মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ মূৰত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণক লৈ দলটোক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণক লৈ দলটোক তীব্ৰ সমালোচনা কৰে । তেওঁ নেতৃত্বৰ নিৰ্বাচন আৰু খাৰ্গেৰ পূৰ্বৰ স্থিতিৰ

নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণক লৈ দলটোক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণক লৈ দলটোক তীব্ৰ সমালোচনা কৰে । তেওঁ নেতৃত্বৰ নিৰ্বাচন আৰু খাৰ্গেৰ পূৰ্বৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত খাৰ্গেক নিৰ্বাচনী প্ৰচাৰৰ মুখ্য মুখ হিচাপে প্ৰক্ষেপ কৰি কংগ্ৰেছে এক কৌশলগত ভুল কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, “খাৰ্গেক আনি কংগ্ৰেছে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে ।”

তেওঁ লগতে অভিযোগ কৰে যে খাৰ্গেয়ে পূৰ্বে ড° ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ বিৰোধিতা কৰিছিল । ইয়াৰ উপৰি়ও মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে খাৰ্গেয়ে অসমত প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰো বিৰোধিতা কৰিছিল, যিটো প্ৰকল্পক ৰাজ্য চৰকাৰে উদ্যোগিক আৰু প্ৰযুক্তিগত প্ৰগতিৰ এক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰি আহিছে । কংগ্ৰেছৰ নিৰ্বাচনী কৌশলক লৈ মুখ্যমন্ত্ৰীজনে প্ৰশ্ন কৰে- “অসমত আপোনালোকে এনেকুৱা এজন ব্যক্তিক ষ্টাৰ কেম্পেইনাৰ পাতে নেকি ?”

লগতে পঢ়ক : গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’