ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।
শেহতীয়াকৈ আম আদমী পাৰ্টিৰ ভিতৰত হোৱা সালসলনিৰ পিছতে প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই । দলটোৱে তেওঁক ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰে, যিটো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।
ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, “মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।” কিছুদিনৰ পৰা চাড্ডাৰ মৌনতা আৰু দলীয় ডাঙৰ ডাঙৰ সিদ্ধান্তৰ পৰা তেওঁৰ দূৰত্বক লৈ যথেষ্ট চৰ্চা চলিছিল ।
ৰাঘৱ চাড্ডাই এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, “যেতিয়াই সংসদত কথা কোৱাৰ সুযোগ পাওঁ তেতিয়াই মই ৰাজহুৱা বিষয় উত্থাপন কৰো । ৰাজহুৱা বিষয় উত্থাপন কৰাটো অপৰাধ নেকি? মই অপৰাধ কৰিছো নেকি ?”
ৰাঘৱ চাড্ডাই কয়, “মই এই প্ৰশ্নটো এই কাৰণেই সুধিছো কাৰণ আম আদমী পাৰ্টিয়ে সংসদত ৰাঘৱ চাড্ডাক সংসদত কথা ক’বলৈ সুযোগ দিয়া উচিত নহয় বুলি কৈছে । মোক কথা কোৱাৰ পৰা কোনোবাই কিয় বাধা দিব বিচাৰিব ? মই যেতিয়া কথা কওঁ তেতিয়া ৰাজহুৱা বিষয়ৰ কথা কওঁ, সাধাৰণ মানুহৰ কথা কওঁ ।”
ৰাঘৱ চাড্ডাই কয়, “মই বিমানবন্দৰৰ ব্যয়বহুল খাদ্য, জোমাটো-ব্লিংকেট ডেলিভাৰী ৰাইডাৰসকলে সন্মুখীন হোৱা সমস্যা, খাদ্য মিশ্ৰণৰ বিষয় আৰু টোল প্লাজা লুটৰ পৰা আৰম্ভ কৰি বেংক চাৰ্জলৈকে সকলো বিষয় উত্থাপন কৰিলোঁ । আনকি মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বোজাৰ পৰা আৰম্ভ কৰি কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে ধৰ্মঘটলৈকে, টেলিকম কোম্পানীয়ে আমাক কেনেকৈ ১২ মাহত ১৩ বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰায়, সেই বিষয়বোৰো উত্থাপন কৰিলোঁ । মাহৰ পিছত মাহ ধৰি, ডাটা ৰোলঅভাৰ প্ৰদান নকৰিব আৰু ৰিচাৰ্জ শেষ হোৱাৰ পিছত অহা কলসমূহ ব্লক কৰিব ।“
তেওঁ আৰু কয় যে এই বিষয়সমূহ উত্থাপন কৰাত দেশৰ সাধাৰণ মানুহ উপকৃত হ’ল, কিন্তু ইয়াৰ ফলত আম আদমী পাৰ্টিৰ কি ক্ষতি হ’ল ? মোৰ কথা কোৱাত কোনোবাই কিয় বাধা দিব বিচাৰিব, মোৰ মাত কোনোবাই কিয় নিস্তব্ধ কৰিব বিচাৰিব ?
জনসাধাৰণক সম্বোধন কৰি ৰাঘৱ চাড্ডাই কয়, “আপোনালোকে মোক সীমাহীন মৰম দিছে । মই যেতিয়াই আপোনালোকৰ বিষয়বোৰ উত্থাপন কৰো, তেতিয়াই আপোনালোকে মোক সমৰ্থন কৰে, মোক প্ৰশংসা কৰে আৰু মোক উৎসাহিত কৰে । মই আপোনালোকক ধন্যবাদ জনাব বিচাৰো । মোৰ হাতত ধৰি এনেদৰে মোক সমৰ্থন কৰি থাকক, এৰি নিদিব । মই আপোনালোকৰ পক্ষত । আজি সংসদত মোৰ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ মোক নীৰৱ কৰি ৰখাসকলকো মই কিবা এটা ক’ব বিচাৰো ।”
লগতে পঢ়ক : ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাদ্দাৰ প্ৰথমটো পোষ্ট









