ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰৱ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

অসমৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন

অসমৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ ওপৰত চৰকাৰৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে।

সামাজিক মাধ্যম ‘এক্স’ ত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ লক্ষ্য হৈছে “ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰিৱৰ্তন সাধন কৰা আৰু শিক্ষাৰ্থী সমাজক সৰ্বোত্তম মানদণ্ডৰ শিক্ষাদান কৰা। অসমৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। আমাৰ লক্ষ্য হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক সামগ্ৰিকভাৱে ৰূপান্তৰিত কৰা আৰু শিক্ষাৰ্থী সমাজৰ বাবে সৰ্বোত্তম মানদণ্ডৰ শিক্ষাদান সুনিশ্চিত কৰা”।

তেওঁ লগতে উল্লেখ কৰে যে এই সংস্কাৰ কাৰ্যসূচী তিনিটা মুখ্য স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত: গুণগত মানৰ উন্নয়ন, আঞ্চলিক বৈষম্যৰ অৱসান আৰু ৰাজ্যৰ চুকে-কোণে থকা শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ সহজলভ্য কৰি তোলা।

তেওঁ আৰু লিখিছে, “আমাৰ গুৰুত্ব তিনিটা মূল স্তম্ভৰ ওপৰত ন্যস্ত আছে— গুণগত মান উন্নত কৰা, আঞ্চলিক বৈষম্য দূৰ কৰা আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ সুযোগ বৃদ্ধি কৰা। এই খণ্ডটোক কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায়, সেই সন্দৰ্ভত আমি বিতংভাৱে আলোচনা কৰিছোঁ। ‘নিজুত মইনা’ আৰু ‘নিজুত বাবু’ৰ দৰে মুখ্য আঁচনিসমূহ ৰূপায়ণৰ ৰূপৰেখা, মাচুল ৰেহাই আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ অগ্ৰগতি, চৰকাৰী আৰ্হি মহাবিদ্যালয় (Model Colleges) আৰু চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আদি।”

এই পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া পৰ্যায়ৰ লোকসকলক শিক্ষাৰ গুৰুত্বপূৰ্ণ সূচকসমূহ শক্তিশালী কৰিবলৈ আৰু স্কুলীয়া শিক্ষা আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ, শিক্ষক-ছাত্ৰৰ অনুপাত, ভৌগোলিক সমতা আৰু মুঠ নামভৰ্তিৰ হাৰৰ দৰে গুৰুত্বপূৰ্ণ মাপকাঠীত অসমে যাতে ৰাষ্ট্ৰীয় গড়তকৈ উন্নত প্ৰদৰ্শন কৰে, তাৰ বাবে স্পষ্ট নিৰ্দেশনা দিয়ে।

পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শিক্ষাৰ মূল সূচকসমূহ ৰাষ্ট্ৰীয় গড় মানদণ্ডতকৈ ওপৰলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয়, “বিষয়াসকললৈ মোৰ নিৰ্দেশনা স্পষ্ট। স্কুল এৰাৰ হাৰ, শিক্ষক-ছাত্ৰৰ অনুপাত, ভৌগোলিক সমতা, মুঠ নামভৰ্তিৰ হাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ সূচকসমূহ যাতে ৰাষ্ট্ৰীয় গড়তকৈ অধিক হয়, সেয়া নিশ্চিত কৰক। প্ৰতিখন বিদ্যালয়তে বিদ্যুতীকৰণ, শৌচাগাৰ, খোৱাপানী আৰু কাৰ্যক্ষম শ্ৰেণীকোঠাৰ দৰে মানদণ্ডসম্পন্ন আন্তঃগাঁথনিমূলক সুবিধাসমূহ সৰ্বোত্তম পৰ্যায়ত থকাটো সুনিশ্চিত কৰক। সকলোৰে কল্যাণৰ বাবে এটা শক্তিশালী শিক্ষা খণ্ড গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ”।

ইফালে, বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET-UG 2026 ৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰো বুজ লয়। জিলা উপায়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই পৰ্যালোচনা কৰা হয়।

লগতে পঢ়ক: ১৯২৯ কোটি টকাৰ ‘VB-GRAMG’আঁচনি ৰূপায়ণৰ বাবে সাজু হৈছে অসম

শেহতীয়া প্ৰৱন্ধসমূহ