‘ৰাজনীতিবিদসকলে ৰাজনৈতিক ধেমালি সহ্য কৰিব জানিব লাগিব’; ৰাঘৱ চাড্ডাৰ আবেদনক লৈ আদালতৰ প্ৰতিক্ৰিয়া

দিল্লী উচ্চ ন্যায়ালয়ে বিজেপি নেতা ৰাঘৱ চাড্ডাৰ আবেদন সন্দৰ্ভত এক মন্তব্য কৰিছে। আদালতে কৈছে ৰাজনীতিবিদসকলে ৰাজনৈতিক ধেমালি আৰু ব্যংগ সহ্য কৰিব জানিব লাগিব।

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ৰাজনীতিবিদসকলে ৰাজনৈতিক ধেমালি আৰু ব্যংগ সহ্য কৰিব জানিব লাগিব। নেতাসকল ইমান সংবেদনশীল হ’ব নালাগে যে তেওঁলোকে নিজৰ প্ৰতিটো সিদ্ধান্তৰ সমালোচনাতে অভিযোগ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে সমালোচনাক বিনম্ৰতাৰে গ্ৰহণ কৰিব লাগিব।

আদালতে কয় যে নেতাসকলৰ সিদ্ধান্তক ৰাইজ আৰু বিৰোধী দলে সমালোচনা কৰাটো স্বাভাৱিক, আৰু এই সমালোচনা কেতিয়াবা ব্যংগ বা ধেমালিৰ ৰূপতো প্ৰকাশ পাব পাৰে। এনে পৰিপ্ৰেক্ষিতত যদি কোনো নেতাৰ সমালোচনা ধেমেলীয়া বা ব্যংগাত্মক সুৰত কৰা হয়, তেন্তে তাক প্ৰতিবাৰেই মানহানি বুলি গণ্য কৰিব নোৱাৰি। ৰাজহুৱা জীৱনত থকা নেতাসকলে এইটো স্বীকাৰ কৰিব লাগিব যে তেওঁলোকে সমালোচনাৰ সন্মুখীন হ’বই লাগিব, লাগিলে সেয়া তেওঁলোকৰ ভাল লাগক বা নালাগক।

দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য বিজেপি নেতা ৰাঘৱ চাড্ডাৰ এখন আবেদনৰ ৰায়দানত কৰে। আম আদমি পাৰ্টীৰ পৰা বিজেপিত যোগদান কৰাৰ পিছত ছ’চিয়েল মিডিয়াত ট্ৰ’লিঙৰ চিকাৰ হোৱা ৰাঘৱ চাড্ডাই ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।ৰাঘৱ চাড্ডাই অভিযোগ কৰিছে যে তেওঁ বিজেপিত যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত এক কু-অভিপ্ৰায় চলোৱা হৈছে। তেওঁৰ বিৰুদ্ধে AI-দ্বাৰা নিৰ্মিত ডিপফেক ভিডিঅ’ আৰু বিভ্ৰান্তিকৰ তথা আপত্তিজনক সমল পোষ্ট কৰা হৈছে। এই পোষ্টবোৰত কোৱা হৈছে যে তেওঁ টকাৰ বাবে বিক্ৰী হৈ গ’ল।

দিল্লী উচ্চ ন্যায়ালয়ে নিজৰ নিৰ্দেশত ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপলোড কৰা কিছুমান অশ্লীল আৰু আপত্তিজনক পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে তেওঁৰ আবেদনত যিবোৰ সমলৰ উল্লেখ কৰা হৈছে, তাৰে সৰহভাগেই তেওঁৰ ৰাজনৈতিক সিদ্ধান্তক লৈ কৰা ব্যংগাত্মক সমালোচনা আৰু সেইবোৰক ‘অভিব্যক্তিৰ স্বাধীনতা’ৰ পৰিসৰত দেখা উচিত। সেই সকলোবোৰ আঁতৰাবলৈ নিৰ্দেশ দিব নোৱাৰি।

আদালতে কয় যে AI-ৰে প্ৰস্তুত কৰা ডিপফেক ভিডিঅ’, ভুৱা ছবি বা অশ্লীল সমলে যদি কাৰোবাৰ প্ৰতিষ্ঠা আৰু মৰ্যাদাত আঘাত হানে, তেন্তে সেয়া গ্ৰহণযোগ্য নহয়। যেতিয়ালৈকে AI-ৰ এনে অপপ্ৰয়োগ ৰোধ কৰিবলৈ কোনো কঠোৰ আইন প্ৰণয়ন নহয়, তেতিয়ালৈকে আদালতে প্ৰতিটো গোচৰতে এইটো চাব লাগিব যাতে ‘অভিব্যক্তিৰ স্বাধীনতা’ আৰু ‘ব্যক্তিৰ মৰ্যাদা’ৰ মাজত এক সঠিক ভাৰসাম্য বজায় থাকে।

আদালতে এনে পাঁচটা পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিয়ে যিবোৰত ৰাঘৱ চাড্ডাক লৈ অশ্লীল, অভদ্ৰ আৰু গালি-গালাজযুক্ত সমল আছিল। আদালতে লক্ষ্য কৰে যে এই সমলসমূহ যুক্তিসংগত ৰাজনৈতিক সমালোচনাৰ সীমাৰ বাহিৰত আছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৮ আগষ্টত হ’ব।

লগতে পঢ়ক: পশ্চিম বংগৰ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰলৈ কণী নিক্ষেপ সমবেত জনতাৰ

ন-বিজেপি সাংসদ ৰাঘৱ চাদ্দাক ৰাজ্যসভাত বৃহৎ দায়িত্ব

ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে

শেহতীয়াকৈ আম আদমী পাৰ্টী (AAP) ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে । ৰাঘৱ চাদ্দাক ৰাজ্যসভাৰ আবেদন সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সমিতিখন পুনৰ গঠন কৰি এই সন্দৰ্ভত এক আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে ।

ৰাজ্যসভা সচিবালয়ৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি, সভাপতিগৰাকীয়ে ২০ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আবেদন সমিতিখন পুনৰ গঠন কৰিছে । পুনৰ গঠিত এই পেনেলত সদনৰ মুঠ ১০ গৰাকী সদস্যক মনোনীত কৰা হৈছে আৰু ৰাঘৱ চাড্ডাক ইয়াৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ।

ৰাঘৱ চড্ডাৰ উপৰি এই আবেদন সমিতিত স্থান লাভ কৰা আন সদস্যসকল হৈছে:

  • হৰ্ষ মহাজন
  • গোলাম আলী
  • শম্ভূ চৰণ পেটেল
  • ময়ংককুমাৰ নায়ক
  • মস্তান ৰাও যাদৱ বিধা
  • জেবি মাথেৰ হিশাম
  • সুভাশীষ খুন্তিয়া
  • ৰ্বংগ্ৰা নাৰ্জাৰী
  • সন্তোষ কুমাৰ পি.

অইন সংসদীয় সমিতিতো নতুন নিযুক্তি :

আন এক অধিসূচনাত প্ৰকাশ পোৱা মতে, ৰাজ্যসভাৰ অধ্যক্ষই ২০ মে’ (২০২৬) তাৰিখে ৰাজ্যসভাৰ সদস্য ড০ মেনকা গুৰুস্বামীক ‘কৰ্পোৰেট আইন (সংশোধনী) বিধেয়ক, ২০২৬’ৰ ওপৰত গঠিত যৌথ সংসদীয় সমিতিত সদস্য হিচাপে মনোনীত কৰিছে । একেদৰে, লোকসভা সচিবালয়ৰ আন এক অধিসূচনা অনুসৰি লোকসভাৰ অধ্যক্ষই অৰবিন্দ গণপত সাৱন্তক ২১ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত ‘কৰ্পোৰেট আইন (সংশোধনী) বিধেয়ক’ৰ যৌথ সমিতিলৈ মনোনীত কৰিছে ।

“ভুল দলত থকা এগৰাকী শুদ্ধ মানুহ”:

উল্লেখ্য যে, ৰাঘৱ চাদ্দাই আপৰ দুই-তৃতীয়াংশতকৈও অধিক ৰাজ্যসভাৰ সাংসদৰ সৈতে দল ত্যাগ কৰি বিজেপিত চামিল হৈছিল । তেওঁৰ সৈতে হৰভজন সিং, স্বাতী মালিৱাল, ৰাজেন্দ্ৰ গুপ্তা, সন্দীপ পাঠক, বিক্ৰমজিৎ সাহনী আৰু অশোক মিত্তলকে ধৰি কেইবাজনো শীৰ্ষ নেতাও বিজেপিলৈ আহে ।

দলত্যাগৰ সময়ত আপ-ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি চড্ডাই কৈছিল, “বিগত কেইবছৰমানৰ পৰা মই অনুভৱ কৰি আছিলোঁ যে মই ভুল দলত থকা এগৰাকী শুদ্ধ মানুহ । সেয়ে আমি সংবিধানৰ নিয়ম অনুসৰণ কৰি বিজেপিত চামিল হোৱাৰ সিদ্ধান্ত ল’লোঁ ।” তেওঁ লগতে আক্ষেপেৰে কৈছিল যে যিখন আম আদমী পাৰ্টীক নিজৰ তেজ-ঘামেৰে গঢ়ি তুলি জীৱনৰ ১৫টা বছৰ দিলে, সেই দলটো এতিয়া নীতি-আদৰ্শৰ পৰা ফালৰি কাটি গৈছে । বৰ্তমান ‘আপ’ দলটোৱে দেশৰ স্বাৰ্থত নহয়, কেৱল নিজৰ ব্যক্তিগত লাভৰ বাবেহে কাম কৰি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক : দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ ৰাঘৱ চাড্ডা : পঞ্জাবত চলিছে নেকি ‘প্ৰতিশোধৰ ৰাজনীতি’ ?

ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে হোৱা বৈঠকত ৰাঘৱ চাড্ডাৰ সৈতে থকা সন্দীপ পাঠকেও মিছা এজাহাৰ দাখিল কৰি প্ৰাক্তন সাংসদসকলক ভয় খুৱাবলৈ চেষ্টা কৰাৰ বাবে আপক অভিযুক্ত কৰে

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰাঘৱ চাড্ডাই দাবী কৰে যে তেওঁ পঞ্জাব চৰকাৰৰ “পৰৱৰ্তী লক্ষ্য” হ’ব । আম আদমি পাৰ্টি ত্যাগ কৰা ৭ গৰাকী সাংসদৰ বিৰুদ্ধে চলা ‘প্ৰতিশোধমূলক ৰাজনীতি’ৰ বিষয়ে অৱগত কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ পিছত তেওঁ এই দাবী কৰে ।

ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰাৰ কিছু সময়ৰ পিছত এক সংবাদমেল সম্বোধন কৰি তেওঁ পঞ্জাব চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক পুঁজি ব্যৱহাৰ কৰি এজেঞ্চী নিয়োগ কৰা আৰু প্ৰাক্তন সাতগৰাকী আপ সাংসদক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “মই আপক ক’ব বিচাৰোঁ যে তেওঁলোকে ভিজিলেন্স বৰ্ড আৰু প্ৰদূষণ বৰ্ডৰ সহায়ত প্ৰতিশোধৰ এক বিপজ্জনক খেল আৰম্ভ কৰিছে, কিন্তু ইয়াৰ পৰিণাম অতি ভয়াবহ হ’ব । সূত্ৰ অনুসৰি, মই তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হ’ম । পঞ্জাব চৰকাৰে ছচিয়েল মিডিয়াত আমাক ভাবুকি দিবলৈ এজেঞ্চী ভাড়া কৰিছে । পঞ্জাব চৰকাৰৰ পুঁজি ব্যৱহাৰ কৰি আপে এই কাম কৰি আছে । এইকাৰণেই মই কৈছোঁ যে আপ এতিয়া দুৰ্নীতিগ্ৰস্ত আৰু আপোচকাৰী লোকৰ হাতত বন্দী হৈ পৰিছে ।”

পঞ্জাব চৰকাৰে আম আদমি পাৰ্টি এৰি বিজেপিত যোগদান কৰা আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰাৰ কেইদিনমান পিছতে চাড্ডাই এই দাবী কৰিছে । চাড্ডাই লগতে কয় যে ৰাষ্ট্ৰপতিয়ে সাতগৰাকী প্ৰাক্তন আপ সাংসদক নিৰাপত্তাৰ আশ্বাস দিছে আৰু পঞ্জাব চৰকাৰৰ বিষয়াসকলক সাৱধান কৰি দিছে, কিয়নো বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ শাসনকালত মাত্ৰ কেইবছৰমানহে বাকী আছে ।

তেওঁ কয়, “আমি ৰাষ্ট্ৰপতিক আম আদমি পাৰ্টিৰ দ্বাৰা পঞ্জাব ৰাজ্যিক যন্ত্ৰৰ অপব্যৱহাৰৰ বিষয়ে অৱগত কৰিছোঁ । ৰাষ্ট্ৰপতিয়ে আমাক আমাৰ সুৰক্ষা আৰু সংবিধান ৰক্ষাৰ আশ্বাস দিছে । মই পঞ্জাব চৰকাৰৰ বিষয়াসকলক সাৱধান হ’বলৈ ক’ব বিচাৰোঁ, কাৰণ আপ চৰকাৰৰ হাতত এতিয়া মাত্ৰ কেইমাহমানহে বাকী আছে। আজি আমি ৰাষ্ট্ৰপতিক জনাইছোঁ যে যিসকল সাংসদে আপ এৰি বিজেপিত যোগদান কৰিছে তেওঁলোকৰ বিৰুদ্ধে পঞ্জাব চৰকাৰে কেনেকৈ ৰাজ্যিক যন্ত্ৰ ব্যৱহাৰ কৰি বিপজ্জনক প্ৰতিশোধমূলক ৰাজনীতি চলাইছে ।”

চাড্ডাই বিজেপি সাংসদ সন্দীপ পাঠকৰ বিৰুদ্ধে “দুৰ্ভাৱনাপূৰ্ণ” আৰু “ভিত্তিহীন” গোচৰ ৰুজু কৰাৰ লগতে পঞ্জাবত ৰাজিন্দ্ৰ গুপ্তাৰ কাৰখানা বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে । চাড্ডাই কয়, “পঞ্জাব আৰক্ষীৰ সহায়ত আপ কৰ্মীসকলে বিশ্বকাপ বিজয়ী হৰভজন সিঙৰ বাসগৃহৰ বাহিৰত ‘দেশদ্ৰোহী’ বুলি লিখিছিল । ইয়াৰ পিছত পঞ্জাবত পদ্মশ্ৰী ৰাজেন্দ্ৰ গুপ্তাৰ কাৰখানাৰ পানীৰ সংযোগ কাটি দিয়া হয় । আপে সন্দীপ পাঠকৰ বিৰুদ্ধেও দুৰ্ভাৱনাপূৰ্ণ আৰু মিছা এজাহাৰ দাখিল কৰিছিল আৰু সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছিল যে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব ।”

ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে হোৱা বৈঠকত ৰাঘৱ চাড্ডাৰ সৈতে থকা সন্দীপ পাঠকেও মিছা এজাহাৰ দাখিল কৰি প্ৰাক্তন সাংসদসকলক ভয় খুৱাবলৈ চেষ্টা কৰাৰ বাবে আপক অভিযুক্ত কৰে । তেওঁ কয়, “আমি সংবিধান প্ৰদত্ত অধিকাৰৰ ভিত্তিত আপ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ । আপে ভুৱা এজাহাৰ দাখিল কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে। আমি আইনী যুঁজ দিম… আমি দেশৰ স্বাৰ্থত কাম কৰি আছোঁ ।”

লগতে পঢ়ক : কবিগুৰুৰ জন্মদিনত বংগত নতুন যুগৰ আৰম্ভণি, ৯ মে’ত শুভেন্দুৰ অভিষেক!

পিকচাৰ অভি বাকী হ্যে… ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিলে নতুন ভিডিঅ’

প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

পঞ্জাৱৰ ৰাজনীতিত তেওঁৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰকাশ কৰিছে এক আৱেগিক আৰু আগ্ৰাসী ভিডিঅ’ বাৰ্তা । প্ৰায় তিনি মিনিটৰ এই ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত পঞ্জাৱ বিষয়ত মৌনতা অৱলম্বন কৰা বুলি উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

চাড্ডাই ভিডিঅ’টোৰ কেপচনত লিখিছে, “ৰাঘৱে পঞ্জাৱৰ সমস্যা উত্থাপন কৰাত ব্যৰ্থ হোৱা বুলি ক’বলৈ বাধ্য হোৱা মোৰ সহকৰ্মীসকলৰ বাবে এইটো এটা সৰু ট্ৰেইলাৰ… পিকচাৰ অভি বাকী হ্যে ।”

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই পঞ্জাবক কেৱল ৰাজনৈতিক বিষয় বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰি কয় যে পঞ্জাব তেওঁৰ ঘৰ, তেওঁৰ কৰ্তব্য, আত্মা ।

দৰাচলতে বিগত কিছুদিনত আপৰ কেইবাজনো নেতাই ৰাঘৱক পঞ্জাৱৰ কৃষক আৰু ৰাজ্যখনৰ সমস্যা ৰাজ্যসভাত উত্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰিছে । আনকি পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছত তেওঁক “আপোচ কৰা” বুলিও অভিযোগ কৰে ৷

এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ৰাঘৱ চাড্ডাই সংসদত উত্থাপিত পঞ্জাৱ সম্পৰ্কীয় বিষয়ৰ ক্লিপ শ্বেয়াৰ কৰে । ভিডিঅ’টোত ৰাঘৱে তেওঁৰ ভাষণৰ কিছু অংশ প্ৰদৰ্শন কৰে, য’ত কৃষকৰ বাবে এম এছ পিৰ আইনী নিশ্চয়তা, কৃষি ঋণ আৰু ইনপুট খৰচ বৃদ্ধি, ষ্টাবল ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় আৰ্থিক সাহায্য, পঞ্জাৱৰ ভূগৰ্ভস্থ পানীৰ মাত্ৰা হ্ৰাস, বায়ু প্ৰদূষণ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বাথিণ্ডা-বিকানেৰ ৰে’ল, আন্তঃৰাষ্ট্ৰীয় বিমানৰ অভাৱ, ধৰ্মীয় স্থানৰ বাবে কৰিড’ৰ, পঞ্জাৱৰ বাকী থকা পুঁজি আদি ।

