প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী ৰণশিঙা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰী শ্বাহ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতক আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিৰ্বাচনী ৰণশিঙা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰী শ্বাহ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতক আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ সামৰণিৰ পিছতেই অসমত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী ।

উল্লেখ্য যে, দেওবাৰে বিজেপিৰ যুৱ সন্মিলত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমৰ যুৱ প্ৰজন্মক একত্ৰিত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া যুৱ শক্তি সমাৰোহৰ প্ৰস্তুতি এতিয়া তীব্ৰতৰ হৈ পৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰিবলগীয়া এই বিশাল সমাৱেশত সমগ্ৰ অসমৰ প্ৰায় ১.৫ লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

এই অনুষ্ঠানৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই ৰেলী ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে । তেওঁ উল্লেখ কৰে যে ইমান বৃহৎ সংখ্যক যুৱক-যুৱতীৰ সমাগম অসমত পূৰ্বে খুব কমেইহে দেখা গৈছে ।

মন্ত্ৰী হাজৰীকাই আৰু জনায় যে যুৱ সংগঠনৰ সৈতে তেওঁৰ প্ৰায় তিনি দশকজোৰা জড়িত থকাৰ কালছোৱাত ইমান ব্যাপক পৰিসৰৰ প্ৰস্তুতি তেওঁ কেতিয়াও দেখা নাই । তেওঁৰ মতে, এই পৰিকল্পনা আৰু অংশগ্ৰহণৰ মাত্ৰাই ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা উৎসাহ আৰু ৰাজনৈতিক সজাগতাকে প্ৰতিফলিত কৰিছে ।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই কাৰ্যসূচী । গৃহমন্ত্ৰীগৰাকীৰ উপৰিও এই সমাৱেশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব ।

লগতে পঢ়ক : কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ হাতৰ পুতলা হৈ পৰিছে: শিলচৰত প্ৰধানমন্ত্ৰী মোদী