যত বানৰ তাণ্ডৱ, ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰলয়ংকাৰী বানপানীৰ ফলত ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু কোকৰাঝাৰ জিলাত মুঠ ২২,১২৪ গৰাকী লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত ধেমাজি জিলাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে, য’ত ১৫,৪৮৩ গৰাকী লোক বানপানীত আৱদ্ধ হৈ আছে।

এই বানৰ ফলত বহু ঘৰ-দুৱাৰ আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হৈছে। প্ৰাধিকৰণৰ প্ৰতিবেদন মতে, ৯৬খন গাঁও জলমগ্ন হৈ পৰাৰ লগতে প্ৰায় ১৬৯০ হেক্টৰ শস্যৰ ক্ষেত্ৰ নষ্ট কৰিছে।

ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহো উফন্দি উঠিছে। ইফালে, আন্তঃগাঁথনিৰ ক্ষতিয়ে সমস্যা আৰু অধিক জটিল কৰি তুলিছে। ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰত থকা এখন ৰে’লৱে দলং ধাৰাসাৰ বৰষুণ আৰু খহনীয়াৰ ফলত আংশিকভাৱে ভাগি পৰিছে, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ ব্যাহত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ ভাষ্য অনুসৰি, ধেমাজি জিলা আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত অহা বানে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে।সতৰ্কতামূলক ব্যৱস্থা হিচাপে, আৰ্চিপথাৰ আৰু চিমেন চাপৰি ষ্টেচনৰ মাজত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ ৰখা হৈছে।তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত মুৰকংচেলেক আৰু চিলাপথাৰৰ মাজৰ পথত ৰে’লৰ চলাচল পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব।

অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

লগতে পঢ়ক: ধেমাজিত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ; উদ্বিগ্ন মুখ্যমন্ত্ৰী

ধেমাজিত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ; উদ্বিগ্ন মুখ্যমন্ত্ৰী

অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া ধেমাজিত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। চিমেন নদীয়ে উটুৱাই নিলে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং।

অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  নিম্ন সোৱণশিৰি জিলাৰ ছিজি ব্লক পইণ্টত এক বৃহৎ ভূমিস্খলনৰ ফলত ছিজি নদীৰ প্ৰবাহ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত নদীখনৰ উজনি অংশত পানী জমা হৈছে, যাৰ ফলত নামনিৰ অঞ্চলসমূহত হঠাতে পানী এৰি দিয়াৰ প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে।

লিকাবালিৰ পৰা ১৪ কিলোমিটাৰ ওপৰত মাগি নামৰ ঠাইত এই ঘটনাটো সংঘটিত হৈছে। প্ৰশাসনে নদীৰ পাৰত থকা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু নদীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে।

অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ ফলত ধেমাজিৰ চিলাপথাৰত চিমেন নৈৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। খহনীয়াৰ কবলত কৰিছে দীপাৰ ৰে’লৱে দলং।যাৰ ফলত দলংখনৰ এটা অংশ খহি পৰিছে।

খৰস্ৰোতা চিমেন নদীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে।চিমেন নদীৰ বানে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং উটুৱাই নিয়াৰ ফলত ব্যাহত হৈছে ৰে’ল যাতায়াত।

ধেমাজিৰ বান পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীলৈ মন্ত্ৰী সুশান্ত বৰগোঁহাই, কেশৱ মহন্তক যোৱাৰ নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে ধেমাজিত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিও ৰাখিছে।  

লগতে পঢ়ক: অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

অৰুণাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ ফলত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ ওপৰত অসম চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৰঙানদী প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত অসমৰ কেইবাখনো জিলাত তলৰ ফালে প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

বুধবাৰ, ২৪ জুনৰ পুৱা অৰুণাচল প্ৰদেশৰ একাংশ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰলয়ংকাৰী বান পৰিস্থিৰ সৃষ্টি হৈছে।  কেয়ি পান্যেৰ জিলাৰ  পুৱাৰ ভাগত অবিৰাম বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। নীপকো প্ৰকল্পৰ ওপৰ ভাগত ভয়ংকৰ বান সৃষ্টি হৈছে। ইয়াৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ লগতে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে।

ধাৰাবাহিক বৰষুণৰ ফলত একাধিক স্থানত ভূমিস্খলন আৰু খহনীয়াৰ সৃষ্টি হৈছে।পোটিন আৰু পচ্ছাক সংযোগ কৰা প্ৰধান পথটো কেইবাটাও স্থানত ভূমিস্খলন আৰু আৱৰ্জনা জমা হোৱাৰ বাবে বন্ধ হৈ পৰিছে, যাৰ ফলত এই পথটোৰে যানবাহন চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।

 স্থানীয় লোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে।অৰুণাচল প্ৰদেশৰ বানৰ বাবে খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট।যাৰ ফলত এতিয়া লখিমপুৰত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে। নৈপৰীয়া লোকসকলক লখিমপুৰ জিলা প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে।

ইফালে অৰুণাচল প্ৰদেশৰ নিম্ন সুবনশিৰি জিলাত অত্যন্ত প্ৰচণ্ড বৰষুণ আৰু ক্ষন্তেকীয়া বানপানীৰ ফলত সৃষ্টি হোৱা বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত অসম চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৰঙানদী প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ অসমৰ মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতি সৰ্বাধিক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো প্ৰস্তুতিৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। সম্ভাৱ্য ক্ষতিগ্ৰস্ত জিলাসমূহৰ জিলা প্ৰশাসনক তীক্ষ্ণ সতৰ্কতা বজাই ৰাখিবলৈ আৰু সময়মতে প্ৰতিৰোধমূলক আৰু সঁহাৰিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

এছডিআৰএফ, এনডিআৰএফ আৰু অন্যান্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহৰ দলসমূহক সাজু কৰি ৰখা হৈছে, আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নদীৰ অৱস্থা আৰু দুৰ্বল স্থানসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।বানপানীৰ প্ৰৱণ অঞ্চলত বাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজন হ’লে স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে। প্লাৱিত অঞ্চলত এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীৰ মাজেৰে দেশীয় নাও আৰু অন্যান্য সৰু জাহাজেৰে যাত্ৰা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে, কিয়নো নদীৰ সোঁত যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ৰাজ্য চৰকাৰে সংশ্লিষ্ট সকলো সংস্থা আৰু জিলা প্ৰশাসনৰ সৈতে অহৰহ সমন্বয় বজাই ৰাখিছে আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন অনুসৰি পৰামৰ্শ আৰু আপডেট জাৰি কৰি যাব বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী! নৈপৰীয়া ৰাইজলৈ জাৰি জৰুৰী নিৰ্দেশনা

ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য। পুৱতি নিশা লখিমপুৰৰ পৰা অৰুণাচলৰ চেপালৈ গৈছিল ৫ গৰাকী যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন।

অৰুণাচলৰ চেপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা কেইবাফুট তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহনখন। দুৰ্ঘটনাটোৰ ফলত অসমৰ ৫ যুৱকৰ মৃত্যু হৈছে। নিহত আটাইকেইগৰাকী লখিমপুৰৰ নাওবৈচাৰ বুলি জানিব পৰা গৈছে।

নিহতকেইজন বুলবুল আলী, নূৰ হুছেইন, ছইদুল ইছলাম। আবুল হুছেইন আৰু আমজাদ আলী নিহত।কামৰ বাবে লখিমপুৰৰ পৰা অৰুণাচললৈ গৈছিল যুৱক কেইগৰাকী।৫ গৰাকীকৈ যুৱকৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

উত্তৰ-পূৱৰ দুই ৰাজ্যৰ আজি প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ বাৰ্তা

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ ৰাজ্য দুখনৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু কঠোৰ পৰিশ্ৰমী লোকসকলক প্ৰশংসা কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দুয়োখন ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ অবিৰত অগ্ৰগতি কামনা কৰে ।

অৰুণাচল প্ৰদেশবাসীক কি বাৰ্তা দিলে প্ৰধানমন্ত্ৰীয়ে ?

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশক পৰম্পৰা আৰু প্ৰকৃতিৰ সমন্বয়ৰ নিদৰ্শন বুলি অভিহিত কৰে । ৰাজ্যৰ উৎসাহী আৰু কঠোৰ পৰিশ্ৰমী নাগৰিকে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলিও তেওঁ কয় । ৰাজ্যখনৰ জনজাতীয় ঐতিহ্যই ভাৰতৰ সংস্কৃতিক সমৃদ্ধি শক্তিশালী কৰে । তেওঁ ৰাজ্যখনে উন্নয়নৰ নতুন উচ্চতাত উপনীত হোৱাটো কামনা কৰে ।