ভিডিঅ’টোত ৰাঘৱ চাড্ডাই সংসদত দিয়া ভাষণৰ কিছু অংশ দেখুৱাই কয় যে পঞ্জাবে দশক দশক ধৰি দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে, সেয়েহে আজি ৰাষ্ট্ৰই পঞ্জাৱৰ সৈতে থিয় দিব লাগে । তেওঁ লগতে কয় যে পঞ্জাবে কাৰো পৰা দান-বৰঙণি বিচৰা নাই, বৰঞ্চ নিজৰ অধিকাৰ দাবী কৰিছে ।

লগতে পঢ়ক : তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক

‘ৰাঘৱ চাড্ডাই কম্প্ৰমাইজ কৰিছে…’; ৰাঘৱ চাড্ডাক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সাংসদ ৰাঘৱ চাড্ডাৰ ভিডিঅ’টোক লৈ তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাঘৱ চাড্ডাই গুৰুত্বপূৰ্ণ বিষয়ৰ সলনি কেণ্টিনৰ চিংৰাৰ বিষয় হে উত্থাপন কৰে।

আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰৰ মাজত বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজ্যসভাত আম আদমি পাৰ্টিৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাড্ডাই নিজৰ দলটোক লক্ষ্য কৰি এটা ভিডিঅ’ বিবৃতি প্ৰকাশ কৰে।

ইয়াৰ প্ৰতি প্ৰত্যুত্তৰ জনাই আম আদমি পাৰ্টিৰ নেতাসকলেও নিজৰ সাংসদ গৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে।পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাঘৱ চাড্ডাক কম্প্ৰমাইজ কৰা বুলি উল্লেখ কৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে উল্লেখ কৰে যে দলটোৰ সংসদীয় ব’ৰ্ডৰ নেতাসকল সময়ে সময়ে সলনি হয়, আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া।তেওঁৰ নিজৰ উদাহৰণ দি কয় যে, ২০১৪ চনৰ পাৰ ২০১৯ চনৰ ভিতৰত তেওঁও ড° ধৰ্মবীৰ গান্ধীৰ ঠাইত আছিল।ভাগৱত মানে উল্লেখ কৰে যে কেইবাটাও গুৰুতৰ বিষয় আছে,যিবোৰ বিষয়ত দলে আশা কৰে যে নিজৰ সাংসদসকলে ৱাকআউট কৰক বা মাত মাতিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যেতিয়া কোনো সংসদৰ সদস্যই তেনে কৰিব নোৱাৰে তেতিয়া ই নীতিক উলংঘা কৰা বুলি গণ্য কৰে।নীতি উলংঘা কৰাৰ বাবে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হয়।পশ্চিম বংগত ভোটাৰৰ নাম ভুলকৈ আঁতৰোৱাৰ ক্ষেত্ৰত হওক, বা গুজৰাটত আম আদমি পাৰ্টিৰ কৰ্মীক গ্ৰেপ্তাৰ সন্দৰ্ভত,ৰাঘৱ চাড্ডাই এইবোৰ বিষয়ক সম্বোধন কৰাৰ পৰিৱৰ্তে সংসদত কেণ্টিনত চিঙৰাৰ বৰ্ধিত মূল্য আৰু পিজ্জা ডেলিভাৰীত পলম হোৱাৰ বিষয়টো উত্থাপন কৰে। গতিকে মই ভাবো, তেওঁ হয়টো আপোচ কৰিছে।  

লগতে পঢ়ক: ‘ককায়েক-ভনীয়েকে আহি কংগ্ৰেছ পাৰ্টীটোক ডুবাই থৈ গ’ল’; ৰাহুল গান্ধীক কটাক্ষ পীয়ুষ হাজৰিকাৰ

মোৰ মৌনতাক পৰাজয় বুলি নাভাবিবঃ আপৰ এক্সনৰ পিছত ৰাঘৱ চাড্ডাৰ প্ৰতিক্ৰিয়া

ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।

শেহতীয়াকৈ আম আদমী পাৰ্টিৰ ভিতৰত হোৱা সালসলনিৰ পিছতে প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই । দলটোৱে তেওঁক ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰে, যিটো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

ৰাঘৱ চাড্ডাই নিজৰ পোষ্টত লিখিছে, “মোৰ মৌনতাক পৰাজয় বুলি ভুল নকৰিব । মোক নিমাত কৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই ।” কিছুদিনৰ পৰা চাড্ডাৰ মৌনতা আৰু দলীয় ডাঙৰ ডাঙৰ সিদ্ধান্তৰ পৰা তেওঁৰ দূৰত্বক লৈ যথেষ্ট চৰ্চা চলিছিল ।

ৰাঘৱ চাড্ডাই এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, “যেতিয়াই সংসদত কথা কোৱাৰ সুযোগ পাওঁ তেতিয়াই মই ৰাজহুৱা বিষয় উত্থাপন কৰো । ৰাজহুৱা বিষয় উত্থাপন কৰাটো অপৰাধ নেকি? মই অপৰাধ কৰিছো নেকি ?”

ৰাঘৱ চাড্ডাই কয়, “মই এই প্ৰশ্নটো এই কাৰণেই সুধিছো কাৰণ আম আদমী পাৰ্টিয়ে সংসদত ৰাঘৱ চাড্ডাক সংসদত কথা ক’বলৈ সুযোগ দিয়া উচিত নহয় বুলি কৈছে । মোক কথা কোৱাৰ পৰা কোনোবাই কিয় বাধা দিব বিচাৰিব ? মই যেতিয়া কথা কওঁ তেতিয়া ৰাজহুৱা বিষয়ৰ কথা কওঁ, সাধাৰণ মানুহৰ কথা কওঁ ।”

ৰাঘৱ চাড্ডাই কয়, “মই বিমানবন্দৰৰ ব্যয়বহুল খাদ্য, জোমাটো-ব্লিংকেট ডেলিভাৰী ৰাইডাৰসকলে সন্মুখীন হোৱা সমস্যা, খাদ্য মিশ্ৰণৰ বিষয় আৰু টোল প্লাজা লুটৰ পৰা আৰম্ভ কৰি বেংক চাৰ্জলৈকে সকলো বিষয় উত্থাপন কৰিলোঁ । আনকি মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বোজাৰ পৰা আৰম্ভ কৰি কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে ধৰ্মঘটলৈকে, টেলিকম কোম্পানীয়ে আমাক কেনেকৈ ১২ মাহত ১৩ বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰায়, সেই বিষয়বোৰো উত্থাপন কৰিলোঁ । মাহৰ পিছত মাহ ধৰি, ডাটা ৰোলঅভাৰ প্ৰদান নকৰিব আৰু ৰিচাৰ্জ শেষ হোৱাৰ পিছত অহা কলসমূহ ব্লক কৰিব ।“

তেওঁ আৰু কয় যে এই বিষয়সমূহ উত্থাপন কৰাত দেশৰ সাধাৰণ মানুহ উপকৃত হ’ল, কিন্তু ইয়াৰ ফলত আম আদমী পাৰ্টিৰ কি ক্ষতি হ’ল ?  মোৰ কথা কোৱাত কোনোবাই কিয় বাধা দিব বিচাৰিব, মোৰ মাত কোনোবাই কিয় নিস্তব্ধ কৰিব বিচাৰিব ?

জনসাধাৰণক সম্বোধন কৰি ৰাঘৱ চাড্ডাই কয়, “আপোনালোকে মোক সীমাহীন মৰম দিছে । মই যেতিয়াই আপোনালোকৰ বিষয়বোৰ উত্থাপন কৰো, তেতিয়াই আপোনালোকে মোক সমৰ্থন কৰে, মোক প্ৰশংসা কৰে আৰু মোক উৎসাহিত কৰে । মই আপোনালোকক ধন্যবাদ জনাব বিচাৰো । মোৰ হাতত ধৰি এনেদৰে মোক সমৰ্থন কৰি থাকক, এৰি নিদিব । মই আপোনালোকৰ পক্ষত । আজি সংসদত মোৰ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ ​​মোক নীৰৱ কৰি ৰখাসকলকো মই কিবা এটা ক’ব বিচাৰো ।”

লগতে পঢ়ক : ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাদ্দাৰ প্ৰথমটো পোষ্ট

ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাঘৱ চাদ্দাৰ প্ৰথমটো পোষ্ট

আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক উপ-নেতা পদৰ পৰা অপসাৰণ কৰিছে। পদৰ পৰা অপসাৰণৰ পিছতেই সামাজিক মাধ্যমত ৰাঘৱ চাদ্দাই এটা বিশেষ পোষ্ট দিছে।

ৰাজ্যসভাৰ আম আদমি পাৰ্টিৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰাৰ পিছতে সাংসদ ৰাঘৱ চাদ্দাই প্ৰথমটো ছ’চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰিছে।ইয়াত তেওঁ নজৰ নলগা ইমোজি ব্যৱহাৰ কৰিছে।এই ইমোজিক ‘ইভিল আই’ বুলিও কোৱা হয়।এই ইমোজিৰ লগতে তেওঁ যোৱা কিছুদিন সংসদত উত্থাপন কৰা বিষয়সমূহৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

আপৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো,সংসদত তেওঁক কেইবাটাও বিষয়ত ভাষণ দিয়া দেখা গৈছে।তেওঁ নিজৰ এক্স হেণ্ডেলত ২ মিনিট ৪৫ ছেকেণ্ডৰ এটা ভিডিঅ’ পোষ্ট কৰে।ভিডিঅ’টোৰ ভিতৰত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বোজা, তথ্যৰ ম্যাদ উকলি যোৱাৰ সমস্যা, পিতৃত্বৰ ছুটী, নূন্যতম বেলেন্সক লগোৱা জৰিমনা, খাদ্যৰ মিশ্ৰণ, ইকামিং কলৰ বাবে চাৰ্জ, ২৮ দিনীয়া ৰিচাৰ্জ ‘কেলেংকাৰী’, অতিৰিক্ত লটাৰী মাচুল, কাগজ লিক কেলেংকাৰী, বায়ু প্ৰদূষণ, স্বাস্থ্য বীমাৰ জি এছ টি, বিমানবন্দৰত দামী খাদ্য আদি অসংখ্য বিষয় আছে।

লগতে পঢ়ক: যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু ভাৰতঃ পশ্চিম এছিয়াৰ সংকটক লৈ ৰাজনাথ সিঙৰ মন্তব্য

ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা ৰাঘৱ চাদ্দাকক অপসাৰণ আপৰ

ৰাজ্যসভাত আম আদমি পাৰ্টিৰ নেতৃত্বৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন ঘটাই সাংসদ ৰাঘৱ চাদ্দাক উপ-নেতা পদৰ পৰা অপসাৰণ কৰা হয়। তেওঁৰ ঠাইত দলে সাংসদ অশোক কুমাৰ মিত্তলক নতুন উপ-নেতা হিচাপে নিযুক্তি দিছে।

আম আদমী পাৰ্টিয়ে ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাদ্দাক অপসাৰণ কৰিছে । এই তথ্য আপে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ যোগে প্ৰদান কৰিছে । সংসদত ভাষণ দিবলৈ ৰাঘৱ চাদ্দাকক সময় নিদিবলৈও অনুৰোধ জনাইছে আপে । ৰাজ্যসভাত দলটোৰ নতুন উপ-দলপতি হ’ব পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ড০ অশোক মিত্তল । এই পত্ৰ আপে ৰাজ্যসভা সচিবালয়লৈ প্ৰেৰণ কৰিছে ।

কিছুদিনৰ পৰা ৰাঘৱ চাদ্দা আৰু আপৰ মাজত বিভাজন বা মতানৈক্যৰ খবৰ আৰু জল্পনা-কল্পনা প্ৰচাৰ হৈ আছে । আপৰ এই পদক্ষেপে তেওঁলোকৰ মাজত চলি থকা বিৰোধ নিশ্চিত কৰা যেন লাগে । অৱশ্যে এই বিবাদ সন্দৰ্ভত কোন পক্ষই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

বৰ্তমান ৰাজ্যসভাত আপৰ ১০ জন গৰাকী সদস্য আছে । ইয়াৰে পঞ্জাৱৰ ৭ জন আৰু দিল্লীৰ ৩ জন সদস্য আছে । পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা আম আদমী পাৰ্টিৰ সৈতে জড়িত । ২০১২ চনত তেওঁ অৰবিন্দ কেজৰিৱালৰ সৈতে দিল্লী লোকপাল বিধেয়ক সন্দৰ্ভত কাম কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল ।

তেওঁ দলৰ ভিতৰত দ্ৰুতগতিত উত্থান ঘটাই ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে পৰিগণিত হয় আৰু ২০১৫ চনৰ দিল্লী নিৰ্বাচনত আপৰ জয়ৰ পিছত দলৰ আটাইতকৈ কম বয়সীয়া কোষাধ্যক্ষ হিচাপে পৰিগণিত হয় । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ দক্ষিণ দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৰমেশ বিধুৰীৰ হাতত পৰাস্ত হৈছিল । ইয়াৰ পিছতে ৰাজেন্দ্ৰ নগৰৰ পৰা ২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত জয়লাভ কৰে তেওঁ ।

২০২২ চনত ৰাঘৱ চাদ্দা ৩৩ বছৰ বয়সতে ৰাজ্যসভাৰ আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে পৰিগণিত হয় আৰু তাৰ পিছৰ পৰাই তেওঁ আপৰ সংসদীয় আৰু সাংগঠনিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি মনীষ ছিছ’দিয়া আৰু ভগৱন্ত মানৰ দৰে নেতাৰ সৈতে কাম কৰি আহিছে । ২০২৩ চনত সঞ্জয় সিঙৰ ঠাইত আপে তেওঁক ৰাজ্যসভাত নেতা হিচাপে নিযুক্তি দিয়ে ।

লগতে পঢ়ক: মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

১২ মাহত ১৩ বাৰ ৰিচাৰ্জ কিয় ?  মোবাইল ৰিচাৰ্জৰ বিষয়ত সংসদত সৰৱ ৰাঘৱ চাড্ডা

প্ৰিপেইড ৰিচাৰ্জৰ ম্যাদ উকলি যোৱাৰ পিছত ইনকাম কল ব্লক কৰা টেলিকম কোম্পানীসমূহক তীব্ৰ সমালোচনা কৰে চাড্ডাই

আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই বুধবাৰে সংসদত মোবাইল ৰিচাৰ্জৰ বিষয়ক লৈ সৰৱ হৈ পৰে । প্ৰিপেইড ৰিচাৰ্জৰ ম্যাদ উকলি যোৱাৰ পিছত ইনকাম কল ব্লক কৰা টেলিকম কোম্পানীসমূহৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে চাড্ডাই । তেওঁ নিয়ন্ত্ৰকসকলক গ্ৰাহকক সুৰক্ষা দিবলৈ দাবী জনায় । বৈধতা তথা ভেলিডিটিৰ সময়সীমা শেষ হোৱাৰ পিছতো ব্যৱহাৰকাৰীয়ে কল লাভ কৰিব লাগে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ পিছতে এতিয়া টেলিকম নীতিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ।

সাংসদ ৰাঘৱ চাড্ডাই কয় যে ৰিচাৰ্জ প্লেনৰ ম্যাদ উকলিলে আউটগোয়িং কল ব্লক হোৱাটো বুজা যায় । কিন্তু ইনকামিং কলবোৰো কিয় ব্লক কৰা হয় ? বৈধতাৰ সময়সীমা শেষ হ’লে মানুহৰ সৈতে যোগাযোগ কৰিব নোৱাৰি আৰু বেংকৰ অ’টিপিৰ দৰে গুৰুত্বপূৰ্ণ বাৰ্তাও লাভ কৰা নহয় । জৰুৰীকালীন বা জৰুৰী পৰিস্থিতিত ইয়াৰ ফলত কোনো ব্যক্তি সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিব পাৰে ।

আপ সাসংদগৰাকীয়ে কয়, “মই চৰকাৰক দাবী জনাইছো যে অন্তিমটো ৰিচাৰ্জৰ পিছত কমেও এবছৰলৈকে ইনকামিং কল আৰু এছএমএছ চলি থাকিব লাগে যাতে অত্যাৱশ্যকীয় যোগাযোগত বাধা নাহে । আন এটা দাবী হ’ল শেষৰ ৰিচাৰ্জৰ পিছত কমেও তিনি বছৰলৈ মোবাইল নম্বৰ নিষ্ক্ৰিয় কৰিব নালাগে । টেলিকম অপাৰেটৰসকলে যিসকল ব্যৱহাৰকাৰীয়ে কেৱল অত্যাৱশ্যকীয় কল, অ’টিপি আৰু চৰকাৰী সেৱাৰ বাবে নিজৰ নম্বৰ সক্ৰিয় কৰি ৰাখিব লাগে তেওঁলোকৰ বাবে কম খৰচী “কেৱল ইনকামিং” প্লেন প্ৰৱৰ্তন কৰিব লাগে ।”

আম আদমি পাৰ্টিৰ সাংসদগৰাকীয়ে কয়, “মই ২৮ দিনৰ ৰিচাৰ্জ “Monthly Plane” পৰিকল্পনাৰ বিষয়টোও উত্থাপন কৰিলোঁ । যদি কোনো বিষয় এটাক Monthly বুলি কোৱা হয়, তেন্তে সেয়া ৩০-৩১ দিনৰ কেলেণ্ডাৰ মাহৰ ওপৰত ভিত্তি কৰি হ’ব লাগে । ২৮ দিনৰ চক্ৰৰ বাবে গ্ৰাহকে প্ৰকৃততে বছৰত ১৩টা ৰিচাৰ্জৰ বাবে ধন দিছে । (২৮ দিন × ১৩ ৰিচাৰ্জ = ৩৬৪ দিন)।”

তেওঁ কয় যে, টেলিকম অপাৰেটৰসকলে তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহ প্ৰকৃত কেলেণ্ডাৰ মাহৰ সৈতে সংযোগ কৰিব লাগে, ২৮ দিনৰ প্লেনৰ সৈতে নহয় । বৰ্তমান মোবাইল ফোন বিলাসীতা নহয় । ই এক জীৱনৰেখা । প্ৰিপেইড ৰিচাৰ্জ গ্ৰাহকসকল ন্যায় আৰু স্বচ্ছতাৰ যোগ্য । তেওঁ কয় যে, “মই ভাৰতৰ প্ৰিপেইড ৰিচাৰ্জ গ্ৰাহকৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিলোঁ, যিসকলে দেশৰ ১.২৫ বিলিয়ন মোবাইল ব্যৱহাৰকাৰীৰ প্ৰায় ৯০% প্ৰতিনিধিত্ব কৰে ।”

লগতে পঢ়ক : অপেক্ষাৰ অন্ত… একাউন্টত দুই হাজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম