পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা

পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা

পঞ্জাৱৰ জলন্ধৰত আম আদমি পাৰ্টিৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা কৰা হৈছে। নিজৰ বাহনৰ ভিতৰতে গুলীয়াই হত্যা লাকী ওবেৰয়ক। পঞ্জাৱৰ জলন্ধৰত দিন-দুপৰতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আম আদমী পাৰ্টীৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। শুকুৰবাৰে পুৱা জলন্ধাৰৰ মডেল টাউন অঞ্চলত আম আদমি পাৰ্টিৰ

পঞ্জাৱৰ জলন্ধৰত আম আদমি পাৰ্টিৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা কৰা হৈছে। নিজৰ বাহনৰ ভিতৰতে গুলীয়াই হত্যা লাকী ওবেৰয়ক।

পঞ্জাৱৰ জলন্ধৰত দিন-দুপৰতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আম আদমী পাৰ্টীৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা দুৰ্বৃত্তৰ।

শুকুৰবাৰে পুৱা জলন্ধাৰৰ মডেল টাউন অঞ্চলত আম আদমি পাৰ্টিৰ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা কৰা হয়।এই ঘটনাটো মডেল টাউনত অৱস্থিত গুৰুদ্বাৰা চাহিবৰ বাহিৰত সংঘটিত হৈছে।

কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে প্ৰায় ১৫ ৰ পৰা ১৫ জাঁই গুলীচালনা কৰে। যাৰ ভিতৰত ৬টা গুলী লাকী ওবেৰয়ৰ দেহত বিদ্ধ হয়।

আপ নেতা গৰাকীৰ হত্যাৰ পিছতে জলন্ধৰ চহৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, বাহনখনত গৈ থকা লাকী ওবেৰয়ক হঠাতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে।

গুলীচালনাৰ শব্দই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল। ঘটনাটোৰ পিছতেই লাকী ওবেৰয়ক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষাণা কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে। ঘটমনাস্থলীৰ পৰা কেইবাটাও খালী গুলীৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: ‘যাৰ চৰকাৰ সুৰাৰ ৰাগীত ডুব গ’ল,যাৰ কাঁচৰ ৰাজপ্ৰসাদ…’; ৰাজ্যসভাত আপক প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ আক্ৰমণ