তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে মঙলবাৰে ইস্তাহাৰ মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীয়ে
তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে মঙলবাৰে ইস্তাহাৰ মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । এই ইস্তাহাৰত সকলো গৃহিণীৰ বাবে মাহিলি ২,০০০ টকাকৈ সাহায্য আৰু প্ৰতিটো পৰিয়ালক এককালীন ১০,০০০ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) অধীনত বিজেপিয়ে এআইএডিএমকেৰ সৈতে ২৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।
পাৰ্টিয়ে পংগল, তামিল পুথাণ্ডু আৰু দীপাৱলী উপলক্ষে বছৰত তিনিটাকৈ এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে । বিজেপিৰ হিন্দুত্ববাদী নীতিৰ সৈতে সংগতি ৰাখি দলটোৱে ঘোষণা কৰিছে যে ভগৱান মুৰুগানক সন্মান জনাবলৈ ‘থাইপুচম’ক ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰা হ’ব । লগতে তিৰুপাৰংকুন্দ্ৰম পাহাৰৰ শিখৰত ‘কাৰ্থিগাই দীপম’ জ্বলোৱাৰ পৰম্পৰা পুনৰ আৰম্ভ কৰা আৰু সুৰক্ষিত কৰাটো নিশ্চিত কৰা হ’ব । উল্লেখযোগ্য যে, পূৰ্বে ন্যায়াধীশ স্বামীনাথনৰ এক নিৰ্দেশত এই চাকি জ্বলোৱাৰ অনুমতি দিয়া হৈছিল, যাৰ ফলত শাসকীয় ডিএমকে আৰু বিজেপিৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল । এই বিবাদে যোৱা বছৰ সংসদতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।
ইস্তাহাৰত বিজেপিয়ে তামিলনাডুৰ ৰেল নেটৱৰ্কৰ আমূল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ ভিতৰত আছে হাই-স্পীড ৰেল কৰিডৰ (চেন্নাই-বেংগালুৰু, চেন্নাই-হায়দৰাবাদ), কইম্বাটুৰ-তিৰুপুৰ চালেম আৰআৰটিএছ আৰু নতুন শ্লিপাৰ বন্দে ভাৰত ৰেলৰ জৰিয়তে সংযোগ বৃদ্ধি কৰা ।
মহিলাসকলৰ বাবে দলটোৱে অপৰাধ ৰোধ কৰিবলৈ জিৰো-এফআইআৰ ব্যৱস্থা, বিশেষ দ্ৰুত আদালত, বাছ আৰু শিক্ষানুষ্ঠানত সম্পূৰ্ণ চিচিটিভি নিৰীক্ষণৰ আশ্বাস দিছে । ইয়াৰ উপৰিও মহিলা সমবায় আৰু আত্মসহায়ক গোটসমূহক নিৰ্মাণ গোট স্থাপনৰ বাবে ৫০ লাখ টকালৈকে সুদহীন ঋণ আৰু চৰকাৰী ক্ৰয়ত ২০ শতাংশ কোটাৰ প্ৰতিশ্ৰুতি দিছে ।
শাসকীয় ডিএমকে মিত্ৰজোঁটক সমালোচনা কৰি বিজেপিৰ সভাপতি নাইনাৰ নগেন্দ্ৰনে কয় যে ৰাজ্যখনত এক ফেচীবাদী আৰু পৰিয়ালকেন্দ্ৰিক শাসন চলি আছে । তেওঁ দাবী কৰে যে এনডিএ মিত্ৰজোঁটে আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিব ।
বিজেপিৰ মিত্ৰশক্তি এআইএডিএমকে-ৰ ইস্তাহাৰৰ সৈতেও এই প্ৰতিশ্ৰুতিসমূহৰ মিল আছে । এআইএডিএমকে-ই মহিলাসকলক মাহিলি ২,০০০ টকা দিয়াৰ উপৰিও ৰেচন কাৰ্ড ধাৰীসকলক চাউলৰ সৈতে দাইল আৰু ৰেফ্ৰিজাৰেটৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে । লগতে মহিলাৰ দৰে পুৰুষৰ বাবেও বিনামূলীয়া বাছ যাত্ৰাৰ সুবিধা আগবঢ়োৱাৰ কথা তেওঁলোকে ঘোষণা কৰিছে ।
লগতে পঢ়ক : বিহাৰত নীতিশ যুগৰ অন্ত, আজি পদত্যাগ কৰিব সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে









