তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব । গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা, সীমান্তৰ উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰত এক বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰথম

আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব । গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা, সীমান্তৰ উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰত এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

প্ৰথম দিনৰ কাৰ্যসূচী: বৰাক উপত্যকাত উপস্থিত

আজি নিশা গৃহমন্ত্ৰীগৰাকী পোনপটীয়াকৈ কাছাৰ জিলাৰ শিলচৰত উপস্থিত হ’ব । তেওঁৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি বৰাক উপত্যকাত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ।

দ্বিতীয় দিন: সীমান্ত পৰিদৰ্শন আৰু ‘ভাইব্ৰেন্ট ভিলেজেছ প্ৰগ্ৰেম’

কাইলৈ দিনটোৰ আৰম্ভণিতে শ্ৰী শ্বাহে ভাৰত-বাংলাদেশ সীমান্তৰ নতুনপুৰ সীমান্ত চকী (BOP) পৰিদৰ্শন কৰিব । তাত তেওঁ বি এছ এফৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’ব ।

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘ভাইব্ৰেন্ট ভিলেজেছ প্ৰগ্ৰেম’ (Vibrant Villages Programme) তেওঁ নতুনপুৰত মুকলি কৰিব । ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু থলুৱা লোকসকলৰ জীৱিকাৰ নতুন পথ প্ৰশস্ত হ’ব ।

ইয়াৰ পাছতেই বৰাক উপত্যকাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰি তেওঁ এক বিশাল জনসভাত ভাষণ প্ৰদান কৰিব । বিয়লি তেওঁ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলা ভ্ৰমণ কৰি সন্ধিয়া পুনৰ অসমলৈ উভতি আহিব ।

তৃতীয় দিন: গুৱাহাটীত পেৰেড আৰু আধাৰশিলা স্থাপন

শনিবাৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দুটা মুখ্য কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে :

CRPF বাৰ্ষিক দিৱস : অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত চি আৰ পি এফৰ (CRPF) বাৰ্ষিক দিৱসৰ পেৰেডত তেওঁ অভিবাদন গ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ।

নতুন চৌহদৰ আধাৰশিলা : সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ (10th APBn) নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব তেওঁ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীয়ে জনালে ৰমজানৰ শুভেচ্ছা, দিলে সামাজিক ঐক্যৰ বাৰ্তা