'যাৰ চৰকাৰ সুৰাৰ ৰাগীত ডুব গ’ল,যাৰ কাঁচৰ ৰাজপ্ৰসাদ...’; ৰাজ্যসভাত আপক প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ আক্ৰমণ

‘যাৰ চৰকাৰ সুৰাৰ ৰাগীত ডুব গ’ল,যাৰ কাঁচৰ ৰাজপ্ৰসাদ…’; ৰাজ্যসভাত আপক প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ আক্ৰমণ 

ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমি পাৰ্টিক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে সুৰা নীতি আৰু কাঁচৰ ৰাজপ্ৰসাদক লৈ সমালোচনা কৰে। বৃহস্পতিবাৰে (৫ ফেব্ৰুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমী পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। প্ৰধানমন্ত্ৰী

ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমি পাৰ্টিক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে সুৰা নীতি আৰু কাঁচৰ ৰাজপ্ৰসাদক লৈ সমালোচনা কৰে।

বৃহস্পতিবাৰে (৫ ফেব্ৰুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমী পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কাব্যিক ৰূপত আম আদমি পাৰ্টিক লক্ষ্য কৰি দলটোৰ সুৰা নীতি আৰু আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কাঁচৰ ৰাজপ্ৰসাদক লৈ সমালোচনা কৰে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী সাংসদসকলে জোৰেৰে শ্লোগান দিবলৈ আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টিক দুৰ্নীতি আৰু নৈতিক অৱনতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলালে।

সংসদত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰো নাম নোলোৱাকৈয়ে কয় যে, এজন মাননীয় সদস্যই অহৰহ ভাষণ দি আছিল,কিন্তু তেওঁৰ সমগ্ৰ চৰকাৰ সুৰা নীতিৰ দৰে কেলেংকাৰীত ডুব গৈছে।

তেওঁ কয় যে তথাকথিত ‘কাঁচৰ মহল’ আজি প্ৰতিখন ঘৰতে ঘৃণাৰ কাৰণ হৈ পৰিছে আৰু ই ক্ষমতাৰ অহংকাৰ আৰু দুৰ্নীতিপৰায়ণ আচৰণৰ প্ৰতীক হৈ পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে একাংশ লোকে দেশ আৰু বিশ্বক বিপথে পৰিচালিত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, কিন্তু এইয়া কিমান দিনলৈ চলি থাকিব? প্ৰধানমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, যি দিনাখন আইনাখন চাব, সেই দিনা সত্য লুকুৱাবলৈ ঠাই নাথাকিব।

লগতে পঢ়ক: ‘প্রধানমন্ত্রীৰ লগত যিকোনো ঘটনা হ’ল হয়’; লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ ৰহস্য ভেদ

শেহতীয়া প্ৰৱন্ধসমূহ