বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত

বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত

নীতিশ কুমাৰৰ পিছত বিহাৰত বিজেপি মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে।জানিব পৰা মতে ১০ এপ্ৰিললৈ মুখ্যমন্ত্ৰী পদত থাকিব নীতিশ কুমাৰ। তেওঁ ততাতৈয়াকৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে। বিহাৰত যে বিজেপি মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। নতুন চৰকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নীতিশ

নীতিশ কুমাৰৰ পিছত বিহাৰত বিজেপি মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে।জানিব পৰা মতে ১০ এপ্ৰিললৈ মুখ্যমন্ত্ৰী পদত থাকিব নীতিশ কুমাৰ। তেওঁ ততাতৈয়াকৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে।

বিহাৰত যে বিজেপি মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। নতুন চৰকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নীতিশ কুমাৰৰ মাজত বিতৰ্ক হৈ আছে।

তাৰ মাজতে খবৰ আহিছে যে, শীঘ্ৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে নীতিশ কুমাৰে।জানিব পৰা মতে,আচলতে ১০ এপ্ৰিলৰ ভিতৰত নতুন চৰকাৰ গঠন হ’ব কাৰণ ১০ এপ্ৰিলৰ পিছত ৰাজ্যসভাৰ কাৰ্যকাল আৰম্ভ হ’ব।এনে পৰিস্থিতিত খবৰ আহিছে যে নীতিশ কুমাৰে তেতিয়াহে পদত্যাগ কৰিব আৰু নতুন চৰকাৰ গঠন হ’ব।

নীতিশ কুমাৰে বৃহস্পতিবাৰে (৫ মাৰ্চ) অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰে।গৃহমন্ত্ৰী গৰাকীয়ে কয় যে,‘নীতিশ কুমাৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছে।২০০৫ চনৰ পৰা আজিলৈকে তেওঁৰ কাৰ্যকাল বিহাৰৰ ইতিহাসৰ সোণালী পৃষ্ঠা হিচাপে লিখা হ’ব।

কেৱল এয়াই নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নীতিশ কুমাৰক প্ৰশংসা কৰি এই কথা কয়,তেওঁ বিহাৰত জংঘল ৰাজৰ অন্ত পেলালে। উন্নয়নক গতি প্ৰদান কৰিছিল আৰু ৰাজ্যৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ইমান দীঘলীয়া কাৰ্যকালৰ পাছতো নীতিশ কুমাৰৰ ওপৰত এটাও দাগ নাই।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে