পশ্চিম বংগৰ ১৫ টাকৈ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ; ইভিএমত খেলিমেলিৰ অভিযোগ

পশ্চিম বংগৰ ১৫ টাকৈ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ; ইভিএমত খেলিমেলিৰ অভিযোগ

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনাত থকা ডাইমণ্ড হাৰ্বাৰ আৰু মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে। পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ডাইমণ্ড হাৰ্বাৰ আৰু মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে।এই কেন্দ্ৰসমূহত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬:০০

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনাত থকা ডাইমণ্ড হাৰ্বাৰ আৰু মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে।

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ডাইমণ্ড হাৰ্বাৰ আৰু মগৰাহাট পশ্চিম বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ চলি আছে।এই কেন্দ্ৰসমূহত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ ভোটগ্ৰহণ কৰা হ’ব।ইয়াৰে ১১টা বুথ মগৰাহাট পশ্চিমত আৰু ৪টা ডাইমণ্ড হাৰ্বাৰত অৱস্থিত।বিজেপিয়ে এই ভোটকেন্দ্ৰসমূহত ইভিএমৰ লগত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছিল, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এই আটাইকেইটা স্থানতে পুনৰ ভোটগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিজেপিয়ে অভিযোগ কৰিছিল যে, ফাল্টা অঞ্চলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমত ‘পদুম ফুল’ চিহ্ন থকা বুটামত টেপ লগাই লুকুৱাবলৈ চেষ্টা কৰা হৈছিল।এই ঘটনাৰ ফটো আৰু ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।এই সন্দৰ্ভত ভোটাৰ আৰু ৰাজনৈতিক দলসমূহেও অভিযোগ দাখিল কৰিছিল,য’ত ইভিএম টেম্পাৰিং, বুথ কেপচাৰিং, আৰু ৰিগিঙৰ অভিযোগ উত্থাপন কৰা হৈছিল।

জানিব পৰা মতে, ফাল্টা বিধানসভা সমষ্টিৰ ভিতৰত ৩০টা অতিৰিক্ত বুথতো পুনৰ ভোটগ্ৰহণ হ’ব, যাৰ ওপৰত নিৰ্বাচন আয়োগৰ ৰায়ৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।পশ্চিম বংগ বিধানসভাৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত ২৯ এপ্ৰিলত এই বুথসমূহত ভোটদান কৰা হৈছিল।অৱশ্যে নিৰ্বাচন আয়োগে এতিয়া জনপ্ৰতিনিধিত্ব আইন,১৯৫১ চনৰ আইনৰ ৫৮(২) ধাৰাত বাতিল কৰা হৈছে।

লগতে পঢ়ক: ‘গণতন্ত্ৰৰ পাঠ মোক নালাগে’: পৱন খেৰাৰ গোচৰক লৈ সিংভীক প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

শেহতীয়া প্ৰৱন্ধসমূহ