আপৰ পৰা বিজেপিলৈ গৈ বিপদত ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠক; হ’ব পাৰে গ্ৰেপ্তাৰ

পঞ্জাৱত সন্দীপ পাঠকৰ বিৰুদ্ধে জামিনহীন ধাৰাত দুখনকৈ এফআইআৰ ৰুজু কৰা হৈছে আৰু এতিয়া তেওঁৰ গ্ৰেপ্তাৰৰ ভাবুকিও আহি পৰিছে।

শেহতীয়াকৈ আম আদমী পাৰ্টি এৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকৰ বিৰুদ্ধে পঞ্জাৱত দুটা এফআইআৰ ৰুজু হৈছে।পঞ্জাৱৰ দুখন ভিন্ন জিলাত সন্দীপ পাঠকৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে।তেওঁৰ বিৰুদ্ধে দুয়োটা এফআইআৰ নন-বেইল ধাৰাত ৰুজু কৰা হৈছে।মন কৰিবলগীয়া যে সন্দীপ পাঠকৰ ওপৰত এতিয়া গ্ৰেপ্তাৰৰ ভাবুকিৰ সৃষ্টি হৈছে।

তাৰ মাজতে, সন্দীপ পাঠকৰ প্ৰথম প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে।সন্দীপ পাঠকে কয় যে, এনে কোনো FIRৰ বিষয়ে মই অৱগত নহয়,নতুবা কোনো আৰক্ষী বিষয়াই মোক এই বিষয়ে অৱগত কৰা নাই। মই সততা আৰু নিষ্ঠাৰে সমগ্ৰ জীৱন দেশৰ সেৱা কৰিয়েই কটালোঁ।ভাৰত যিকোনো দলতকৈ ডাঙৰ।মই কেতিয়াও মোৰ দেশক বিশ্বাসঘাতকতা নকৰো,নতুবা আন কাকো তেনে কৰিবলৈ নিদিওঁ।

তেওঁ আৰু কয় যে, মোৰ দৰে ব্যক্তিৰ বিৰুদ্ধে যদি কোনো তদন্ত আৰম্ভ কৰা হয়, তেন্তে ই কেৱল তেওঁলোকৰ আতংকক প্ৰতিফলিত কৰে।মই এই বিষয়ে আৰু একো ক’ব নিবিচাৰো।

লগতে পঢ়ক: পশ্চিম বংগৰ ১৫ টাকৈ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ; ইভিএমত খেলিমেলিৰ অভিযোগ

আপত মোক্ষম আঘাত; ৭ সাংসদক বিজেপিত যোগদানত অনুমোদন ৰাজ্যসভাৰ অধ্যক্ষৰ

ৰাজ্যসভাত আম আদমী পাৰ্টীৰ ৭ গৰাকী সাংসদে বিজেপিত যোগদান কৰিছে। ৰাজ্যসভাৰ অধ্যক্ষই এই প্ৰস্তাৱত অনুমোদন জনাইছে।

আম আদমী পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰাঘৱ চাদ্দা আৰু সন্দীপ পাঠক সহ আম আদমি পাৰ্টীৰ ৭ গৰাকী সাংসদক বিজেপিত যোগদানৰ প্ৰস্তাৱত ৰাজ্যসভাৰ অধ্যক্ষই অনুমোদন জনাইছে।এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনাও জাৰি কৰা হৈছে।য’ত বিজেপিৰ সাংসদৰ তালিকাত এই ৭ গৰাকী নেতাৰ নামো অন্তৰ্ভুক্ত।

আম আদমী পাৰ্টীৰ সাতজন সাংসদে বিজেপিত যোগদান কৰাৰ লগে লগে ৰাজ্যসভাত বিজেপিৰ মুঠ সাংসদৰ সংখ্যা ১১৩ গৰাকী হয়।ইয়াৰে পাঁচজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিছে। বিজেপিত যোগদান কৰা আপৰ ৭ গৰাকী সাংসদ হৈছে ৰাঘৱ চাদ্দা, অশোক কুমাৰ মিত্তল, হৰভজন সিং, সন্দীপ কুমাৰ পাঠক, বিক্ৰমজিৎ সিং সাহনী, স্বাতী মালিৱাল, আৰু ৰাজেন্দ্ৰ গুপ্তা।

মন কৰিবলগীয়া যে শুকুৰবাৰে ৰাঘৱ চাদ্দা আৰু সন্দীপ পাঠকে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। বিজেপিৰ সভাপতি নীতিন নবিনে সাংসদসকলক মিঠাই খোৱাই দললৈ আদৰণি জনায়।

