‘কংগ্ৰেছৰ দিনত চাকৰিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আমি নিৰ্মূল কৰিলো’;কংগ্ৰেছক কটাক্ষ পীয়ুষ হাজৰিকাৰ

এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ নিৰ্মূল হৈছে বুলিও কয়।

শনিবাৰে বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সংবাদমেলখনত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে পীয়ুষ হাজৰিকাই। মন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ চৰকাৰৰ দিনত ১ লাখ যুৱক-যুৱতীক চাকৰিৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। কিন্তু সেই প্ৰতিশ্ৰুতিয়ে ১ লাখ ৬৫ হাজাৰ অতিক্ৰম কৰিলে। কিন্তু তাৰ বাবদ আমি কাৰোৰে পৰা এক টকাও লোৱা নাই।

পীয়ুষ হাজৰিকাই কয় যে, কংগ্ৰেছৰ দিনত চাকৰিৰ নামত যি দুৰ্নীতি হৈছিল তাক আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলো।সেই সময়ত অসমৰ গাঁৱে ভূঞে সকলোৱে জানিছিল যে, কংগ্ৰেছৰ দিনত এটা চাকৰিৰ বাবে মানুহে পইচা দিব লগা হৈছিল আৰু এনে পৰিৱেশ হৈছিল যে ৭০-৮০ লাখ লৈকে APSC চাকৰিৰ দাম উঠিছিল।কিন্তু যোৱা ১০ বছৰত অসমত আমি বহু পৰিৱৰ্তন আনিছো। এতিয়া বহু দুখিয়া ঘৰৰ ল’ৰা-ছোৱালীয়ে APSC চাকৰি পায়।এতিয়া ACS/APS কি বুজি নোপোৱা পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীয়ে APSCৰ চাকৰি পায়।

তেওঁ লগতে কয, যোৱা ৫ বছৰত অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে APSCত চাকৰি পোৱা নাইI নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শূণ্য সহনশীল নীতিৰে যি প্ৰতিশ্ৰুতি দিছিলো তাক পূৰণ কৰিলো। আৰু যদি আকৌ আমাৰ চৰকাৰ আহে তেনেহলে আৰু ২ লাখ যুৱক-যুৱতীক চাকৰি দিম।  

লগতে পঢ়ক: ‘কঠোৰ আইন থকাৰ পিছটো মাকে গৰু মাংস খোৱাটো আচৰিত’; পুনৰ কুংকী চৌধুৰীৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী  

‘ককায়েক-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল’; ৰাহুল গান্ধীক কটাক্ষ পীয়ুষ হাজৰিকাৰ

নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা। শুকুৰবাৰে কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ তেওঁ প্ৰচাৰ চলাই কংগ্ৰেছক লক্ষ্য কৰি লয়।

চামগুৰি বিধান সভা সমষ্টিৰ পৰা নতুনকৈ কলিয়াবৰ বিধান সভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা টুবুকীজাৰণিত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পীয়ুষ হাজৰিকাই।নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত পীয়ুষ হাজৰিকাই কয় যে, ‘ককায়ে-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল।বিৰোধী দলৰ দলপতিৰ সমষ্টিত কংগ্ৰেছৰ মিটিঙত ১৫০০ মানুহ হৈছে।কালি ৰাহুল গান্ধী অহাৰ পিছটো বোকাজানত মিটিঙত ৬০০০ মানুহ হৈছে।কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এটা সমষ্টিৰ মিটিঙত ২৪-২৫ হাজাৰ মানুহ হয়। ইয়াৰ পৰা কি বুজা যায়।

পীয়ুষ হাজৰিকাই কয় যে, আগতে তেওঁলোকে কয় যে আমি দাবী ধমকি দি মানুহ আনিছিলো।অৰুণোদয় কাটি দিম বুলি ভয় খোৱাই মানুহক আনিছিলো। কিন্তু এতিয়া আমাৰ চৰকাৰ নথকাৰ পিছটো ইমানবোৰ মানুহ আহিছে। চৰকাৰ নথকাৰ পিছটো যিসকল মানুহ আহিছে তেওঁলোকে স্বতঃস্ফূর্ত ভাৱে ওলাই আহিছে। বৰষুণৰ মাজটো হাজাৰ হাজাৰ মানুহ আহিছে।মিত্ৰজোঁটক ভালপোৱা মানুহ সকলে হে এতিয়া মিটিঙলৈ আহিছে। গতিকে এইবাৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিব সেয়া এই কেইদিনৰ মিটিঙৰ মানুহৰ পৰাই জানিব পৰা গৈছে।

লগতে পঢ়ক: মোৰ মৌনতাক পৰাজয় বুলি নাভাবিবঃ আপৰ এক্সনৰ পিছত ৰাঘৱ চাড্ডাৰ প্ৰতিক্ৰিয়া