মুখ্যমন্ত্ৰী পদৰ বাবে ডি কে শিৱকুমাৰে কেতিয়া ল’ব শপত?
কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ ভিতৰত নেতৃত্ব পৰিৱৰ্তনৰ বিষয়টোৱে যথেষ্ট গতি লাভ কৰিছে। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ তাৰিখক লৈ আলোচনা চলি আছে।চলিত মাহৰ ২১ বা ২৬ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে ডি কে শিৱকুমাৰে।
ৰাজ্যখনত বৰ্তমানৰ সিদ্দাৰমাইয়া চৰকাৰে ২০ নৱেম্বৰত ডেৰ-দুবছৰ সম্পূৰ্ণ কৰিব।এনে পৰিস্থিতিত কথিত ক্ষমতা ভাগ-বতৰাৰ সূত্ৰ অনুসৰি ডি কে শিৱকুমাৰে ২১ বা ২৬ তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।এতিয়া এই বিষয়ত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই মন্তব্য কৰিছে।
শুকুৰবাৰে ইয়াৰ সৈতে জড়িত এটা প্ৰশ্নত সিদ্দাৰমাইয়াক বিৰক্ত হোৱা দেখা গৈছিল।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আপোনালোকক এই কথা কোনে কৈছিল? শিৱকুমাৰে এই কথা কৈছিল নেকি?”
দৰাচলতে সিদ্দাৰমাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০ নৱেম্বৰত নিজৰ কাৰ্যকালৰ আধা সময় অৰ্থাৎ ডেৰ-দুবছৰ সম্পূৰ্ণ কৰিব।
ইয়াৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে, সিদ্দাৰমাইয়াৰ সৈতে হোৱা কথিত ক্ষমতা ভাগ-বতৰা চুক্তিৰ অংশ হিচাপে,২০ নৱেম্বৰৰ পিছত তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে দাবী বাজি ল’ব পাৰে।
স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সিদ্ধাৰমাইয়াক সুধিছিল যে, শিৱকুমাৰে ২১ বা ২৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি কোৱাত তেওঁৰ খং উঠিছিল।
তেওঁ কটুক্তিৰে ক’লে যে,”এই কথা কোনে কৈছিল? শিৱকুমাৰে এই কথা কৈছিল নেকি?” তাৰ পিছত তেওঁ খঙেৰে গুচি গ’ল।
এই ঘটনাই সিদ্দাৰমাইয়া আৰু শিৱকুমাৰৰ মাজত উত্তেজনা সন্দৰ্ভত জল্পনা-কল্পনাত আৰু অধিক ইন্ধন যোগাইছিল।
লগতে পঢ়ক: NDA ৰ ইস্তাহাৰ প্ৰকাশ; প্ৰতিগৰাকী যুৱক আৰু নিবনুৱালৈ ডাঙৰ অফাৰ