অৰুণাচল প্ৰদেশৰ ঐতিহাসিক যাত্ৰা-

অৰুণাচল প্ৰদেশক “সূৰ্য উদয়ৰ দেশ” বুলি জনা যায় । ৰাজ্যখনে ভূটান, চীন আৰু ম্যানমাৰৰ সৈতে সীমা ভাগ কৰে, যাৰ ফলত ইয়াৰ কৌশলগত গুৰুত্ব বৃদ্ধি পাইছে । পূৰ্বতে এই অঞ্চলটো নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী নামেৰে জনাজাত আছিল । ১৯৭২ চনত ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হয় আৰু ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত ইয়াক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় ।

মিজোৰামবাসীলৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা-

প্ৰধানমন্ত্ৰীয়ে মিজোৰামক প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্প্ৰদায়বোধেৰে ধন্য ৰাজ্য বুলি অভিহিত কৰে । তেওঁ কয় যে ইয়াৰ লোকসকলে কৰুণা আৰু মমতাৰ মূল্যবোধৰ দ্বাৰা জীয়াই থাকে । মিজো সংস্কৃতি, সংগীত, পৰম্পৰা প্ৰেৰণাদায়ক । ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে তেওঁ ।

মিজোৰামৰ যাত্ৰা-

১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰাম ভাৰতৰ ২৩ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে ই কেন্দ্ৰীয় শাসিত অঞ্চল আছিল । প্ৰতি বছৰে ২০ ফেব্ৰুৱাৰীত এই ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন ৰাজ্যক অভিনন্দন জনাই কয় যে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাই ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰে ।

লগতে পঢ়ক : তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কাংটো আৰোহণ সেনাৰ

কামেং হিমালয়ৰ প্ৰহৰী বুলি গণ্য কৰা অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কাংটো প্ৰথমবাৰৰ বাবে সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাৰ এটা দলে ।

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ এটা পৰ্বতাৰোহী দলে কামেং হিমালয়ৰ প্ৰহৰী বুলি গণ্য কৰা অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কাংটো (৭,০৪২ মিটাৰ) সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছে ।

প্ৰতিৰক্ষাৰ বিভাগৰ এগৰাকী মুখপাত্ৰই আজি কয় যে এই আৰোহণ অতি প্ৰত্যাহ্বানজনক দক্ষিণৰ পথেৰে কৰা হৈছে, যিটো ভয়ংকৰ মাউণ্ট কাংটোৰ প্ৰথমটো  সফল আৰোহণ হিচাপে চিহ্নিত হৈছে ।

বিজয়ী দলটোক আনুষ্ঠানিকভাৱে “ফ্লেগ ইন” কৰে ইষ্টাৰ্ণ কমাণ্ডৰ সেনা অধিনায়ক লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে আৰু অত্যন্ত কঠিন পৰিস্থিতিতো পৰ্বতাৰোহীসকলক তেওঁলোকৰ প্ৰচণ্ড সাহস, অনুশাসন আৰু শক্তিৰ বাবে প্ৰশংসা কৰে তেওঁ ।

যোৱা ৩ নৱেম্বৰত গজৰাজ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে ১৮ জনীয়া অভিযানকাৰী দলটোক ফৰৱাৰ্ড বেছৰ পৰা ফ্লেগ অফ কৰিছিল । দলটোৱে পূব হিমালয়ৰ কিছুমান আটাইতকৈ প্ৰত্যাহ্বানমূলক ভূখণ্ড অতিক্ৰম কৰিছিল, উচ্চ উচ্চতা, কম বায়ুৰ চাপ, শূন্যৰ তলৰ উষ্ণতা, বৰফৰ শৃংগ, গভীৰ ফাট আৰু প্ৰায় উলম্ব বৰফৰ দেৱালৰ সন্মুখীন হৈছিল ।

গুৱাহাটীস্থিত প্ৰতিৰক্ষা পি আৰ অ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে প্ৰকাশ কৰিছে যে, এই কঠিন পৰিস্থিতিৰ মাজতো পৰ্বতাৰোহীসকলে সেনাবাহিনীৰ চিহ্নিত গুণ– অতুলনীয় ধৈৰ্য, দলীয় কাম, পেছাদাৰিত্ব আৰু অদম্য মনোভাৱ প্ৰদৰ্শন কৰিছিল আৰু শেষত পৰ্বতাৰোহীসকলে দীৰ্ঘদিন ধৰি অৰ্জন কৰিব নোৱৰা এক কৃতিত্ব অৰ্জন কৰিছে ।

লগতে পঢ়ক : মহাকাশত অলকানন্দা… ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা