পিকচাৰ অভি বাকী হ্যে… ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিলে নতুন ভিডিঅ’

প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

পঞ্জাৱৰ ৰাজনীতিত তেওঁৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিছে এক আৱেগিক আৰু আগ্ৰাসী ভিডিঅ’ বাৰ্তা । প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

চাড্ডাই ভিডিঅ’টোৰ কেপচনত লিখিছে, “ৰাঘৱে পঞ্জাৱৰ সমস্যা উত্থাপন কৰাত ব্যৰ্থ হোৱা বুলি ক’বলৈ বাধ্য হোৱা মোৰ সহকৰ্মীসকলৰ বাবে এইটো এটা সৰু ট্ৰেইলাৰ… পিকচাৰ অভি বাকী হ্যে ।”

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই পঞ্জাবক কেৱল ৰাজনৈতিক বিষয় বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰি কয় যে পঞ্জাব তেওঁৰ ঘৰ, তেওঁৰ কৰ্তব্য, আত্মা ।

দৰাচলতে বিগত কিছুদিনত আপৰ কেইবাজনো নেতাই ৰাঘৱক পঞ্জাৱৰ কৃষক আৰু ৰাজ্যখনৰ সমস্যা ৰাজ্যসভাত উত্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰিছে । আনকি পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছত তেওঁক “আপোচ কৰা” বুলিও অভিযোগ কৰে ৷

এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ৰাঘৱ চাড্ডাই সংসদত উত্থাপিত পঞ্জাৱ সম্পৰ্কীয় বিষয়ৰ ক্লিপ শ্বেয়াৰ কৰে । ভিডিঅ’টোত ৰাঘৱে তেওঁৰ ভাষণৰ কিছু অংশ প্ৰদৰ্শন কৰে, য’ত কৃষকৰ বাবে এম এছ পিৰ আইনী নিশ্চয়তা, কৃষি ঋণ আৰু ইনপুট খৰচ বৃদ্ধি, ষ্টাবল ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় আৰ্থিক সাহায্য, পঞ্জাৱৰ ভূগৰ্ভস্থ পানীৰ মাত্ৰা হ্ৰাস, বায়ু প্ৰদূষণ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বাথিণ্ডা-বিকানেৰ ৰে’ল, আন্তঃৰাষ্ট্ৰীয় বিমানৰ অভাৱ, ধৰ্মীয় স্থানৰ বাবে কৰিড’ৰ, পঞ্জাৱৰ বাকী থকা পুঁজি আদি ।

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত দিয়া ভাষণৰ কিছু অংশ দেখুৱাই কয় যে পঞ্জাবে দশক দশক ধৰি দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে, সেয়েহে আজি ৰাষ্ট্ৰই পঞ্জাৱৰ সৈতে থিয় দিব লাগে । তেওঁ লগতে কয় যে পঞ্জাবে কাৰো পৰা দান-বৰঙণি বিচৰা নাই, বৰঞ্চ নিজৰ অধিকাৰ দাবী কৰিছে ।

লগতে পঢ়ক : তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক

মোৰ মৌনতাক পৰাজয় বুলি নাভাবিবঃ আপৰ এক্সনৰ পিছত ৰাঘৱ চাড্ডাৰ প্ৰতিক্ৰিয়া

ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।

শেহতীয়াকৈ আম আদমী পাৰ্টিৰ ভিতৰত হোৱা সালসলনিৰ পিছতে প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই । দলটোৱে তেওঁক ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰে, যিটো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, “মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।” কিছুদিনৰ পৰা চাড্ডাৰ মৌনতা আৰু দলীয় ডাঙৰ ডাঙৰ সিদ্ধান্তৰ পৰা তেওঁৰ দূৰত্বক লৈ যথেষ্ট চৰ্চা চলিছিল ।

ৰাঘৱ চাড্ডাই এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, “যেতিয়াই সংসদত কথা কোৱাৰ সুযোগ পাওঁ তেতিয়াই মই ৰাজহুৱা বিষয় উত্থাপন কৰো । ৰাজহুৱা বিষয় উত্থাপন কৰাটো অপৰাধ নেকি? মই অপৰাধ কৰিছো নেকি ?”

ৰাঘৱ চাড্ডাই কয়, “মই এই প্ৰশ্নটো এই কাৰণেই সুধিছো কাৰণ আম আদমী পাৰ্টিয়ে সংসদত ৰাঘৱ চাড্ডাক সংসদত কথা ক’বলৈ সুযোগ দিয়া উচিত নহয় বুলি কৈছে । মোক কথা কোৱাৰ পৰা কোনোবাই কিয় বাধা দিব বিচাৰিব ? মই যেতিয়া কথা কওঁ তেতিয়া ৰাজহুৱা বিষয়ৰ কথা কওঁ, সাধাৰণ মানুহৰ কথা কওঁ ।”

ৰাঘৱ চাড্ডাই কয়, “মই বিমানবন্দৰৰ ব্যয়বহুল খাদ্য, জোমাটো-ব্লিংকেট ডেলিভাৰী ৰাইডাৰসকলে সন্মুখীন হোৱা সমস্যা, খাদ্য মিশ্ৰণৰ বিষয় আৰু টোল প্লাজা লুটৰ পৰা আৰম্ভ কৰি বেংক চাৰ্জলৈকে সকলো বিষয় উত্থাপন কৰিলোঁ । আনকি মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বোজাৰ পৰা আৰম্ভ কৰি কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে ধৰ্মঘটলৈকে, টেলিকম কোম্পানীয়ে আমাক কেনেকৈ ১২ মাহত ১৩ বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰায়, সেই বিষয়বোৰো উত্থাপন কৰিলোঁ । মাহৰ পিছত মাহ ধৰি, ডাটা ৰোলঅভাৰ প্ৰদান নকৰিব আৰু ৰিচাৰ্জ শেষ হোৱাৰ পিছত অহা কলসমূহ ব্লক কৰিব ।“

তেওঁ আৰু কয় যে এই বিষয়সমূহ উত্থাপন কৰাত দেশৰ সাধাৰণ মানুহ উপকৃত হ’ল, কিন্তু ইয়াৰ ফলত আম আদমী পাৰ্টিৰ কি ক্ষতি হ’ল ?  মোৰ কথা কোৱাত কোনোবাই কিয় বাধা দিব বিচাৰিব, মোৰ মাত কোনোবাই কিয় নিস্তব্ধ কৰিব বিচাৰিব ?

জনসাধাৰণক সম্বোধন কৰি ৰাঘৱ চাড্ডাই কয়, “আপোনালোকে মোক সীমাহীন মৰম দিছে । মই যেতিয়াই আপোনালোকৰ বিষয়বোৰ উত্থাপন কৰো, তেতিয়াই আপোনালোকে মোক সমৰ্থন কৰে, মোক প্ৰশংসা কৰে আৰু মোক উৎসাহিত কৰে । মই আপোনালোকক ধন্যবাদ জনাব বিচাৰো । মোৰ হাতত ধৰি এনেদৰে মোক সমৰ্থন কৰি থাকক, এৰি নিদিব । মই আপোনালোকৰ পক্ষত । আজি সংসদত মোৰ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ ​​মোক নীৰৱ কৰি ৰখাসকলকো মই কিবা এটা ক’ব বিচাৰো ।”

লগতে পঢ়ক : ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাদ্দাৰ প্ৰথমটো পোষ্ট

AAP নেতা সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বাঢ়িছে বিপদ; ACB ৰ এফআইআৰ দাখিল

AAP নেতা সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিপদ

দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু আম আদমী পাৰ্টি(AAP)ৰ নেতা সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিপদ আকৌ এবাৰ বাঢ়িব পাৰে।

