‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…

‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’

শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানত স্মাৰ্ট ব্লেকবৰ্ড, স্মাৰ্ট শ্ৰেণীকোঠা আৰু আধুনিক সা-সুবিধাৰ নিজস্ব গুৰুত্ব আছে যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এজন স্মাৰ্ট শিক্ষক । এনে শিক্ষকেহে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তা বুজি পায় আৰু অধ্যয়নক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তোলে বুলি কয় তেওঁ ।

বিজ্ঞান ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে । এই অুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত ৬০ গৰাকীৰো অধিক শিক্ষকক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষক হিচাপে তেওঁৰ দিনবোৰ মনত পেলাই কয় যে এয়া তেওঁৰ জীৱনৰ এক অতি অৰ্থপূৰ্ণ পৰ্যায় । তেওঁ কয়, “স্মাৰ্ট ব্লেকবৰ্ড আৰু শ্ৰেণীকোঠা গুৰুত্বপূৰ্ণ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এজন স্মাৰ্ট শিক্ষক । স্মাৰ্ট শিক্ষক হ’ল সেইসকল যিয়ে শিশুৰ প্ৰয়োজনীয়তা বুজি সংবেদনশীলতাৰে শিক্ষণক আকৰ্ষণীয় কৰি তোলে । এনে শিক্ষকে শিশুসকলক সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম কৰে । জ্ঞানী শিক্ষকে শিশুৰ মাজত মৰ্যাদা আৰু নিৰাপত্তাৰ ভাৱ জগাই তোলে ।”

শিক্ষকৰ প্ৰথম কৰ্তব্য- চৰিত্ৰ গঠন

ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন এজন শিক্ষকৰ প্ৰথম কৰ্তব্য বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয় । তেওঁ কয়, “নৈতিক আচৰণ অনুসৰণ কৰা সংবেদনশীল, দায়িত্বশীল আৰু নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীসকল কেৱল প্ৰতিযোগিতা, মুখস্থ শিক্ষণ আৰু স্বাৰ্থপৰতাৰ প্ৰতি চিন্তিত ছাত্ৰ-ছাত্ৰীতকৈ বহুত ভাল । এজন ভাল শিক্ষকৰ আৱেগ আৰু বুদ্ধি দুয়োটা থাকে । এই দুয়োটাৰ ভাৰসাম্যই ছাত্ৰ-ছাত্ৰীৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ।”

মুৰ্মুৱে কয় যে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুৱেও শিক্ষাৰ শক্তিৰে বহু উচ্চতা স্পৰ্শ কৰিব পাৰে আৰু ইয়াত আটাইতকৈ ডাঙৰ ভূমিকা লয় মৰমিয়াল আৰু নিষ্ঠাবান শিক্ষকসকলে । তেওঁ কয় যে শিক্ষকসকলৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক গোটেই জীৱন মনত ৰখা আৰু পৰিয়াল, সমাজ আৰু দেশলৈ প্ৰশংসনীয় অৱদান আগবঢ়োৱা ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ভাৰতৰ ভৱিষ্যত-

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য ভাৰতক বিশ্বব্যাপী জ্ঞান মহাশক্তি হিচাপে গঢ়ি তোলা । ইয়াৰ বাবে আমাৰ শিক্ষকসকল বিশ্বৰ শ্ৰেষ্ঠ শিক্ষকৰ শ্ৰেণীত থাকিব লাগিব । তেওঁ কয়, “আমাৰ প্ৰতিষ্ঠান আৰু শিক্ষকসকলে তিনিওটা ক্ষেত্ৰতে সক্ৰিয়ভাৱে অৰিহণা যোগাব লাগিব- স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা আৰু দক্ষতা শিক্ষা । মোৰ বিশ্বাস যে আমাৰ শিক্ষকসকলে ভাৰতক বিশ্বব্যাপী জ্ঞানৰ মহাশক্তি হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।”

লগতে পঢ়ক : বিদ্যালয়ত নিষিদ্ধ হ’ল মোবাইল ফোন; প্ৰণয়ন কৰিলে পৃথক আইন

ৰাজ্যসভালৈ চাৰিজনক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ…

ৰাজ্যসভালৈ চাৰিজনক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

সংবিধানৰ ৮০ নং অনুচ্ছেদৰ দফা (১) উপধাৰা (ক) আৰু দফা (৩)ৰ অধীনত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাজ্যসভালৈ ৪ জন নতুন সদস্যক মনোনীত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । তেওঁলোকৰ ভিতৰত আছে প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলা, উজ্জ্বল দেৱৰাও নিকাম । মনোনীত সদস্যসকলৰ অৱসৰৰ ফলত হোৱা খালী পদ পূৰণৰ বাবে এই নিযুক্তি দিয়া হৈছে ।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ২০২৫ চনৰ ১২ জুলাই তাৰিখে এই ঘোষণা কৰা হৈছে । মনোনীত সদস্যসকলৰ ভিতৰত আছে উজ্জ্বল দেৱৰাও নিকাম, চি সদানন্দন মাষ্টাৰ, হৰ্ষবৰ্ধন শ্ৰিংলা আৰু ড° মীনাক্ষী জৈন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনীত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰিছে ।

এই নিযুক্তিসমূহৰ উদ্দেশ্য হৈছে সংবিধানত উল্লেখ কৰা অনুসৰি ৰাজ্যসভাত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা । সংবিধানৰ ৮০ নং অনুচ্ছেদৰ অধীনত কলা, সাহিত্য, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে ।

সংসদৰ উচ্চ সদনত বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী আৰু বিশেষজ্ঞতা অন্তৰ্ভুক্ত কৰিবলৈ এই নিযুক্তিসমূহ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । মনোনীত সদস্যসকলৰ ভূমিকা হৈছে বিধানসভাৰ আলোচনাত উল্লেখযোগ্য অৱদান আগবঢ়োৱা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনাক সমৃদ্ধ কৰা ।

কূটনৈতিক অভিজ্ঞতাৰ ভিত্তিত হৰ্ষ বৰ্ধন শ্ৰিংলাৰ নিযুক্তি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ বিপৰীতে ড° মীনাক্ষী জৈন ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিদ্বান অৱদানৰ বাবে পৰিচিত । আজমল কাছাবৰ বিৰুদ্ধে গোচৰৰ যুঁজ দিয়াৰ বাবে পৰিচিত নিকাম । ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত জীৱিত অৱস্থাত ধৰা পৰা একমাত্ৰ সন্ত্ৰাসবাদী কাছাবৰ মৃত্যুদণ্ডৰ তীব্ৰ পোষকতা কৰিছিল তেওঁ ।

লগতে পঢ়ক : দেশত ৪৭খন চহৰত নিয়োগ মেলাৰ আয়োজন; ৫১ হাজাৰ যুৱক-যুৱতীক দিলে নিযুক্তি পত্ৰ

পৰ্তুগালৰ পিছত দুদিনীয়া শ্লোভাকিয়া ভ্ৰমণলৈ ৰাওনা ৰাষ্ট্ৰপতি মুৰ্মু…

বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুখন দেশৰ ৰাজকীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্লোভাকিয়া ভ্ৰমণ আৰম্ভ কৰে । শ্লোভাকিয়া ভ্ৰমণ কৰা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে মুৰ্মু । পৰ্তুগাল ভ্ৰমণ শেষ কৰি ভিয়েনা পালে আৰু তাৰ পৰা স্থল পথেৰে ব্ৰাটিছলাভা (শ্লোভাকিয়াৰ ৰাজধানী)লৈ যায় । তেওঁ এই যাত্ৰা নিশাৰ ভাগত কৰিছিল ।

দুদিনীয়া শ্লোভাকিয়া ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব । শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি, প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু ৰাষ্ট্ৰীয় পৰিষদৰ অধ্যক্ষ ৰিচাৰ্ড ৰাচিকক সাক্ষাৎ কৰিব তেওঁ । ২৯ বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় ৰাষ্ট্ৰপতিয়ে শ্লোভাকিয়া ভ্ৰমণ কৰিছে । ৰাষ্ট্ৰপতি মুৰ্মুৰ এটা ডাঙৰ অনুষ্ঠান হ’ব টাটা মটৰ্ছৰ জাগুৱাৰ লেণ্ড ৰভাৰ (জে এল আৰ) প্লাণ্টলৈ তেওঁৰ ভ্ৰমণ । ২০১৮ চনত আৰম্ভ হোৱা এই উদ্যোগটোত বছৰি ১,৫০,০০০ খন বাহন নিৰ্মাণৰ ক্ষমতা আছে ।

বৈদেশিক মন্ত্ৰালয়ৰ সচিব তনমায়া লালে ৪ এপ্ৰিলত সংবাদ মাধ্যমৰ ব্রিফিঙত কয় যে শ্লোভাকিয়াত সংস্কৃত অধ্যয়নৰ এক অতি শক্তিশালী পৰম্পৰা আছে ৷ মহাত্মা গান্ধীৰ ৰচনাসমূহ শ্লোভাক ভাষালৈ অনুবাদ কৰা হৈছে । ২০২২ চনত ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ ক্ষেত্ৰত শ্লোভাকিয়াই গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছিল । ভাৰত-ইউৰোপীয় ইউনিয়নৰ অংশীদাৰিত্বৰ প্ৰেক্ষাপটত ভাৰত আৰু শ্লোভাকিয়াৰ মাজৰ সম্পৰ্কও গুৰুত্বপূৰ্ণ । ২০০৪ চনত শ্লোভাকিয়াই ইউৰোপীয় সংঘত প্ৰৱেশ কৰাৰ সময়ত ভাৰত আৰু ইউৰোপীয় ইউনিয়নে কৌশলগত অংশীদাৰিত্ব আৰম্ভ কৰিছিল ।

ভাৰতীয় কোম্পানীসমূহে অটোমোবাইল, ইঞ্জিনিয়াৰিং আৰু আই টিকে ধৰি বিভিন্ন খণ্ডত শ্লোভাকিয়াত বিনিয়োগ কৰিছে । ভাৰত আৰু শ্লোভাকিয়াৰ মাজতো দীৰ্ঘদিন ধৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী সম্পৰ্ক আছে । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে পৰ্তুগালত উচ্চ পৰ্যায়ৰ বৈঠকৰো আয়োজন কৰি ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰে । দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ গ্ৰহণ কৰা হৈছে ।

বেচেৰী মহিলা ; ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুক লৈ ছোনিয়া গান্ধীয়ে কৰা মন্তব্যত হাহাকাৰ

সংসদৰ যুটীয়া অধিৱেশনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৰ ভাষণ সন্দৰ্ভত এটা মন্তব্য কৰিছে, যিটোৱে এতিয়া চৰ্চা লাভ কৰা দেখা গৈছে।

সংসদৰ চৌহদত সাংবাদিকে সোধা প্ৰশ্নত ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতিক “বেচেৰী মহিলা” বুলি উল্লেখ কৰে। তাৰ পিছতেই বিজেপিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকীৰ এই মন্তব্যক অপমানজনক বুলি অভিহিত কৰিছে।

ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰপতি মুৰ্মুৰ ওপৰত কৰা অপমানজনক মন্তব্যৰ বাবে গান্ধী পৰিয়ালক আক্ৰমণ কৰাৰ লগতে কৈছে যে কংগ্ৰেছৰ সামন্ততান্ত্ৰিক মানসিকতাই এগৰাকী জনজাতীয় মহিলা দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ সত্যটো হজম কৰিব নোৱাৰে।

বিজেপি সাংসদ সুকান্ত মজুমদাৰে কয়, “এইটো এটা অপমানজনক মন্তব্য আছিল। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ দৰে নেতাই এনে মন্তব্য কৰা উচিত নহয়, বিশেষকৈ ৰাষ্ট্ৰপতিৰ বিষয়ে।

দ্ৰৌপাদি মুৰ্মু এটা জনজাতীয় পৰিয়ালৰ পৰা আহিছে আৰু এতিয়া তেওঁ আমাৰ দেশৰ এক নম্বৰ নাগৰিক, আৰু এইটো কংগ্ৰেছে গ্ৰহণ কৰিব পৰা নাই।সেয়েহে, তেওঁলোকে ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণৰ বিৰোধিতা কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কৈছিল যে ভাষণৰ শেষত ৰাষ্ট্ৰপতি বহুত ভাগৰি পৰিছিল।বেচেৰিয়ে বহু কষ্ট কৰি কথাখিনি কৈ আছিল”। এই সময়ছোৱাত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাও তাত উপস্থিত আছিল।

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে শুক্ৰবাৰে বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ভাষণ দিছিল।

এই সময়ছোৱাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ‘নিজৰ ঘৰৰ সপোন’ পূৰণ কৰিবলৈ আৰু গাওঁসমূহৰ দৰিদ্ৰ লোকসকলক আৱাসিক ভূমি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ অধিকাৰ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মোৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ এটা ঘৰ ৰখাৰ সপোন পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মধ্যবিত্ত শ্ৰেণীৰ সপোনক সুৰক্ষা প্ৰদান কৰিবলৈ আৰইআৰএৰ দৰে এখন আইন প্ৰণয়ন কৰা হৈছে। ঘৰৰ বাবে ঋণৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হৈছে।

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,,,প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰিব সাক্ষাৎ

দেওবাৰ (১৫ ডিচেম্বৰ)ৰ পৰা মঙলবাৰ (১৭ ডিচেম্বৰ)লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ ।

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব । তিনিদিনীয়া এই ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ আৰু বিত্ত মন্ত্ৰালয়ৰ উপমন্ত্ৰী অনিল জয়ন্ত ফাৰ্নাণ্ডোও উপস্থিত থাকিব ।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্য-

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ তিনিদিনীয়া ভাৰত ভ্ৰমণক দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে (১৩ ডিচেম্বৰ) কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ দৰে বিষয়সমূহ আলোচনা কৰা হ’ব পাৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ হ’বলগীয়া এই ভ্ৰমণৰ সময়ত দিছনায়কে ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ উপৰিও তেওঁ দেশৰ ৰাজধানী দিল্লীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিনিয়োগ আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে ব্যৱসায়িক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । একে সময়তে তেওঁ বিহাৰৰ গয়াত অৱস্থিত বোধগয়া মন্দিৰো পৰিদৰ্শন কৰিব ।

এছ. জয়শংকৰে ৰাষ্ট্ৰপতিক দিল্লীলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল-

এছ অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত জয়শংকৰ কলম্বো ভ্ৰমণ কৰা প্ৰথমজন বৈদেশিক মন্ত্ৰী । শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে দিল্লীলৈ আহিবলৈ দিছনায়েকক নিমন্ত্ৰণ কৰিছিল । দিছানায়েকেৰ পাৰ্টি ক্ষমতালৈ অহাৰ পাছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী বিশিষ্ট ব্যক্তি জয়শংকৰ ।