শেহতীয়াকৈ বিহাৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ । তেওঁ এতিয়া দিল্লীত থাকি সংসদৰ উচ্চ সদনত অংশগ্ৰহণ কৰিব ।
বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে থকা দুই দশকৰো অধিক কাৰ্যকালৰ অন্ত পেলাইছে নীতিশ কুমাৰে । মঙলবাৰে ৰাজ্যপাল চৈয়দ আতা হাছনাইনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তেওঁ । পদত্যাগৰ পিছতে নীতিশে ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয়, “আমি বিহাৰৰ জনসাধাৰণৰ বাবে বহু কাম কৰিছো । আমি ইমান দিনে তেওঁলোকক অবিৰতভাৱে সেৱা আগবঢ়াই আহিছো । আমি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেয়ে আজি কেবিনেট বৈঠকৰ অন্তত মই ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলোঁ । এতিয়া, এখন নতুন চৰকাৰে ইয়াত কাম-কাজৰ দায়িত্ব ল’ব ।”
শেহতীয়াকৈ বিহাৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ । তেওঁ এতিয়া দিল্লীত থাকি সংসদৰ উচ্চ সদনত অংশগ্ৰহণ কৰিব । ইফালে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে । বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ নেতৃত্ব দিব । সম্ৰাট চৌধুৰী বিজেপিৰ এগৰাকী বিশিষ্ট ব্যক্তি আৰু ইয়াৰ পূৰ্বেও দলৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । কাইলৈ (১৫ এপ্ৰিল) পুৱা ১১ বজাত লোকভৱনত নতুন মন্ত্ৰীসভাৰ সৈতে শপত গ্ৰহণ কৰিব তেওঁ ।
বিজেপি আৰু এন ডি এ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী পদৰ বাবে সম্ৰাট চৌধুৰীৰ নাম অনুমোদন জনোৱা হয় । উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাই বিজেপিৰ জ্যেষ্ঠ নেতা মংগল পাণ্ডে, দিলীপ জয়ছোৱাল, আৰু ৰেণু দেৱীৰ সৈতে আনুষ্ঠানিকভাৱে সম্ৰাট চৌধুৰীক দলৰ বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ আগবঢ়ায় । এই প্ৰস্তাৱত অনুমোদন জনাইছিল কেন্দ্ৰীয় পৰ্যবেক্ষক শিৱৰাজ সিং চৌহানে । ইয়াৰ পিছত নীতিশ কুমাৰে এন ডি এ বিধানসভা দলৰ বৈঠকত সম্ৰাট চৌধুৰীক আদৰণি জনায় আৰু সকলো মিত্ৰশক্তিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম সমৰ্থন কৰে ।
ইফালে সম্ৰাট চৌধুৰীয়ে বিহাৰৰ জনসাধাৰণৰ সেৱাৰ সুযোগ দিয়াৰ বাবে বিজেপিক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ এক্সত লিখিছে, “এয়া কেৱল মোৰ বাবে এটা পদ নহয়, বৰঞ্চ বিহাৰৰ জনসাধাৰণৰ আস্থা আৰু সপোন পূৰণৰ সেৱা কৰাৰ এক পবিত্ৰ সুযোগ । মই সম্পূৰ্ণ নিষ্ঠা, দায়বদ্ধতা আৰু সততাৰে সকলোৰে আশা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছো ।”
সম্ৰাট চৌধুৰীয়ে আৰু কয় যে তেওঁ ভৱিষ্যতে বিহাৰক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিব । তেওঁ এক্সত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্ব আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশনাত মই বিহাৰক উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম । আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সমৰ্থন মোৰ সৰ্বোচ্চ শক্তি ।”
লগতে পঢ়ক : তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰিলে ইস্তাহাৰ