আচলতে ৰাজধানী দিল্লীৰ চিকিৎসালয় প্ৰকল্পত পলম আৰু ব্যয় বৃদ্ধিৰ বিষয়ত দুৰ্নীতি বিৰোধী শাখাই এফআইআৰ পঞ্জীয়ন কৰিছে।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ পৰামৰ্শ মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তদন্তৰ নিৰ্দেশ দিছে।কথিত চিকিৎসালয় কেলেংকাৰি সন্দৰ্ভত AAP ৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে এই বিষয়টো তদন্ত কৰিব এচিবিয়ে।

মন কৰিবলগীয়া যে ২০২৪ চনৰ ২২ আগষ্টত এই বিষয়ত বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই এজাহাৰ দাখিল কৰিছিল।

এই বিষয়ৰ তদন্তত প্ৰকাশ পাইছে যে ২৪খন চিকিৎসালয়ৰ প্ৰকল্পৰ ব্যয় ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ৬৮০০ বিচনা ক্ষমতাসম্পন্ন ৭টা আই চি ইউ নিৰ্মাণৰ বাবে ১১২৫ কোটি টকাৰ অনুমোদন দিয়া হৈছিল।

কিন্তু প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে তিনি বছৰৰ পাছতো কামৰ মাত্ৰ ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ বাবে প্ৰায় ৮০০ কোটি টকা ব্যয় হৈছে।

ইয়াৰ নিৰ্মাণৰ বাবে ৬ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ উপৰিও ২০১৮-১৯ বৰ্ষত ৫৫৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ২৪টা চিকিৎসালয় প্ৰকল্প (১১খন গ্ৰীণফিল্ড আৰু ১৩টা ব্ৰাউনফিল্ড) পলম আৰু ব্যয় বৃদ্ধি হৈছে।

ACB এ আৰম্ভ কৰিছে তদন্ত

এল এন জে পি চিকিৎসালয়ৰ নতুন ব্লক নিৰ্মাণৰ বাবে ৪৮৮ কোটি টকা অনুমোদন কৰা হৈছিল, যিটো এতিয়া ১১৩৫ কোটি টকালৈ বৃদ্ধি পাইছে। অৱশ্যে চিকিৎসালয়খনৰ কাম এতিয়াও আধৰুৱা হৈ আছে।

ইয়াৰ বাহিৰেও ৯৪টা পলিক্লিনিকৰ ভিতৰত মাত্ৰ ৫২খন পলিক্লিনিক নিৰ্মাণ কৰা হৈছে। ইয়াৰ খৰচো ১৬৮ কোটিৰ পৰা ২২০ কোটিলৈ বৃদ্ধি পাইছে, ইয়াৰে বহু পলিক্লিনিক এতিয়াও বন্ধ হৈ আছে।

অনুমোদন অবিহনে জ্ৱালাপুৰী আৰু মাডিপুৰৰ চিকিৎসালয়সমূহত অতিৰিক্ত নির্মাণ সম্পন্ন কৰা হয়৷ ২০২২ চনৰ নৱেম্বৰৰ ভিতৰত মাডিপুৰ চিকিৎসালয়খনৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও এতিয়াও ইয়াৰ কাম আধৰুৱা হৈ আছে।

এনে পৰিস্থিতিত এতিয়া এচিবিয়ে প্রাক্তন মন্ত্রী, সংশ্লিষ্ট বিষয়া আৰু ব্যক্তিগত ঠিকাদাৰৰ ভূমিকা সন্দর্ভত গভীৰ তদন্ত আৰম্ভ কৰিছে৷

লগতে পঢ়ক: সমাজবাদী পাৰ্টিৰ ৩ গৰাকী বিদ্ৰোহী বিধায়কক দলৰ পৰা বহিষ্কাৰ

দিল্লীৰ ৮ বিধায়কৰ বিজেপিত যোগদান…শুকুৰবাৰে আপৰ পৰা কৰিছিল পদত্যাগ

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টি ত্যাগ কৰা আটাইকেইজন বিধায়কে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । শুকুৰবাৰে দলৰ পৰা পদত্যাগ কৰিছিল আটাইকেইজন বিধায়কে । দল ত্যাগৰ পিছদিনাই এতিয়া সকলোৱে বিজেপিত যোগদান কৰে ।

বিজেপিত যোগদান কৰা বিধায়ক কেইজন হ’ল ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত মেহৰৌলিয়া, জনকপুৰীৰ বিধায়ক ৰাজেশ ঋষি, কস্তুৰবা নগৰৰ বিধায়ক মদনলাল, পালামৰ বিধায়ক ভৱনা গৌৰ, মেহৰৌলীৰ বিধায়ক নৰেশ যাদৱ, আদৰ্শ নগৰৰ বিধায়ক পৱন শৰ্মা, বিজৱাসনৰ বিধায়ক বি এছ জোন  আৰু মাডিপুৰৰ বিধায়ক গিৰিশৰ ।

আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰা বিধায়কসকলে নিজৰ পত্ৰত উল্লেখ কৰিছিল যে আপ দলটো যি সৎ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠা হৈছিল তাৰ পৰা সম্পূৰ্ণৰূপে বিচ্যুত হৈছে । আম আদমী পাৰ্টিৰ দুৰ্দশা অত্যন্ত হতাশা জনক ।

“আপৰ পৰা মুক্ত হ’ব দিল্লী,এইবাৰ ফুলিব পদুম…” নিৰ্বাচনী ৰেলীত প্ৰধানমন্ত্ৰী মোদী

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে ৰোহিণীৰ জাপানী পাৰ্কত পৰিৱৰ্তন ৰেলী সম্বোধন কৰে।

এই সময়ছোৱাত তেওঁ কয় যে “দিল্লীক আজি কোটি কোটি উপহাৰ দিয়া হৈছে। পৰৱৰ্তী ২৫ বছৰ দিল্লীৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। তেওঁ লগতে কয় যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ পৰিব”।

“একবিংশ শতিকাৰ আৰম্ভণিতে, মই দিল্লীৰ জনসাধাৰণক এক বিশেষ অনুৰোধ কৰিবলৈ ইয়ালৈ আহিছোঁ,মই আপোনালোকক দিল্লীৰ উজ্জ্বল ভৱিষ্যত আৰু আপোনালোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক সুযোগ দিবলৈ অনুৰোধ জনাইছো।  কেৱল বিজেপিয়েহে দিল্লীৰ বিকাশ কৰিব পাৰিব”।

আম আদমী পাৰ্টিক আক্ৰমণ কৰি তেওঁ কয় যে “যোৱা ১০ বছৰত দিল্লীয়ে দেখা ৰাজ্য চৰকাৰখন ‘দুৰ্যোগ’তকৈ কম নহয়।দিল্লীত একেই কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈছে যে ‘আপক সহ্য নকৰিব,  ইয়াক সলনি কৰক”।

সমদলটোত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দিল্লীৰ “লোকসকলৰ বিজেপিৰ ওপৰত বিশ্বাস আছে। দেশখনে বিজেপিকো তৃতীয়বাৰৰ বাবে সুযোগ দিছিল।আমি নিশ্চিত যে এইবাৰ দিল্লীত পদুম ফুলিবলৈ গৈ আছে”।

“মই সকলো প্ৰাৰ্থীক ক’ব বিচাৰো যে দিল্লীৰ হৃদয় জয় কৰাৰ এইটো এটা সোণালী সুযোগ। কঠোৰ পৰিশ্ৰম কৰক আৰু দিল্লীক আপৰ পৰা মুক্ত কৰক। দিল্লীক বিশ্বৰ চহৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি তোলাটো আমাৰ সংকল্প”।

“দিল্লী হৈছে এনে এখন চহৰ যি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ সপোন পূৰণ কৰে। দিল্লী যুৱসকলৰ বাবে এক নতুন ভৱিষ্যত গঢ়াৰ চহৰ” বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।             

আপৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগ পত্ৰ’, পাপ ধুই ধুই ক’লা হৈ পৰিল যমুনাঃ অনুৰাগ ঠাকুৰ

দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে । নিৰ্বাচনী পৰিৱেশৰ মাজতে বিজেপি আৰু আম আদমী পাৰ্টিয়ে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে । সোমবাৰে দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ‘অভিযোগ পত্ৰ’ প্ৰকাশ কৰে । এই অনুষ্ঠানত বিজেপি নেতা অনুৰাগ ঠাকুৰে পুনৰবাৰ অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি লয় । তেওঁ কেজৰিৱালক বহু বিষয়ত সমালোচনা কৰি প্ৰশ্ন কৰে ।

অভিযোগ পত্ৰ প্ৰকাশৰ পিছত দিল্লীত বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কয় যে আম আদমি পাৰ্টিৰ চৰকাৰে যমুনা নদীক ইমানেই প্ৰদূষিত কৰিছে যে ই দুৰ্গন্ধময়, ফেনযুক্ত আৰু বিষাক্ত হৈ পৰিছে । তেওঁ আৰু কয় যে মোৰ মনত আছে, ২০২২ চনত এখন সংবাদমেলৰ সময়ত কেজৰিৱালে কৈছিল যে পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাইজৰ সৈতে যমুনা নদীত ডুব মাৰিব, অৰ্থাৎ ২০২৫ চনৰ নিৰ্বাচনৰ পূৰ্বে । কেজৰিৱালক তেওঁৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি অনুৰাগ ঠাকুৰে কয় যে ১০ বছৰ পাৰ হৈ গ’ল আৰু ২০২৫ চনত উপনীত হ’বলৈ মাত্ৰ ১০ দিন বাকী আছে । যমুনা পৰিস্কাৰ কৰা হৈছিল নেকি ?  যমুনা পৰিষ্কাৰ হৈ পৰিছে নেকি ?

তেওঁ কয় যে অৰবিন্দ কেজৰিৱালকে ধৰি দিল্লী চৰকাৰৰ বহু মন্ত্ৰী আৰু কেইবা ডজন বিধায়ক জেললৈ গৈছে । আগতে ছোনিয়া গান্ধী আৰু শীলা দীক্ষিতক জেলত ভৰোৱাৰ কথা কোৱা একেজন কেজৰিৱালে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো পদ এৰিবলৈ সাজু নাছিল ।

সুৰা কেলেংকাৰীৰ আঁৰত আছিল কেজৰিৱালঃ বীৰেন্দ্ৰ সচদেৱ-

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কেজৰিৱালৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাইজক শিক্ষা আৰু স্বাস্থ্যৰ সপোন দেখুওৱা কেজৰিৱালে সুৰা কেলেংকাৰী সংঘটিত কৰিছে । উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ দাগ এতিয়াও ৰাইজৰ স্মৃতিৰ পৰা নাইকিয়া হোৱা নাই বুলিও তেওঁ কয় । অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী সংঘৰ্ষৰ উচটনি দিয়াৰ এক অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । তেওঁ কয় যে এই সংঘৰ্ষত আই বি বিষয়া অংকিত শৰ্মা নিহত হৈছিল । অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত তাহিৰ হুছেইন আম আদমি পাৰ্টিৰ কাউন্সিলাৰ আছিল ।

বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে-

দিল্লীৰ নিৰ্বাচনৰ মাজতে আম আদমী পাৰ্টিৰ বিৰুদ্ধে বিজেপিয়ে জাৰি কৰিলে অভিযোগ পত্ৰ । এই অভিযোগ পত্ৰত বিজেপিয়ে বহু অভিযোগ উত্থাপন কৰিছে । য’ত দুই লাখ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত । দিল্লী চৰকাৰে নিজৰ বিদ্যালয়ৰ উন্নত অভিলেখ দেখুৱাবলৈ ১.৫ লাখ ছাত্ৰ-ছাত্ৰীক ব্যৰ্থ কৰে । হাজাৰ হাজাৰ পৰিয়ালে পানীৰ টেংকাৰৰ পৰা পানী খায় । দহ বছৰত দিল্লীবাসীৰ এখনো ৰেচন কাৰ্ড বনোৱা হোৱা নাই । দিল্লীত কাৰ্যকৰী নহ’ল প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা । যাৰ বাবে ৰাইজে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব নোৱাৰিলে । ইত্যাদি অভিযোগ উত্থাপন কৰা হৈছে ।

নতুন দিল্লীৰ পৰা কেজৰিৱাল..কলকাজীৰ পৰা আতিশী, আপৰ ৩৮ গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিছে চতুৰ্থ আৰু চূড়ান্ত তালিকা, য’ত ৩৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অৰবিন্দ কেজৰিৱাল । কলকাজীৰ পৰা অতিশী আৰু বৃহত্তৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ হব প্ৰাৰ্থী । কস্তুৰবা নগৰৰ আসনত বৰ্তমানৰ বিধায়ক মদন লালৰ টিকট বাতিল কৰি দলটোৱে সুযোগ দিছে ৰমেশ পেহলৱানক, যিয়ে নিজৰ কাউন্সিলাৰ পত্নী কুসুম লতাৰ সৈতে বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছে ।

ইফালে দিল্লী বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । আম আদমী পাৰ্টিয়ে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ পূৰ্বে দলটোৱে তিনিখন তালিকা প্ৰকাশ কৰিছিল য’ত ৩২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল । নতুন তালিকাৰ জৰিয়তে আপে নিৰ্বাচনী ক্ষেত্ৰখনত নিজৰ দলটো সম্পূৰ্ণ কৰিছে ।

তালিকা প্ৰকাশৰ লগে লগে বিজেপিক লক্ষ্য কৰি ল’লে কেজৰিৱালে-

চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ টুইটাৰত লিখিছে যে আজি আম আদমী পাৰ্টিয়ে আটাইকেইখন (৭০খন) আসনত প্ৰাৰ্থী ঘোষণা কৰে । সম্পূৰ্ণ আস্থা আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দলটোৱে । বিজেপি সন্ধানহীন হৈ আছে । তেওঁলোকৰ কোনো মুখ্যমন্ত্ৰীৰ মুখ নাই, কোনো দল নাই, কোনো পৰিকল্পনা নাই আৰু দিল্লীৰ বাবে কোনো দৃষ্টিভঙ্গী নাই । তেওঁলোকৰ মাত্ৰ এটা শ্লোগান আছে, কেৱল এটা নীতি আৰু কেৱল এটা মিছন – কেজৰিৱালক আঁতৰাওক”।

আমাৰ দৃষ্টিভংগী আছে…পৰিকল্পনা আছে-

কেৱল এয়াই নহয় কেজৰিৱালে লিখিছে যে আমাৰ দলৰ দৃষ্টিভংগী আছে, দিল্লীৰ জনসাধাৰণৰ উন্নয়নৰ পৰিকল্পনা আছে আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ শিক্ষিত লোকৰ এটা ভাল দল আছে । যোৱা দহ বছৰত কৰা কামৰ এখন দীঘলীয়া তালিকা আছে । দিল্লীৰ ৰাইজে কাম কৰা সকলক ভোট দিব, গালি-গালাজ কৰা সকলক নহয় ।

আপ-কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাত পৰিল যতি, অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কেজৰিৱালৰ

দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰতাৰ জল্পনা-কল্পনাত যতি পেলাইছে অৰবিন্দ কেজৰিৱালে । কেজৰিৱালে কয় যে আম আদমী পাৰ্টিয়ে নিজৰ শক্তিৰে দিল্লীত নিৰ্বাচনত অৱতীৰ্ণ হ’ব । কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰতাৰ সম্ভাৱনা নাই ।

ইয়াৰ পূৰ্বে সংবাদ সংস্থাই সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছিল যে আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ আলোচনা চূড়ান্ত পৰ্যায়ত আছে । আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ বাহিৰেও ইণ্ডি মিত্ৰজোঁটৰ আন কিছুমান দলক এই মিত্ৰতাত অন্তৰ্ভুক্ত কৰাৰ চৰ্চা চলিছে । কংগ্ৰেছে হয়তো ১৫ খন আসন আৰু আন ইণ্ডি এলায়েন্সৰ সদস্যই ১ বা ২ খন আসন পাব পাৰে । বাকী থকা আসনসমূহত আম আদমী পাৰ্টিয়ে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব ।

আম আদমী পাৰ্টিয়ে এই পৰ্যন্ত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে দুখন তালিকা প্ৰকাশ কৰিছে । প্ৰথম তালিকাত দলটোৱে ১১খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে । আনহাতে দ্বিতীয় তালিকাত সোমবাৰে ২০খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হয় ।

উল্লেখ্য যে ২০২৫ চনত দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ফেব্ৰুৱাৰী মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি আশা কৰা হৈছে । জানুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব পাৰে নিৰ্বাচনৰ দিন ।

দিল্লী নিৰ্বাচনঃ বিজেপিয়ে কৰিব পাৰিৱৰ্তন যাত্ৰা, দলৰ ডাঙৰ ডাঙৰ নেতাই কৰিব অংশগ্ৰহণ

দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে আম আদমী পাৰ্টিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিছে । এই সন্দৰ্ভত দেওবাৰে বিজেপি নেতাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ইয়াত বিজেপি নেতাসকলে আপৰ ‘অপপ্ৰচাৰ’ প্ৰতিহত কৰাৰ কৌশলগত দিশ আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে ।

দিল্লী বিজেপিৰ সাংগঠনিক সভাত সকলো সমিতিৰ বিষয়াই অংশগ্ৰহণ কৰে । প্ৰদেশ অধ্যক্ষ বীৰেন্দ্ৰ সচদেৱৰ লগতে দিল্লীৰ সাতজন সাংসদ, বিজয় গোৱেল, অৰবিন্দৰ সিং লাভলী, কৈলাশ গেহলট আদি নেতা উপস্থিত থাকে । আজিৰ বৈঠকত বিজেপিয়ে আটাইকেইটা বিধানসভা সমষ্টিতে নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তন যাত্ৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিব বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলে ।

এই ৰণ কৌশল প্ৰস্তুত-

সূত্ৰ অনুসৰি বিজেপি নেতাসকলে আম আদমী পাৰ্টিক ৰাইজৰ মাজত উদঙাই দিয়াৰ সিদ্ধান্ত লৈছে । ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়ে দিল্লীবাসীক তথ্য প্ৰদানৰ সিদ্ধান্তও লোৱা হৈছে ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ মুঠ ৭০খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । এইবাৰ নিৰ্বাচনত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত পোৱা গৈছে । দুদিন পূৰ্বে অনুষ্ঠিত এক বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত লৈছে যে আটাইকেইখন আসনত দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব । আম আদমী পাৰ্টিয়েও কাৰো লগত মিত্ৰতা নকৰাৰ ইংগিত দিছে । কংগ্ৰেছে নিজৰ সমৰ্থকসকলক দলৰ সৈতে পুনৰ সংযোগ স্থাপনৰ চেষ্টা চলাইছে । যদি এনেকুৱা হয়, তেন্তে আন্না আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টিয়ে দ্বৈত আক্ৰমণৰ সন্মুখীন হ’ব লাগিব ।

একে সময়তে আম আদমী পাৰ্টিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছিল ৭০ জনৰ ভিতৰত ১১ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । বহু পক্ষই আন এখন তালিকাও প্ৰকাশ কৰিব । বিজেপিয়ে ১০ ডিচেম্বৰৰ পূৰ্বে ৩৫ৰ পৰা ৪০জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে ।