‘অৰবিন্দ কেজৰিৱালে মোৰ ফোন ৰিচিভ নকৰে’; কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

‘কেজৰিৱালে মোৰ ফোন ৰিচিভ নকৰে’; কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ দিল্লী আম আদমী পাৰ্টিৰ বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে।দিল্লী দলৰ উপ-সভাপতি, ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিধানসভাৰ আবেদন আৰু অনুমান সমিতিৰ প্ৰাক্তন অধ্যক্ষ ৰাজেশ গুপ্তাই শনিবাৰে বিজেপিত যোগদান কৰে। গুপ্তা আপৰ কৰ্ণাটকৰ প্ৰভাৰীও আছিল। তেওঁ শুকুৰবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সদস্যপদ

কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

দিল্লী আম আদমী পাৰ্টিৰ বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে।দিল্লী দলৰ উপ-সভাপতি, ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিধানসভাৰ আবেদন আৰু অনুমান সমিতিৰ প্ৰাক্তন অধ্যক্ষ ৰাজেশ গুপ্তাই শনিবাৰে বিজেপিত যোগদান কৰে।

গুপ্তা আপৰ কৰ্ণাটকৰ প্ৰভাৰীও আছিল। তেওঁ শুকুৰবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সদস্যপদ গ্ৰহণ কৰে।

বিজেপিত যোগদান কৰাৰ পিছত গুপ্তাই কয়,‘আপে নিজৰ মূল মতাদৰ্শৰ পৰা বিচ্যুত হৈ দুৰ্নীতিৰ মাজত নিমগ্ন হৈ পৰিছে”।

“আমি বিজেপিৰ সৈতে উন্নয়ন আৰু জাতীয়তাবাদৰ পথত খোজ দিম।তেওঁক আদৰণি জনাই বিজেপি নেতা বৈজয়ন্ত পাণ্ডাই কয়, “আপোনাৰ ‘দুৰ্যোগ’ এতিয়া বিজেপিৰ শক্তি হৈ পৰিব।”

BJP4Delhiৰ পূৰ্বৰ হেণ্ডেলৰ লাইভ কনফাৰেন্সৰ সময়ত গুপ্তাই বিজেপিত যোগদান কৰে। যোগদান কৰাৰ লগে লগে গুপ্তা কান্দোনত ভাঙি পৰিল।

তেওঁ আপ দলৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। গুপ্তাই কয় যে,’অৰবিন্দ কেজৰিৱালে মোৰ ফোনটোও তুলি লোৱা নাই,ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজেও কথা নকয়।পাৰ্টিত মোৰ ১০ বছৰীয়া কষ্ট পাহৰি গ’ল’।

বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁক দিল্লী ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সাচদেৱকে ধৰি অন্যান্য নেতাই আদৰণি জনায়।

লগতে পঢ়ক: ‘যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব’; বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত