বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; কিয় বিশেষ এই ভ্ৰমণ ?

বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; কিয় বিশেষ এই ভ্ৰমণ ?

বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আফ্ৰিকাৰ দুখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে বটছৱানাৰ ৰাজধানী গাব’ৰ’নত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এই দেশলৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । গাব’ৰ’নৰ ছাৰ চেৰেন্টচে খামা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতি মুৰ্মুক গাৰ্ড অৱ অনাৰেৰে এক বৃহৎ আদৰণি

বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

আফ্ৰিকাৰ দুখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে বটছৱানাৰ ৰাজধানী গাব’ৰ’নত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এই দেশলৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । গাব’ৰ’নৰ ছাৰ চেৰেন্টচে খামা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতি মুৰ্মুক গাৰ্ড অৱ অনাৰেৰে এক বৃহৎ আদৰণি জনোৱা হয় । বটছৱানাৰ ৰাষ্ট্ৰপতি ডুমা গিডিয়ান বকোৱে ব্যক্তিগতভাৱে তেওঁক আদৰণি জনায় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই ভ্ৰমণ আফ্ৰিকাৰ দুখন দেশ এংগোলা আৰু বটছৱানা ভ্ৰমণৰ অংশ । প্ৰথমে এংগোলা ভ্ৰমণ কৰি দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ভাৰত-বটছৱানাৰ সম্পর্ক সুদৃঢ় কৰাৰ লগতে কালাহাৰী মৰুভূমিৰ পৰা আঠটা চিতা ভাৰতলৈ অনাৰ চুক্তি চূড়ান্ত কৰাৰ লক্ষ্যৰে মুৰ্মুৰ এই ভ্ৰমণ । গাব’ৰ’নৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ মক’লোডি প্ৰকৃতি সংৰক্ষিত বনাঞ্চললৈ অনা হয় চিতা কেইটাক, য’ত ৰাষ্ট্ৰপতি মুৰ্মু আৰু বকোৱে কোৱাৰেণ্টাইন এলেকাত মুকলি কৰি দিয়াৰ প্ৰতীকী অনুষ্ঠানৰ সাক্ষী হ’ব । এই পদক্ষেপ ‘প্ৰকল্প চিতা’ আৰু বন্যপ্ৰাণী সংৰক্ষণ সহযোগিতাৰ অংশ ।

তিনিদিনীয়া এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি বকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব । দুয়োগৰাকী নেতাই কেইবাখনো বুজাবুজি স্মাৰকতো স্বাক্ষৰ কৰাৰ কথা । ইয়াৰ পিছতে বুধবাৰে বটছৱানা সংসদত ভাষণ দিব আৰু তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু ।

উল্লেখ্য যে, হীৰা, ঔষধ, প্ৰযুক্তি, কৃষি, শক্তি আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত ভাৰত আৰু বটছৱানাৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । হীৰা ব্যৱসায় দুয়োখন দেশৰ মাজত এক প্ৰধান বাণিজ্য, বটছৱানাই ভাৰতলৈ ৰুক্ষ হীৰা ৰপ্তানি কৰাৰ বিপৰীতে ভাৰতে ঔষধ, যন্ত্ৰপাতি, লোহা, তীখা আৰু বৈদ্যুতিক সঁজুলি ৰপ্তানি কৰে । ২০২৪-২৫ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৫০৬ মিলিয়ন মাৰ্কিন ডলাৰ । ভাৰত আৰু বটছৱানাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল ১৯৬৬ চনত আৰু ২০২৬ চনত ৬০ বছৰ সম্পূৰ্ণ হ’ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু ভূটানৰ ৰজাই শুভাৰম্ভ কৰিলে এই বৃহৎ প্ৰকল্পৰ