'আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ'; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা মত বিনিময়ৰ এদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশ্বকাপ বিজয়ী দলটোক সাক্ষাৎ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনায়। ৰাষ্ট্ৰপতি ভৱনৰ

ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা মত বিনিময়ৰ এদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশ্বকাপ বিজয়ী দলটোক সাক্ষাৎ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনায়।

ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল ‘এক্স’ ত লিখিছে যে, ‘আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয় যে তেওঁলোকে ইতিহাস সৃষ্টি কৰিছে আৰু নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে।

তেওঁ কয় যে এই দলটো ভাৰতৰ প্ৰতিফলন।তেওঁলোক বিভিন্ন অঞ্চল, সামাজিক পটভূমি আৰু পৰিস্থিতিৰ পৰা আহিছে, কিন্তু এইটো এটা দল – টিম ইণ্ডিয়া।’

বৈঠকৰ সময়ত অধিনায়ক হৰমনপ্ৰীত কৌৰে ৰাষ্ট্ৰপতিগৰাকীক ভাৰতীয় দলৰ জাৰ্চি উপহাৰ দিয়ে,ইয়াত সকলো খেলুৱৈৰ স্বাক্ষৰ আছিল।

ভাৰতৰ উইমেন ইন ব্লু দলে দেওবাৰে নিশা নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমটো আই চি চি খিতাপ দখল কৰে।

লগতে পঢ়ক: চতুৰ্থ T20ত ভাৰতৰ জয়; ৪৮ ৰানত পৰাস্ত অষ্ট্ৰেলিয়া

শেহতীয়া প্ৰৱন্ধসমূহ