“আজি শেষ প্ৰচাৰ,এতিয়া, মই শপত গ্ৰহণ অনুষ্ঠানলৈ হে আহিম”; বংগত আত্মবিশ্বাসেৰে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

“আজি শেষ প্ৰচাৰ,এতিয়া, মই শপত গ্ৰহণ অনুষ্ঠানলৈ হে আহিম”; বংগত  আত্মবিশ্বাসেৰে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ শেষৰখন সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে, আজি সভাখন শেষ হোৱাৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানলৈহে আহিম। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সামৰণি পৰিব। উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাকপুৰত ‘বিজয় সংকল্প’ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে।তেওঁ কয় যে, ‘বাৰাকপুৰৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ শেষৰখন সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে, আজি সভাখন শেষ হোৱাৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানলৈহে আহিম।

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সামৰণি পৰিব। উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাকপুৰত ‘বিজয় সংকল্প’ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে।তেওঁ কয় যে, ‘বাৰাকপুৰৰ মাটিয়ে পৰিৱৰ্তনৰ ঢৌৰ বাট মুকলি কৰি দিছে। বংগত মই য’ত য’ত গৈছো,ইমান গৰমতো এনে জন-উৎসাহ দেখি বিশ্বাস কৰা হৈছে যে মই আকৌ ৪ মে’ৰ ফলাফলৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব লাগিব’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘এইবাৰৰ নিৰ্বাচনৰ এইখন শেষ সভা। মই এই আত্মবিশ্বাস লৈ উভতি যাম যে ৪ মে’ৰ ফলাফলৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত মই নিশ্চয় উপস্থিত থাকিম।ইয়াৰ ফলত মোৰ উৎসাহ আৰু অধিক বৃদ্ধি পাইছে। মই এই জনসভালৈ আহি থাকোতে ৰাস্তাৰ দুয়োকাষে ইমানেই ভিৰ আছিল যে মই কল্পনাই কৰিব পৰা নাই ইমান পুৱাই হাজাৰ হাজাৰ মানুহে মোক আশীৰ্বাদ দিবলৈ আহিছিল।আপোনালেক মোৰ পৰিয়াল। আপোনালোকৰ লগত থাকিলে মই আনন্দ পাওঁ’।

লগতে পঢ়ক: ‘আদা, নহৰু, জিৰা… এই ৭ টা কেতিয়াও শাক-পাচলি নহয়’; আপ এৰি যোৱা সাংসদক কটাক্ষ ভগৱান্ত মানৰ

শেহতীয়া প্ৰৱন্ধসমূহ