শিলচৰত মুখ্যমন্ত্ৰী সচিবালয়ৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শিলচৰত নতুন সচিবালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে অন্ত পৰিল বৰাকবাসীৰ দীৰ্ঘদিনীয়া এক প্ৰতীক্ষাৰ । প্ৰশাসনিক বিকেন্দ্ৰীকৰণ আৰু চৰকাৰক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে । ছচিয়েল

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে

অন্ত পৰিল বৰাকবাসীৰ দীৰ্ঘদিনীয়া এক প্ৰতীক্ষাৰ । প্ৰশাসনিক বিকেন্দ্ৰীকৰণ আৰু চৰকাৰক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত এক নতুন সচিবালয় ভৱন উদ্বোধন কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’-ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “অসমৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যত দীৰ্ঘদিন ধৰি নীতি-নিৰ্ধাৰণ আৰু উন্নয়ন কেৱল গুৱাহাটীতে কেন্দ্ৰীভূত হৈ আছিল । এতিয়া এই ধাৰণা সলনি হৈছে । যোৱা পাঁচ বছৰত মোৰ অন্যতম প্ৰধান লক্ষ্য আছিল এই মানসিকতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা ।”

তেওঁ লগতে কয়, “কোকৰাঝাৰত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হৈছে । ডিব্ৰুগড়ত এক নতুন সচিবালয় আৰু বিধানসভা ভৱন নিৰ্মাণৰত অৱস্থাত আছে । শিলচৰত আজি আমি এক নতুন সচিবালয় উদ্বোধন কৰিছো । এইবোৰ কেৱল অট্টালিকা নহয়, এয়া আমাৰ দৃঢ় সংকল্পৰ নিদৰ্শন ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব আৰোপ কৰে যে সংস্কাৰৰ জৰিয়তে বহুতো কাৰ্যবাহী ক্ষমতা জিলা প্ৰশাসনক প্ৰদান কৰা হৈছে আৰু ‘সহ-জিলা’ গঠন কৰা হৈছে । ইয়াৰ ফলত চৰকাৰী সেৱাৰ বাবে নাগৰিকে জিলা সদৰলৈ যাব লগা পুৰণি প্ৰথাৰ অন্ত পৰিব ।

শেষত তেওঁ কয়, “আমাৰ মন্ত্ৰ সদায় এটাই আছিল আৰু থাকিব: প্ৰশাসন জনসাধাৰণৰ ওচৰলৈ যাব, জনসাধাৰণ প্ৰশাসনৰ ওচৰলৈ নহয় ।”

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