এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী !নৈপৰীয়া ৰাইজলৈ জৰুৰী নিৰ্দেশনা জাৰি

এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী! নৈপৰীয়া ৰাইজলৈ জাৰি জৰুৰী নিৰ্দেশনা

ডিমা হাচাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে নিৰ্দেশনা । ধাৰাবাহিক বৰষুণৰ ফলত কপিলী জলাশয়ৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈছে । খান্দং জলাশয়ৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ সাতখনকৈ স্পিলৱে গেট খুলি দিয়া হৈছে । নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত কপিলী নদীৰ পানীৰ স্তৰ ক্ৰমাগতভাৱে

ডিমা হাচাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে নিৰ্দেশনা । ধাৰাবাহিক বৰষুণৰ ফলত কপিলী জলাশয়ৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈছে । খান্দং জলাশয়ৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ সাতখনকৈ স্পিলৱে গেট খুলি দিয়া হৈছে ।

নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত কপিলী নদীৰ পানীৰ স্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বাবে খান্দং জলাশয়ৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ সাতখনকৈ স্পিলৱে গেট খুলি দিয়া হৈছে । ইয়াৰ পিছতে ডিমা হাছাও জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই (DDMA) কপিলী নদীৰ পাৰত আৰু ইয়াৰ নামনি অঞ্চলত বসবাস কৰা বাসিন্দাসকলৰ বাবে এক জৰুৰী ৰাজহুৱা সতৰ্কবাণী জাৰি কৰিছে ।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে জলাশয়টোৰ সুৰক্ষা বজাই ৰখাৰ স্বাৰ্থত খান্দং বান্ধৰ গেটৰ জৰিয়তে পৰ্যায়ক্ৰমে পানী এৰি দিয়া হ’ব । যাৰ ফলত নদীখনৰ পানীৰ স্তৰ হঠাতে বৃদ্ধি পাব পাৰে ।

জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী :

কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা বা ক্ষয়-ক্ষতি ৰোধ কৰিবলৈ ডিডিএমএ-ই নামনি অঞ্চলৰ ৰাইজক তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে :

নদীত প্ৰৱেশ কৰাত নিষেধাজ্ঞা : পানী এৰি থকাৰ সময়ছোৱাত নদীৰ পানীত প্ৰৱেশ কৰা, গা-ধোৱা বা যিকোনো কামত নদীৰ পানী ব্যৱহাৰ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকক ।

পশুধন আৰু সম্পত্তিৰ সুৰক্ষা : সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ পশুধন, যানবাহন আৰু অন্যান্য মূল্যৱান সামগ্ৰীসমূহ অনতিপলমে নদীৰ পাৰৰ পৰা সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়ক ।

ডিজিটেল মাধ্যমত চকু ৰাখক : চৰকাৰী ম’বাইল এলাৰ্ট আৰু হোৱাটছএপ যোগাযোগ মাধ্যমৰ জৰিয়তে কিমানখন গেট খোলা হৈছে আৰু কিমান পৰিমাণৰ পানী এৰি দিয়া হৈছে, সেই সন্দৰ্ভত নিয়মিত আপডেট লৈ থাকক ।

নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত তীক্ষ্ণ নজৰ

কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, লংকাৰ দিশলৈ বৈ যোৱা নামনি অঞ্চলৰ পানীৰ প্ৰবাহ বহু পৰিমাণে নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ গেটসমূহৰ পৰিচালনাৰ ওপৰতো নিৰ্ভৰ কৰিব । গতিকে সেই অঞ্চলসমূহৰ ৰাইজকো অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে ।

সক্ৰিয় কৰা হৈছে জৰুৰীকালীন হেল্পলাইন

যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষিপ্ৰ মোকাবিলা কৰিবলৈ জিলা জৰুৰীকালীন পৰিচালনা কেন্দ্ৰই ইতিমধ্যে ইয়াৰ হেল্পলাইন সেৱা ২৪ ঘণ্টাই সক্ৰিয় কৰি তুলিছে । জিলা প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজক কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আৰু বাৰিষা কালত জাৰি কৰা সকলো সুৰক্ষা নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে ।

মুকলি কৰা হৈছে ৪টাকৈ ফোন নম্বৰ-

ফোন নম্বৰকেইটা হৈছে ০৩৬৭৩ – ২৩৬৩২৪, ০৩৬৭৩ – ৩৫৬০২২

টোল ফ্ৰী নম্বৰ ০৩৬৭৩ – ১০৭৭

মোবাইল নম্বৰ- 094355-30412

লগতে পঢ়ক : ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ প্ৰমাণ কৰিলে মুছলমান ৰাইজে

শেহতীয়া প্ৰৱন্ধসমূহ