শিলচৰত নতুন সচিবালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে

অন্ত পৰিল বৰাকবাসীৰ দীৰ্ঘদিনীয়া এক প্ৰতীক্ষাৰ । প্ৰশাসনিক বিকেন্দ্ৰীকৰণ আৰু চৰকাৰক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’-ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “অসমৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যত দীৰ্ঘদিন ধৰি নীতি-নিৰ্ধাৰণ আৰু উন্নয়ন কেৱল গুৱাহাটীতে কেন্দ্ৰীভূত হৈ আছিল । এতিয়া এই ধাৰণা সলনি হৈছে । যোৱা পাঁচ বছৰত মোৰ অন্যতম প্ৰধান লক্ষ্য আছিল এই মানসিকতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা ।”

তেওঁ লগতে কয়, “কোকৰাঝাৰত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হৈছে । ডিব্ৰুগড়ত এক নতুন সচিবালয় আৰু বিধানসভা ভৱন নিৰ্মাণৰত অৱস্থাত আছে । শিলচৰত আজি আমি এক নতুন সচিবালয় উদ্বোধন কৰিছো । এইবোৰ কেৱল অট্টালিকা নহয়, এয়া আমাৰ দৃঢ় সংকল্পৰ নিদৰ্শন ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব আৰোপ কৰে যে সংস্কাৰৰ জৰিয়তে বহুতো কাৰ্যবাহী ক্ষমতা জিলা প্ৰশাসনক প্ৰদান কৰা হৈছে আৰু ‘সহ-জিলা’ গঠন কৰা হৈছে । ইয়াৰ ফলত চৰকাৰী সেৱাৰ বাবে নাগৰিকে জিলা সদৰলৈ যাব লগা পুৰণি প্ৰথাৰ অন্ত পৰিব ।

শেষত তেওঁ কয়, “আমাৰ মন্ত্ৰ সদায় এটাই আছিল আৰু থাকিব: প্ৰশাসন জনসাধাৰণৰ ওচৰলৈ যাব, জনসাধাৰণ প্ৰশাসনৰ ওচৰলৈ নহয় ।”

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ হাতৰ পুতলা হৈ পৰিছে: শিলচৰত প্ৰধানমন্ত্ৰী মোদী

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ উত্থাপন কৰে যে দলটোৱে ভাৰত বিৰোধী শক্তিসমূহৰ হাতৰ পুতলা হিচাপে কাম কৰিছে

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত এক জনসভা সম্বোধন কৰি বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় । কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ উত্থাপন কৰে যে দলটোৱে ভাৰতৰ দ্ৰুত উন্নয়নত অসন্তুষ্ট গোলকীয় শক্তিসমূহৰ “হাতৰ পুতলা” হিচাপে কাম কৰিছে । তেওঁ লগতে অভিযোগ কৰে যে বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় উত্তেজনাৰ মাজত দলটোৱে দেশৰ ভিতৰত আতংক বিয়পোৱাৰ চেষ্টা চলাইছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে গোলকীয় সংঘাত আৰু অৰ্থনৈতিক বিভ্ৰান্তিৰ বিৰূপ প্ৰভাৱৰ পৰা ভাৰতীয় নাগৰিকক সুৰক্ষিত কৰিবলৈ কাম কৰি আছে । বিপৰীতে বিশ্বৰ বিভিন্ন প্ৰান্তত ভূ-ৰাজনৈতিক অনিশ্চয়তা আৰু যুদ্ধসদৃশ পৰিৱেশ বিৰাজ কৰা সময়ত কংগ্ৰেছে দায়িত্বশীল ভূমিকা পালন কৰাত ব্যৰ্থ হোৱা বুলি তেওঁ সমালোচনা কৰে ।

তেওঁ কয়- “বিশ্বৰ বহু ঠাইত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । আমাৰ চৰকাৰে দেশৰ নাগৰিকসকলে যাতে কোনো কষ্টৰ সন্মুখীন নহয় তাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছে । চৰকাৰৰ লক্ষ্য হৈছে ভাৰতৰ জনসাধাৰণৰ ওপৰত এই গোলকীয় উত্তেজনাৰ প্ৰভাৱ হ্ৰাস কৰা ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে, এনে পৰিস্থিতিয়ে সকলো ৰাজনৈতিক দলৰ পৰা দায়িত্বশীল আচৰণ দাবী কৰে, কিন্তু কংগ্ৰেছে তাৰ পৰিৱৰ্তে ভয় আৰু অস্থিৰতা বিয়পোৱাৰ পথ বাছি লৈছে বুলি তেওঁ অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এনে এক সংকটপূৰ্ণ সন্ধিক্ষণত আশা কৰা হৈছিল যে কংগ্ৰেছে এটা দায়িত্বশীল ৰাজনৈতিক দল হিচাপে আচৰণ কৰিব । কিন্তু দলটোৱে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি থকা এই গুৰুত্বপূৰ্ণ কৰ্তব্য পালনত পুনৰবাৰ ব্যৰ্থ হৈছে । কংগ্ৰেছে দেশৰ ভিতৰত আতংক সৃষ্টিৰ চেষ্টা কৰিছে, যাতে দেশখন সমস্যাৰ মাজত সোমাই পৰে আৰু পিছত তেওঁলোকে মোদীক অন্তহীন গালি-গালাজ কৰিব পাৰে ।”

লগতে পঢ়ক : বৰাকত উন্নয়নৰ ধল, শিলচৰত ২৩,৫৫০ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

বৰাকত উন্নয়নৰ ধল, শিলচৰত ২৩,৫৫০ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰৰ ভূমি পূজন সম্পন্ন কৰে

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত বৰাক উপত্যকা তথা সামগ্ৰিকভাৱে উত্তৰ-পূব অঞ্চলৰ সংযোগ, আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰায় ২৩,৫৫০ কোটি টকাৰ এলানি গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উন্মোচন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰৰ ভূমি পূজা সম্পন্ন কৰে । প্ৰায় ২২,৮৬০ কোটি টকাৰ ব্যয়সাপেক্ষ নিৰ্মাণ কৰিব লগা এয়া এটা ‘এক্সেছ-কণ্ট্ৰলড’ চাৰিলেনযুক্ত গ্ৰীণফিল্ড প্ৰকল্প । এই কৰিডৰটোৱে গুৱাহাটী আৰু শিলচৰৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ৮.৫ ঘণ্টাৰ পৰা প্ৰায় ৫ ঘণ্টালৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে, যিয়ে অঞ্চলটোৰ পথ সংযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন আনিব ।

ইয়াৰ উপৰিও, তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ সমীপৰ ট্ৰাংক ৰোডৰ পৰা ৰাঙিৰখাৰী পইণ্টলৈ (প্ৰথম পৰ্যায়) NH-306ৰ ওপৰত এক উৰণ সেতুৰ ভূমি পূজন কৰে । এই প্ৰকল্পটো শিলচৰ চহৰৰ যান-জঁট হ্ৰাস কৰাৰ লগতে মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ দৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ অধিক সুদৃঢ় কৰিব পৰাকৈ ডিজাইন কৰা হৈছে ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে পাথাৰকান্দিত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । আনহাতে প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বদৰপুৰ-শিলচৰ আৰু বদৰপুৰ-চুৰাইবাৰী শাখাৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা ৰেল পথসমূহ দেশবাসীৰ বাবে উৎসৰ্গা কৰে তেওঁ ।

লগতে পঢ়ক : ‘অসম তথা সমগ্ৰ উত্তৰ পূবক কংগ্ৰেছে অবহেলা কৰিছিল’; শিলচৰৰ পৰা কংগ্ৰেছক তুলাধুনা প্ৰধানমন্ত্ৰী মোদীৰ

‘অসম তথা সমগ্ৰ উত্তৰ পূবক কংগ্ৰেছে অবহেলা কৰিছিল’; শিলচৰৰ পৰা কংগ্ৰেছক তুলাধুনা প্ৰধানমন্ত্ৰী মোদীৰ

শিলচৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছত তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে বৰাকক ‘দিল্লী আৰু হৃদয়’ৰ পৰা আঁতৰাই ৰাখিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শিলচৰত উপস্থিত হৈ ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰে। শিলচৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে এখন জনসভা সন্বোধন কৰে। এই জনসভাখনত প্ৰধানমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে।

তেওঁ কয় যে স্বাধীনতাৰ পিছত কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক তেওঁলোকৰ অৱস্থাত এৰি থৈ গৈছিল।ফলত বৰাক উপত্যকাৰ উন্নয়ন দীৰ্ঘদিন ধৰি প্ৰভাৱিত হৈ থাকিল।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, দেশখন যেতিয়া স্বাধীন হ’ল সেই সময়ত সীমা এনেদৰে অংকন কৰা হৈছিল যে বৰাক উপত্যকাৰ সাগৰৰ সৈতে জড়িত অতি গুৰুত্বপূৰ্ণ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল।এসময়ত বাণিজ্যিক পথ আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে বিখ্যাত বৰাক উপত্যকাৰ শক্তিটোৱেই কাঢ়ি লোৱা হ’ল। স্বাধীনতাৰ দশক দশক পিছতো কংগ্ৰেছ চৰকাৰসমূহ ক্ষমতাত থাকিল, তথাপিও বৰাক উপত্যকাৰ উন্নয়নৰ বাবে কোনো উল্লেখযোগ্য কাম কৰা নহ’ল। বৰাকক ‘দিল্লী আৰু হৃদয়’ৰ পৰা কংগ্ৰেছে  আঁতৰাই ৰাখিছিল। কিন্তু এতিয়া বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে এই পৰিস্থিতি সলনি কৰাত ব্যস্ত হৈ পৰিছে আৰু বৰাক উপত্যকাক পুনৰবাৰ বাণিজ্য আৰু বাণিজ্যৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়- আজি ২৪,০০০ কোটি টকাৰ শ্বিলং–শিলচৰ হাই-স্পীড কৰিডৰৰ বাবে ভূমি পূজন সম্পন্ন হ’ল।কংগ্ৰেছৰ নেতাসকলক এটা কলম আৰু এখন কাগজ দি ২৪ হাজাৰ কোটিটো লিখিবলৈ কওক, তেওঁলোকে হয়টো ২৪ হাজাৰ কোটিত কিমানটা শূন্য আছে সেই কথা নাজানিব। লাগিলে ৰাস্তা হওক, ৰে’লপথ হওক বা কলেজ এই প্ৰতিটো প্ৰকল্পই বৰাক উপত্যকাক উত্তৰ-পূবৰ বাবে এক ডাঙৰ লজিষ্টিক আৰু বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে।  

লগতে পঢ়ক: ‘কংগ্ৰেছে কেতিয়াও সন্মান প্ৰদান কৰা নাছিল’; কাংশীৰামক লৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মায়াৱতীৰ

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজিৰে পৰা তিনিদিনীয়া এক গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব । গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা, সীমান্তৰ উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰত এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

প্ৰথম দিনৰ কাৰ্যসূচী: বৰাক উপত্যকাত উপস্থিত

আজি নিশা গৃহমন্ত্ৰীগৰাকী পোনপটীয়াকৈ কাছাৰ জিলাৰ শিলচৰত উপস্থিত হ’ব । তেওঁৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি বৰাক উপত্যকাত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ।

দ্বিতীয় দিন: সীমান্ত পৰিদৰ্শন আৰু ‘ভাইব্ৰেন্ট ভিলেজেছ প্ৰগ্ৰেম’

কাইলৈ দিনটোৰ আৰম্ভণিতে শ্ৰী শ্বাহে ভাৰত-বাংলাদেশ সীমান্তৰ নতুনপুৰ সীমান্ত চকী (BOP) পৰিদৰ্শন কৰিব । তাত তেওঁ বি এছ এফৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’ব ।

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘ভাইব্ৰেন্ট ভিলেজেছ প্ৰগ্ৰেম’ (Vibrant Villages Programme) তেওঁ নতুনপুৰত মুকলি কৰিব । ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু থলুৱা লোকসকলৰ জীৱিকাৰ নতুন পথ প্ৰশস্ত হ’ব ।

ইয়াৰ পাছতেই বৰাক উপত্যকাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰি তেওঁ এক বিশাল জনসভাত ভাষণ প্ৰদান কৰিব । বিয়লি তেওঁ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলা ভ্ৰমণ কৰি সন্ধিয়া পুনৰ অসমলৈ উভতি আহিব ।

তৃতীয় দিন: গুৱাহাটীত পেৰেড আৰু আধাৰশিলা স্থাপন

শনিবাৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দুটা মুখ্য কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে :

CRPF বাৰ্ষিক দিৱস : অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত চি আৰ পি এফৰ (CRPF) বাৰ্ষিক দিৱসৰ পেৰেডত তেওঁ অভিবাদন গ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ।

নতুন চৌহদৰ আধাৰশিলা : সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ (10th APBn) নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব তেওঁ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীয়ে জনালে ৰমজানৰ শুভেচ্ছা, দিলে সামাজিক ঐক্যৰ বাৰ্তা

জঘন্য;  ১৪ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন শিলচৰ বিশ্ববিদ্যালয়ৰ কৰ্মীৰ  

শিলচৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা । বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ কৰ্মচাৰী ফাৰুক আহমেদৰ বিৰুদ্ধ এগৰাকী ১৪ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মীৰ ঘৰত আছিল নাবালিকা গৰাকী। ঘৰত কোনো নথকাৰ সুযোগ লৈ  ফাৰুক আহমেদে নাবালিকাগৰাকীক ফুচুলাই বিভাগটোৰ এটা কক্ষলৈ লৈ যায় । আৰু তাতে নাবালিকা গৰাকীৰ যৌন নিৰ্যাতন চলায়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত নাবালিকা গৰাকীৰ পৰিয়ালে বিশ্ববিদ্যালয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। ঘটনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ভয়ংকৰ ; সুৰাই কাল হ’ল তিনি যুৱকৰ

নিশা শিলচৰ হাফলং সংযোগী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলাসী বাহনে প্ৰথমে স্কুটি আৰু তাৰ পিছত পথৰ দাঁতিত ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে।

জানিব পৰা মতে, উধাৰবন্দৰ পৰা শিলচৰ অভিমূখে এখন ইয়ন বাহন তীব্ৰবেগত গৈ থকাৰ সময়তে মহাসড়কৰ গোছাইপুৰ অঞ্চলত বাহন খনে প্ৰথমে এখন চলন্ত স্কুটিত খুন্দা মাৰে।

স্কুটিত খুন্দাই বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতৰ ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত গৈ খুন্দা মাৰে। ফলত ৰাজপথত বাগৰি পৰে বাহন খন।

দুৰ্ঘটনাটোৰ ফলত  ইয়ন বাহনখনৰ এনে অৱস্থা হয় যে স্থানীয় লোকসকলে বহু চেষ্টাৰ অন্তত বাহনখনৰ ভিতৰৰ পৰা তিনি যুৱকক উদ্ধাৰ কৰিবলা সক্ষম হয়।

এই  ভয়ংকৰ দুৰ্ঘটনাৰ পাছত স্থানীয় লোক সকলে তিনি যুৱক সহ স্কুটি আৰোহী জনক গুৰুতৰ অৱস্থাত SMCH ত প্ৰেৰণ কৰে।

দুৰ্ঘটনাত আহত হোৱা ইয়ন বাহনৰ তিনি যুৱক শিলচৰ তাৰাপুৰৰ আৰু স্কুটি আৰোহী জন আৰকাটিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইপিনে প্ৰত্যক্ষদৰ্শী সকলৰ অভিযোগ ইয়ন বাহনখনৰ তিনি যুৱক সুৰামত্ত অবস্থাত আছিল। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰত্যক্ষদৰ্শী সকলৰ।