নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা। শুকুৰবাৰে কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ তেওঁ প্ৰচাৰ চলাই কংগ্ৰেছক লক্ষ্য কৰি লয়।
চামগুৰি বিধান সভা সমষ্টিৰ পৰা নতুনকৈ কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পীয়ুষ হাজৰিকাই।নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত পীয়ুষ হাজৰিকাই কয় যে, ‘ককায়ে-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল।বিৰোধী দলৰ দলপতিৰ সমষ্টিত কংগ্ৰেছৰ মিটিঙত ১৫০০ মানুহ হৈছে।কালি ৰাহুল গান্ধী অহাৰ পিছটো বোকাজানত মিটিঙত ৬০০০ মানুহ হৈছে।কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এটা সমষ্টিৰ মিটিঙত ২৪-২৫ হাজাৰ মানুহ হয়। ইয়াৰ পৰা কি বুজা যায়।
পীয়ুষ হাজৰিকাই কয় যে, আগতে তেওঁলোকে কয় যে আমি দাবী ধমকি দি মানুহ আনিছিলো।অৰুণোদয় কাটি দিম বুলি ভয় খোৱাই মানুহক আনিছিলো। কিন্তু এতিয়া আমাৰ চৰকাৰ নথকাৰ পিছটো ইমানবোৰ মানুহ আহিছে। চৰকাৰ নথকাৰ পিছটো যিসকল মানুহ আহিছে তেওঁলোকে স্বতঃস্ফূর্ত ভাৱে ওলাই আহিছে। বৰষুণৰ মাজটো হাজাৰ হাজাৰ মানুহ আহিছে।মিত্ৰজোঁটক ভালপোৱা মানুহ সকলে হে এতিয়া মিটিঙলৈ আহিছে। গতিকে এইবাৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিব সেয়া এই কেইদিনৰ মিটিঙৰ মানুহৰ পৰাই জানিব পৰা গৈছে।
লগতে পঢ়ক: মোৰ মৌনতাক পৰাজয় বুলি নাভাবিবঃ আপৰ এক্সনৰ পিছত ৰাঘৱ চাড্ডাৰ প্ৰতিক্ৰিয়া