আপৰ ৭ গৰাকী সাংসদ বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ পিছত এতিয়া দলটোত মাত্ৰ ৩ গৰাকী সাংসদ হে বাকী আছে।তেওঁলোকৰ নাম হৈছে সঞ্জয় সিং, নাৰায়ণ দাস গুপ্ত, আৰু সন্ত বলবীৰ সিং।

লগতে পঢ়ক: “আজি শেষ প্ৰচাৰ,এতিয়া, মই শপত গ্ৰহণ অনুষ্ঠানলৈ হে আহিম”; বংগত  আত্মবিশ্বাসেৰে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ৰাঘৱ চাদ্দাৰ; শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন

দিল্লীত এক ৰাজনৈতিক বোমা বিস্ফোৰণ হৈছে। ‘আম আদমী পাৰ্টী’ৰ প্ৰতিষ্ঠাপক সদস্য তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাই সংবাদমেলযোগে দলৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছে।

আমেৰিকাৰ পৰা উভতিয়েই AAPৰ নেতা ৰাঘৱ চাদ্দাই এখন সংবাদমেল যোগে তেওঁ আম আদমী পাৰ্টীৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ৰাঘৱ চাদ্দাই গধুৰ মনেৰে উল্লেখ কৰে যে আম আদমী পাৰ্টীয়ে নিজৰ আদৰ্শ আৰু মৌলিক মূল্যবোধৰ পৰা সম্পূৰ্ণৰূপে বিচ্যুত হৈছে।মই আম আদমি পাৰ্টিৰ পৰা নিজকে আঁতৰাই ৰাইজৰ ফালে আগবাঢ়িছো।

উল্লেখযোগ্যভাৱে হাস্যৰসময়ী  হাঁহি মাৰি ৰাঘৱ চাদ্দাই নিজকে “ভুল দলৰ সঠিক মানুহ”বুলি অভিহিত কৰিছে। তেওঁ উল্লেখ কৰে যে এতিয়া মই দলৰ ভিতৰতে শ্বাসৰুদ্ধ অনুভৱ কৰিছো কাৰণ দলটোৰ বৰ্তমানৰ ৰূপটো প্ৰতিষ্ঠাপক নীতিৰ লগত মিল নাই।

জানিব পৰা মতে, শীঘ্ৰেই বিজেপিত যোগ দিব ৰাঘৱ চাদ্দাই !অকল ৰাঘৱেই নহয়, আপৰ দুই-তৃতীয়াংশ সাংসদ যাব বিজেপিলৈ! ৰাঘৱ চাদ্দাৰ ঘোষণাৰ পিছতেই আপৰ সাংসদসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: “৪ মে’ৰ ফলাফলৰ পিছত পশ্চিম বংগত শেষ হ’ব গুণ্ডাৰাজ”; টিএমচিক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘ৰাঘৱ চাড্ডাই কম্প্ৰমাইজ কৰিছে…’; ৰাঘৱ চাড্ডাক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সাংসদ ৰাঘৱ চাড্ডাৰ ভিডিঅ’টোক লৈ তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাঘৱ চাড্ডাই গুৰুত্বপূৰ্ণ বিষয়ৰ সলনি কেণ্টিনৰ চিংৰাৰ বিষয় হে উত্থাপন কৰে।

আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰৰ মাজত বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজ্যসভাত আম আদমি পাৰ্টিৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাড্ডাই নিজৰ দলটোক লক্ষ্য কৰি এটা ভিডিঅ’ বিবৃতি প্ৰকাশ কৰে।

ইয়াৰ প্ৰতি প্ৰত্যুত্তৰ জনাই আম আদমি পাৰ্টিৰ নেতাসকলেও নিজৰ সাংসদ গৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে।পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাঘৱ চাড্ডাক কম্প্ৰমাইজ কৰা বুলি উল্লেখ কৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে উল্লেখ কৰে যে দলটোৰ সংসদীয় ব’ৰ্ডৰ নেতাসকল সময়ে সময়ে সলনি হয়, আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া।তেওঁৰ নিজৰ উদাহৰণ দি কয় যে, ২০১৪ চনৰ পাৰ ২০১৯ চনৰ ভিতৰত তেওঁও ড° ধৰ্মবীৰ গান্ধীৰ ঠাইত আছিল।ভাগৱত মানে উল্লেখ কৰে যে কেইবাটাও গুৰুতৰ বিষয় আছে,যিবোৰ বিষয়ত দলে আশা কৰে যে নিজৰ সাংসদসকলে ৱাকআউট কৰক বা মাত মাতিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যেতিয়া কোনো সংসদৰ সদস্যই তেনে কৰিব নোৱাৰে তেতিয়া ই নীতিক উলংঘা কৰা বুলি গণ্য কৰে।নীতি উলংঘা কৰাৰ বাবে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হয়।পশ্চিম বংগত ভোটাৰৰ নাম ভুলকৈ আঁতৰোৱাৰ ক্ষেত্ৰত হওক, বা গুজৰাটত আম আদমি পাৰ্টিৰ কৰ্মীক গ্ৰেপ্তাৰ সন্দৰ্ভত,ৰাঘৱ চাড্ডাই এইবোৰ বিষয়ক সম্বোধন কৰাৰ পৰিৱৰ্তে সংসদত কেণ্টিনত চিঙৰাৰ বৰ্ধিত মূল্য আৰু পিজ্জা ডেলিভাৰীত পলম হোৱাৰ বিষয়টো উত্থাপন কৰে। গতিকে মই ভাবো, তেওঁ হয়টো আপোচ কৰিছে।  

লগতে পঢ়ক: ‘ককায়েক-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল’; ৰাহুল গান্ধীক কটাক্ষ পীয়ুষ হাজৰিকাৰ

ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাদ্দাৰ প্ৰথমটো পোষ্ট

আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক উপ-নেতা পদৰ পৰা অপসাৰণ কৰিছে। পদৰ পৰা অপসাৰণৰ পিছতেই সামাজিক মাধ্যমত ৰাঘৱ চাদ্দাই এটা বিশেষ পোষ্ট দিছে।

ৰাজ্যসভাৰ আম আদমি পাৰ্টিৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছতে সাংসদ ৰাঘৱ চাদ্দাই প্ৰথমটো ছ’চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰিছে।ইয়াত তেওঁ নজৰ নলগা ইমোজি ব্যৱহাৰ কৰিছে।এই ইমোজিক ‘ইভিল আই’ বুলিও কোৱা হয়।এই ইমোজিৰ লগতে তেওঁ যোৱা কিছুদিন সংসদত উত্থাপন কৰা বিষয়সমূহৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

আপৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো,সংসদত তেওঁক কেইবাটাও বিষয়ত ভাষণ দিয়া দেখা গৈছে।তেওঁ নিজৰ এক্স হেণ্ডেলত ২ মিনিট ৪৫ ছেকেণ্ডৰ এটা ভিডিঅ’ পোষ্ট কৰে।ভিডিঅ’টোৰ ভিতৰত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বোজা, তথ্যৰ ম্যাদ উকলি যোৱাৰ সমস্যা, পিতৃত্বৰ ছুটী, নূন্যতম বেলেন্সক লগোৱা জৰিমনা, খাদ্যৰ মিশ্ৰণ, ইকামিং কলৰ বাবে চাৰ্জ, ২৮ দিনীয়া ৰিচাৰ্জ ‘কেলেংকাৰী’, অতিৰিক্ত লটাৰী মাচুল, কাগজ লিক কেলেংকাৰী, বায়ু প্ৰদূষণ, স্বাস্থ্য বীমাৰ জি এছ টি, বিমানবন্দৰত দামী খাদ্য আদি অসংখ্য বিষয় আছে।

লগতে পঢ়ক: যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু ভাৰতঃ পশ্চিম এছিয়াৰ সংকটক লৈ ৰাজনাথ সিঙৰ মন্তব্য

ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা ৰাঘৱ চাদ্দাকক অপসাৰণ আপৰ

ৰাজ্যসভাত আম আদমি পাৰ্টিৰ নেতৃত্বৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন ঘটাই সাংসদ ৰাঘৱ চাদ্দাক উপ-নেতা পদৰ পৰা অপসাৰণ কৰা হয়। তেওঁৰ ঠাইত দলে সাংসদ অশোক কুমাৰ মিত্তলক নতুন উপ-নেতা হিচাপে নিযুক্তি দিছে।

আম আদমী পাৰ্টিয়ে ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাদ্দাক অপসাৰণ কৰিছে । এই তথ্য আপে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ যোগে প্ৰদান কৰিছে । সংসদত ভাষণ দিবলৈ ৰাঘৱ চাদ্দাকক সময় নিদিবলৈও অনুৰোধ জনাইছে আপে । ৰাজ্যসভাত দলটোৰ নতুন উপ-দলপতি হ’ব পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ড০ অশোক মিত্তল । এই পত্ৰ আপে ৰাজ্যসভা সচিবালয়লৈ প্ৰেৰণ কৰিছে ।

কিছুদিনৰ পৰা ৰাঘৱ চাদ্দা আৰু আপৰ মাজত বিভাজন বা মতানৈক্যৰ খবৰ আৰু জল্পনা-কল্পনা প্ৰচাৰ হৈ আছে । আপৰ এই পদক্ষেপে তেওঁলোকৰ মাজত চলি থকা বিৰোধ নিশ্চিত কৰা যেন লাগে । অৱশ্যে এই বিবাদ সন্দৰ্ভত কোন পক্ষই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

বৰ্তমান ৰাজ্যসভাত আপৰ ১০ জন গৰাকী সদস্য আছে । ইয়াৰে পঞ্জাৱৰ ৭ জন আৰু দিল্লীৰ ৩ জন সদস্য আছে । পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা আম আদমী পাৰ্টিৰ সৈতে জড়িত । ২০১২ চনত তেওঁ অৰবিন্দ কেজৰিৱালৰ সৈতে দিল্লী লোকপাল বিধেয়ক সন্দৰ্ভত কাম কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল ।

তেওঁ দলৰ ভিতৰত দ্ৰুতগতিত উত্থান ঘটাই ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে পৰিগণিত হয় আৰু ২০১৫ চনৰ দিল্লী নিৰ্বাচনত আপৰ জয়ৰ পিছত দলৰ আটাইতকৈ কম বয়সীয়া কোষাধ্যক্ষ হিচাপে পৰিগণিত হয় । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ দক্ষিণ দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৰমেশ বিধুৰীৰ হাতত পৰাস্ত হৈছিল । ইয়াৰ পিছতে ৰাজেন্দ্ৰ নগৰৰ পৰা ২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত জয়লাভ কৰে তেওঁ ।

২০২২ চনত ৰাঘৱ চাদ্দা ৩৩ বছৰ বয়সতে ৰাজ্যসভাৰ আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে পৰিগণিত হয় আৰু তাৰ পিছৰ পৰাই তেওঁ আপৰ সংসদীয় আৰু সাংগঠনিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি মনীষ ছিছ’দিয়া আৰু ভগৱন্ত মানৰ দৰে নেতাৰ সৈতে কাম কৰি আহিছে । ২০২৩ চনত সঞ্জয় সিঙৰ ঠাইত আপে তেওঁক ৰাজ্যসভাত নেতা হিচাপে নিযুক্তি দিয়ে ।

লগতে পঢ়ক: মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা

পঞ্জাৱৰ জলন্ধৰত আম আদমি পাৰ্টিৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা কৰা হৈছে। নিজৰ বাহনৰ ভিতৰতে গুলীয়াই হত্যা লাকী ওবেৰয়ক।

পঞ্জাৱৰ জলন্ধৰত দিন-দুপৰতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আম আদমী পাৰ্টীৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা দুৰ্বৃত্তৰ।

শুকুৰবাৰে পুৱা জলন্ধাৰৰ মডেল টাউন অঞ্চলত আম আদমি পাৰ্টিৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা কৰা হয়।এই ঘটনাটো মডেল টাউনত অৱস্থিত গুৰুদ্বাৰা চাহিবৰ বাহিৰত সংঘটিত হৈছে।

কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে প্ৰায় ১৫ ৰ পৰা ১৫ জাঁই গুলীচালনা কৰে। যাৰ ভিতৰত ৬টা গুলী লাকী ওবেৰয়ৰ দেহত বিদ্ধ হয়।

আপ নেতা গৰাকীৰ হত্যাৰ পিছতে জলন্ধৰ চহৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, বাহনখনত গৈ থকা লাকী ওবেৰয়ক হঠাতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে।

গুলীচালনাৰ শব্দই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল। ঘটনাটোৰ পিছতেই লাকী ওবেৰয়ক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষাণা কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে। ঘটমনাস্থলীৰ পৰা কেইবাটাও খালী গুলীৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: ‘যাৰ চৰকাৰ সুৰাৰ ৰাগীত ডুব গ’ল,যাৰ কাঁচৰ ৰাজপ্ৰসাদ…’; ৰাজ্যসভাত আপক প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ আক্ৰমণ 

‘যাৰ চৰকাৰ সুৰাৰ ৰাগীত ডুব গ’ল,যাৰ কাঁচৰ ৰাজপ্ৰসাদ…’; ৰাজ্যসভাত আপক প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ আক্ৰমণ 

ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমি পাৰ্টিক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে সুৰা নীতি আৰু কাঁচৰ ৰাজপ্ৰসাদক লৈ সমালোচনা কৰে।

বৃহস্পতিবাৰে (৫ ফেব্ৰুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমী পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কাব্যিক ৰূপত আম আদমি পাৰ্টিক লক্ষ্য কৰি দলটোৰ সুৰা নীতি আৰু আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কাঁচৰ ৰাজপ্ৰসাদক লৈ সমালোচনা কৰে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী সাংসদসকলে জোৰেৰে শ্লোগান দিবলৈ আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টিক দুৰ্নীতি আৰু নৈতিক অৱনতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলালে।

সংসদত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰো নাম নোলোৱাকৈয়ে কয় যে, এজন মাননীয় সদস্যই অহৰহ ভাষণ দি আছিল,কিন্তু তেওঁৰ সমগ্ৰ চৰকাৰ সুৰা নীতিৰ দৰে কেলেংকাৰীত ডুব গৈছে।

তেওঁ কয় যে তথাকথিত ‘কাঁচৰ মহল’ আজি প্ৰতিখন ঘৰতে ঘৃণাৰ কাৰণ হৈ পৰিছে আৰু ই ক্ষমতাৰ অহংকাৰ আৰু দুৰ্নীতিপৰায়ণ আচৰণৰ প্ৰতীক হৈ পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে একাংশ লোকে দেশ আৰু বিশ্বক বিপথে পৰিচালিত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, কিন্তু এইয়া কিমান দিনলৈ চলি থাকিব? প্ৰধানমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, যি দিনাখন আইনাখন চাব, সেই দিনা সত্য লুকুৱাবলৈ ঠাই নাথাকিব।

লগতে পঢ়ক: ‘প্রধানমন্ত্রীৰ লগত যিকোনো ঘটনা হ’ল হয়’; লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ ৰহস্য ভেদ

‘কেজৰিৱালে মোৰ ফোন ৰিচিভ নকৰে’; কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

দিল্লী আম আদমী পাৰ্টিৰ বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে।দিল্লী দলৰ উপ-সভাপতি, ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিধানসভাৰ আবেদন আৰু অনুমান সমিতিৰ প্ৰাক্তন অধ্যক্ষ ৰাজেশ গুপ্তাই শনিবাৰে বিজেপিত যোগদান কৰে।

গুপ্তা আপৰ কৰ্ণাটকৰ প্ৰভাৰীও আছিল। তেওঁ শুকুৰবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সদস্যপদ গ্ৰহণ কৰে।

বিজেপিত যোগদান কৰাৰ পিছত গুপ্তাই কয়,‘আপে নিজৰ মূল মতাদৰ্শৰ পৰা বিচ্যুত হৈ দুৰ্নীতিৰ মাজত নিমগ্ন হৈ পৰিছে”।

“আমি বিজেপিৰ সৈতে উন্নয়ন আৰু জাতীয়তাবাদৰ পথত খোজ দিম।তেওঁক আদৰণি জনাই বিজেপি নেতা বৈজয়ন্ত পাণ্ডাই কয়, “আপোনাৰ ‘দুৰ্যোগ’ এতিয়া বিজেপিৰ শক্তি হৈ পৰিব।”

BJP4Delhiৰ পূৰ্বৰ হেণ্ডেলৰ লাইভ কনফাৰেন্সৰ সময়ত গুপ্তাই বিজেপিত যোগদান কৰে। যোগদান কৰাৰ লগে লগে গুপ্তা কান্দোনত ভাঙি পৰিল।

তেওঁ আপ দলৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। গুপ্তাই কয় যে,’অৰবিন্দ কেজৰিৱালে মোৰ ফোনটোও তুলি লোৱা নাই,ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজেও কথা নকয়।পাৰ্টিত মোৰ ১০ বছৰীয়া কষ্ট পাহৰি গ’ল’।

বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁক দিল্লী ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সাচদেৱকে ধৰি অন্যান্য নেতাই আদৰণি জনায়।

লগতে পঢ়ক: ‘যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব’; বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত