“মই সদায় অনুভৱ কৰিছিলোঁ তেওঁ ডাঙৰ কিবা এটা কৰিব”; মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰি আৱেগিক সামন্থা প্ৰভু

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰি সামন্থা ৰুথ প্ৰভুৱে তেওঁক প্ৰশংসা কৰে। সামন্থাই কয় যে তেওঁ সদায় অনুভৱ কৰিছিল যে বিজয় কেৱল পৰ্দাৰ নায়ক হৈ থাকিব নোৱাৰে।

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে বুধবাৰে তেওঁৰ প্ৰাক্তন সহ-অভিনেতা তথা তামিলনাডুৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰে। এই সময়ছোৱাত অভিনেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী বিজয়ৰ প্ৰশংসা কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে নিজৰ কিছুমান ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আজি যেতিয়া মই চেন্নাইত উপস্থিত হ’লোঁ, তেতিয়া মই অপৰিসীম আনন্দ অনুভৱ কৰিলোঁ। মই আমাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈ আছিলোঁ। মই সদায় অনুভৱ কৰিছিলোঁ যে বিজয় ছাৰ কেৱল পৰ্দাৰ নায়ক হৈ থাকিব নোৱাৰে। তেওঁৰ শক্তি, তেওঁৰ ব্যক্তিত্ব আৰু মানুহে তেওঁৰ দ্বাৰা যিদৰে প্ৰভাৱিত হয়, তাৰ পৰা সদায় এনে লাগিছিল যে তেওঁ কিবা এটা ডাঙৰ কাম কৰিবলৈকে সৃষ্টি হৈছিল।”

সামন্থাই আৰু লিখিছে, “মোক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা কথাটো হ’ল এটা একেবাৰে নতুন ক্ষেত্ৰত ভৰি দিবলৈ যি সাহসৰ প্ৰয়োজন, সেয়া তেওঁৰ মাজত আছে।তেওঁ এতিয়ালৈকে অৰ্জন কৰা  জ্ঞানক পিছফালে এৰি থৈ এনে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, য’ত বিপদাশংকা বহুত বেছি। এনেকুৱা এইবাবেই নহয় যে ই সহজ, বৰঞ্চ এইবাবেই যে আপোনাৰ বিশ্বাস আছে যে আপুনি পৰিৱৰ্তন আনিব পাৰে।”

অভিনেত্ৰী গৰাকীয়ে লিখিছে মই ভাবো আমি সকলোৱে জীৱনৰ কোনোবা নহয় কোনোবা মুহূৰ্তত কিবা ডাঙৰ কাম কৰাৰ প্ৰেৰণা পাওঁ। প্ৰয়োজন হৈছে নিজৰ উৰ্ধলৈ গৈ চিন্তা কৰা যে আমি কেনেকৈ অৱদান আগবঢ়াব পাৰোঁ। অতি কম সংখ্যক মানুহেহে প্ৰকৃততে সেই প্ৰেৰণাক গ্ৰহণ কৰে। বিজয় ছাৰৰ এই অনুভৱ তেওঁৰ পদবীৰ বাবে হোৱা নাই, বৰঞ্চ কামৰ প্ৰতি তেওঁৰ উৎসৰ্গিত মনোভাৱৰ বাবেহে হৈছে।

পোষ্টটোৰ শেষত সামন্থাই লিখিছে যে তেওঁ শক্তি, জ্ঞান আৰু নিজৰ লক্ষ্যত অটল থকাৰ সাহস পাওক, এয়াই মোৰ কামনা। আৰু এইয়া চাই থকা প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এটা বাৰ্তা হওক যে জীৱন আপোনাৰ প্ৰাৰম্ভিক সপোনতকৈ বহু ডাঙৰ হ’ব পাৰে।

লগতে পঢ়ক: ‘কুমকুম ভাগ্য’ৰ অভিনেত্ৰী সঞ্চিতা উগলেৰ আত্মহত্যা; ২০ ঘণ্টাৰ পূৰ্বে দিছিল হাঁহি থকাৰ ষ্টেটাছ

বিৰোধী মিত্ৰজোঁটত মোক্ষম  আঘাত; INDIA ব্লকৰ বৈঠক বৰ্জন ডি এম কেৰ

অহা ৮ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া I.N.D.I.A. মিত্ৰজোঁটৰ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে ডি এম কে।

বিৰোধী মিত্ৰজোঁট I.N.D.I.A. (ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স)-ক এক ডাঙৰ আঘাত দি দ্ৰাবিড় মুনেত্ৰ কাঝাগামে ৮ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। দলটোৱে স্পষ্টকৈ কৈছে যে এই বৈঠক কংগ্ৰেছৰ উপস্থিতিত অনুষ্ঠিত হ’ব আৰু তামিলনাডুৰ শেহতীয়া ৰাজনৈতিক ঘটনাৱলীৰ বাবে তেওঁলোকৰ কৰ্মীসকল কংগ্ৰেছৰ ওপৰত অত্যন্ত ক্ষুব্ধ।

ডি এম কেৱে বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত কয় যে তামিলনাডু বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে গ্ৰহণ কৰা পদক্ষেপক দলীয় কৰ্মীসকলে ‘বিশ্বাসঘাতকতা’ বুলি গণ্য কৰিছে। এই কাৰণেই কৰ্মীসকলৰ আৱেগক সন্মান জনাই ডি এম কেৱে ৮ জুনত অনুষ্ঠিত হ’বলগীয়া INDIA মিত্ৰজোঁটৰ বৈঠকৰ পৰা দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত লৈছে। দলটোৱে নিজৰ বিবৃতিত কয়, ‘তামিলনাডু বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে ডি এম কেৰ সৈতে কৰা বিশ্বাসঘাতকতাত আমাৰ কৰ্মীসকল গভীৰভাৱে মৰ্মাহত হৈছে।’

ডি এম কেৱে লগতে কয়, ‘কৰ্মীসকলৰ আৱেগক লক্ষ্য ৰাখি ডি এম কেৱে ৮ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া I.N.D.I.A.-ৰ বৈঠকত অংশ নলয়, বিশেষকৈ এই কাৰণেই যে এই বৈঠকত কংগ্ৰেছো অন্তৰ্ভুক্ত হৈ আছে।’ অৱশ্যে ডি এম কেৱে ইহঁতকো স্পষ্ট কৰি দিছে যে তেওঁলোকে কেৱল এই বৈঠকতহে অংশ নলয়, কিন্তু দেশৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়বোৰত পূৰ্বৰ দৰেই নিজৰ মাত মাতি যাব। দলটোৱে কয় যে বৈঠকত অংশ লোৱা আন দলবোৰে যদি ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু জনকল্যাণৰ সৈতে জড়িত বিষয় উত্থাপন কৰে, তেন্তে ডি এম কেৱে তেওঁলোকক সমৰ্থন কৰিবলৈ আৰু সেইবোৰৰ ওপৰত নিজৰ মতামত দিবলৈ পিছহুহকি নাহে।

ডি এম কেৰ এই অসন্তুষ্টিৰ মূল কাৰণ তামিলনাডু বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ স্থিতি বুলি ধৰা হৈছে। নিৰ্বাচনত ডি এম কেৰ নেতৃত্বধীন মিত্ৰজোঁট পৰাজিত হৈছিল, আনহাতে তামিলগা ভেত্ৰি কাঝাগাম (TVK) ১০৮খন আসন জিকি একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে TVK-ক সমৰ্থন আগবঢ়ায়। উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ডি এম কেৰ নেতৃত্বধীন মিত্ৰজোঁটৰ অংশ আছিল আৰু দলটোৱে পাঁচখন আসনত জয়লাভ কৰিছিল। ইয়াৰ পাছতো চৰকাৰ গঠনৰ সময়ত কংগ্ৰেছে TVK-ক সমৰ্থন কৰাটো ডি এম কেৱে সহজভাৱে লব পৰা নাই।

ৰাজনৈতিক মতভেদৰ ইংগিত ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ ডি এম কেৱে লোকসভাত নিজৰ সাংসদসকলৰ বাবে কংগ্ৰেছতকৈ পৃথককৈ বহাৰ আনুষ্ঠানিক দাবী উত্থাপন কৰিছিল। দীৰ্ঘদিন ধৰি দুয়োটা দল সহযোগী হৈ আছিল, কিন্তু এই পদক্ষেপক দুয়োটা দলৰ মাজত বৃদ্ধি পোৱা দূৰত্বৰ প্ৰতীক হিচাপে চোৱা হৈছে।

ডি এম কেক INDIA মিত্ৰজোঁটৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী সহযোগীসমূহৰ অন্যতম বুলি গণ্য কৰা হয়।দলটোৱে ধাৰাবাহিকভাৱে বিজেপিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে আৰু বিৰোধী ঐক্যবদ্ধতাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

যদি কংগ্ৰেছ আৰু ডি এম কেৰ মাজৰ এই মতভেদ সোনকালে দূৰ নহয়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল তামিলনাডুৰ ৰাজনীতিতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ঐক্যৰ ওপৰতো পৰিব পাৰে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকা ঘোষণা

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক বিৰাট কোহলীৰ বিশেষ উপহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ এখন ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

তামিল চিনেমাৰ ‘থালাপাথী’ৰ পৰা তামিলনাডুৰ ‘জননেতা’ হোৱা চি জোচেফ বিজয় বৰ্তমান চৰ্চাত আছে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ লগে লগে তেওঁ সকলো ফালৰ পৰা অভিনন্দন আৰু উপহাৰ লাভ কৰিছে।শেহতীয়াকৈ ছবি পৰিচালক ভেংকট প্ৰভুৰ পৰা অতি বিশেষ নম্বৰ প্লেট লাভ কৰাৰ পিছত,এতিয়া শুকুৰবাৰে বিজয়ে এটা বিশেষ উপহাৰ লাভ কৰিছে। যিটো তেওঁ কেৱল নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

দৰাচলতে প্ৰখ্যাত টায়াৰ কোম্পানী এম আৰ এফৰ এটা দলে নতুন মুখ্যমন্ত্ৰী বিজয়ৰ সৈতে সাক্ষাৎ কৰি  তেওঁক ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলিৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিছিল।এই বিশেষ আৰু অমূল্য উপহাৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী বিজয়ে নিজৰ আনন্দ লুকুৱাব নোৱাৰিলে আৰু, হাঁহি হাঁহি তেওঁ আনকি এই বেটখনৰ সৈতে ফটোৰ বাবেও প’জ দিছে।

শুকুৰবাৰে সচিবালয়ৰ পৰা মুখ্যমন্ত্ৰী বিজয়ৰ কিছু ফটো প্ৰকাশ পোৱাত চচিয়েল মিডিয়াত চৰ্চা চলিছিল।দৰাচলতে এম আৰ এফৰ শীৰ্ষ ব্যৱস্থাপনা দলটোৱে মুখ্যমন্ত্ৰী বিজয়ৰ ওচৰলৈ গৈ তামিলনাডুত তেওঁলোকৰ কাম-কাজ আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিছিল।বৈঠকৰ সময়ত আনুষ্ঠানিক বাৰ্তালাপৰ অন্তত দলটোৱে বিজয়ক বিৰাট কোহলীৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিয়ে।অটোগ্ৰাফ থকা বেটখন হাতত লৈ তেওঁ ফটোৰ বাবে প’জ দিয়ে।

লগতে পঢ়ক: ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই

তামিলনাডুৰ ৰাজনীতিত নতুন সূৰ্যোদয় : মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই চমক দিলে ‘থালাপতি’ বিজয়ে!

মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা যোচেফ বিজয় চন্দ্ৰশেখৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক আকৰ্ষিত কৰিছে ।

প্ৰথম দিনাই জনহিতকৰ সিদ্ধান্ত-

কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী বিজয়ে দুটা গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে :

বিনামূলীয়া বিদ্যুৎ: প্ৰতিটো পৰিয়াললৈ ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগানৰ ফাইলত প্ৰথম স্বাক্ষৰ কৰে ।

মহিলাৰ সুৰক্ষা: নাৰী সুৰক্ষাক অগ্ৰাধিকাৰ দি ৰাজ্যত এক ‘বিশেষ সুৰক্ষা বাহিনী’ গঠনৰ নিৰ্দেশ দিয়ে ।

আৱেগিক ভাষণ আৰু বিৰোধীক আক্ৰমণ-

ৰাজ্যবাসীক সম্বোধন কৰি বিজয়ে অতি আৱেগিকভাৱে কয়, “মই কোনো ৰাজকীয় পৰিয়ালৰ সন্তান নহয় । মই এজন সাধাৰণ সহকাৰী পৰিচালকৰ পুত্ৰ আছিলো । চিনেমা জগতত ভৰি থোৱাৰ সপোন দেখা ল’ৰাটোক আপোনালোকে আজি মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে ।”

লগতে তেওঁ পূৰ্বৰ ডিএমকে চৰকাৰক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে বিগত চৰকাৰে ৰাজ্যখনৰ ওপৰত ১০ লাখ কোটি টকাৰ বিশাল ঋণৰ বোজা জাপি দিছে । এই সন্দৰ্ভত স্বচ্ছতা বজাই ৰাখিবলৈ অতি সোনকালে এখন ‘শ্বেতপত্ৰ’ জাৰি কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ।

নতুন মিত্ৰতাৰ ইংগিত ?

নিজৰ ভাষণত বিজয়ে তেওঁৰ চৰকাৰক সমৰ্থন দিয়াৰ বাবে কংগ্ৰেছ, ভিচিকে আৰু বাওঁপন্থী দলসমূহক ধন্যবাদ জ্ঞাপন কৰে । তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নতুন চৰকাৰত অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায় ।

দুৰ্নীতি আৰু ড্ৰাগছৰ বিৰুদ্ধে জেহাদ-

মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰত ক্ষমতাৰ একমাত্ৰ কেন্দ্ৰ তেওঁ নিজেই হ’ব আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব । “জনসাধাৰণৰ এটা টকাও মই স্পৰ্শ নকৰোঁ,” বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ পৰা নিচাজাতীয় দ্ৰব্য নিৰ্মূল কৰাৰ বাবে কঠোৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে ।

তামিলনাডুত এতিয়া এক নতুন ধৰ্মনিৰপেক্ষ আৰু সামাজিক ন্যায়ৰ যুগ আৰম্ভ হ’ব বুলি জনসাধাৰণে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

তামিলনাডুত ‘থালাপতি’ যুগৰ আৰম্ভণি: ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ জোচেফ বিজয়ৰ

এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে TVKৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন ইতিহাসৰ সূচনা কৰি দেওবাৰে তামিলগা ভেট্ৰি কাজাগাম (TVK) ৰ মুৰব্বী চন্দ্ৰশেখৰ জোচেফ বিজয়ে তামিলনাডুৰ ত্ৰয়োদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নিজৰ অভিষেক নিৰ্বাচনতে ৰাজকীয় সফলতা লাভ কৰা জনপ্ৰিয় অভিনেতাগৰাকীক চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে শপত বাক্য পাঠ কৰোৱায় ।

এই ঐতিহাসিক অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, বিজয়ৰ পিতৃ-মাতৃ, অভিনেত্ৰী তৃষা কৃষ্ণণৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি নবনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনায় । শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিজয়ে ৰাজ্যপালক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁৰ কেবিনেটৰ মনোনীত মন্ত্ৰীসকলৰ সৈতে পৰিচয় কৰাই দিয়ে ।

বিজয়ৰ এই প্ৰথম কেবিনেটত মুঠ ৯ জন নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । তেওঁলোক হ’ল— এন আনন্দ, আধাভ অৰ্জুন, কে এ চেংগোত্তিয়ান, কে জি অৰুণৰাজ, পি ভেংকটৰমণন, আৰ নিৰ্মলকুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰ্তনা ।

দ্ৰাবিড় ৰাজনীতিৰ অৱসান আৰু এক নতুন যুগ-

২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচন ৰাজ্যখনৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰ’ব । দশক দশক ধৰি ৰাজ্যখন শাসন কৰি অহা দুয়োটা শক্তিশালী ‘দ্ৰাবিড়’ দলক ক্ষমতাচ্যুত কৰি বিজয়ে এক অভূতপূৰ্ব জনমত লাভ কৰিবলৈ সক্ষম হয় । যদিও টিভিকে-এ ১০৮খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য আঁতৰত আছিল, তথাপিও কংগ্ৰেছ (৫), চিপিআই-এম (২), চিপিআই (২), ভিচিকে (২) আৰু আইইউএমএল (২) ৰ সমৰ্থনেৰে তেওঁ চৰকাৰ গঠন কৰে ।

জনতাৰ ‘থালাপতি’-

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজয়ৰ জনপ্ৰিয়তা আৰু জনসমুদ্ৰই প্ৰাক্তন মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনৰ (MGR) দিনবোৰলৈ মনত পেলাই দিছিল । কেপ্তেইন বিজয়কান্তৰ পিছত তামিলনাডুৰ ৰাজনীতিত এজন শক্তিশালী অভিনেতা-ৰাজনীতিবিদৰ অভাৱ বিজয়ে পূৰণ কৰিব বুলি অনুগামীসকলে আশা প্ৰকাশ কৰিছে ।

নিজৰ ছবিত ড্ৰাগছ, দুৰ্নীতি আৰু সামাজিক সমস্যাৰ বিৰুদ্ধে মাত মাতি অহা বিজয়ে ২০০৯ চনৰ পৰাই সমাজসেৱাৰ সৈতে জড়িত হৈ আছিল । ২০২৬ চনৰ এই নিৰ্বাচনত তেওঁ পেৰাম্বুৰ আৰু ত্ৰিচী ইষ্ট— এই দুয়োখন আসনৰ পৰাই জয়লাভ কৰিছে, যাৰ ভিতৰত এখনৰ পৰা তেওঁ ত্ৰিচী ইষ্ট আসনখন ত্যাগ কৰিছে । ধৰ্মনিৰপেক্ষ ৰাজনীতি আৰু সামাজিক ন্যায়ৰ শ্লোগানেৰে বিজয়ৰ এই নতুন যাত্ৰাই তামিলনাডুৰ উন্নয়নক এক নতুন মাত্ৰা দিব বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক : তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি! কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব থালাপতিয়ে

তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি! কাইলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব থালাপতিয়ে

অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতী বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণ প্ৰশস্ত

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । তামিলনাডুৰ ৰাজনৈতিক আকাশত উদয় হ’ল এক নতুন সূৰ্যৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতী বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণ প্ৰশস্ত । শনিবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি ১২০ জন বিধায়কৰ সমৰ্থন পত্ৰ জমা দিয়াৰ পাছতে বিজয়ৰ দল TVK-ক চৰকাৰ গঠনৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে ।

মাজনিশাৰ নাটকীয় সমৰ্থন আৰু মেজিক নম্বৰ-

তামিলনাডু বিধানসভাৰ মুঠ ২৩৪ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল ১১৮ খন আসন । বিজয়ৰ দল টিভিকে অকলশৰীয়াই ১০৭ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল (বিজয়ে দুখন আসনত জয়লাভ কৰিছিল যদিও এতিয়া এখন এৰি দিব লাগিব) । বিগত চাৰিদিন ধৰি চলা ৰাজনৈতিক অচল অৱস্থাৰ অন্ত পেলাই শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ক বিনাচৰ্ত সমৰ্থন আগবঢ়ায় । ইয়াৰ উপৰিও কংগ্ৰেছৰ ৫ জন আৰু বাওঁদলৰ ৪ জন বিধায়কৰ সমৰ্থনত বিজয়ৰ শিবিৰত এতিয়া মুঠ ১২০ জন বিধায়ক আছে ।

জানিব পৰা মতে কাইলৈ বিয়লি ৩.৩০ বজাত বিজয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব । বিশেষ কথাটো হ’ল যে শপত গ্ৰহণৰ সময়ক লৈ বিজয় আৰু ৰাজ্যপালৰ মাজত প্ৰায় দুঘণ্টা ধৰি আলোচনা চলিছিল ।

দ্ৰাবিড় ৰাজনীতিৰ বৃহৎ ওলট-পালট

মাত্ৰ দুবছৰ পূৰ্বে গঠন হোৱা এটা দলে ডিএমকে (DMK) আৰু এআইএডিএমকে (AIADMK) ৰ দৰে পুৰণি শক্তিক ধূলিসাৎ কৰি শাসনলৈ অহাটোৱে ভাৰতীয় ৰাজনীতিত এক বিৰল ঘটনা হিচাপে বিবেচিত হৈছে । কংগ্ৰেছে ডিএমকেৰ সংগ ত্যাগ কৰি বিজয়ক সমৰ্থন দিয়াটোৱে নিৰ্বাচনৰ পৰৱৰ্তী আটাইতকৈ ডাঙৰ চমক হিচাপে দেখা দিছে ।

ভিচিকে-ৰ চৰ্তহীন সমৰ্থন, কিন্তু…

যদিও ভিচিকে-এ বৰ্তমান চৰকাৰ গঠনৰ বাবে সমৰ্থন দিছে, তথাপিও দলটোৱে ভৱিষ্যতে বিজয়ৰ খালী হোৱা আসনখনত থোল থিৰুমাভালভানক প্ৰক্ষেপ কৰা আৰু তেওঁক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ বাবে পৰোক্ষভাৱে দাবী উত্থাপন কৰিছে ।

কাইলৈৰ পৰা তামিলনাডুত ‘বিজয় যুগ’ৰ আৰম্ভণি হ’ব নে অভিনেতাগৰাকীয়ে ৰূপালী পৰ্দাৰ দৰে বাস্তৱ ৰাজনীতিতো যাদু দেখুৱাবলৈ সক্ষম হ’ব, সেইয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডুত অব্যাহত ৰাজনৈতিক অনিশ্চয়তা, সংখ্যাবল লৈয়ো ৰাজ্যপালৰ সাক্ষাৎ পোৱা নাই বিজয়ে

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন

তামিলনাডুৰ ৰাজনীতিত অৱশেষত যৱনিকা পৰাৰ দিশে কেইবাদিনীয়া উৎকণ্ঠাৰ । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ এতিয়া সম্পূৰ্ণৰূপে মুকলি হৈ পৰিছে । শনিবাৰে ভিচিকে (VCK) আৰু আইইউএমএল (IUML)-এ বিজয়ৰ দল TVK-ক বিনাচৰ্ত সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ অতিক্ৰম কৰিলে বিজয়ে ।

সংখ্যাৰ অংকত টিভিকেৰ অগ্ৰগতি-

তামিলনাডু বিধানসভাৰ মুঠ আসন ২৩৪ খন আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ জন বিধায়কৰ সমৰ্থন । বিজয়ৰ দল টিভিকে-এ ১০৮ খন আসনত জয়লাভ কৰি বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । যিহেতু বিজয়ে দুখন আসনৰ পৰা জিকিছে, সেয়েহে তেওঁ এখন আসন এৰিব লাগিব, যাৰ ফলত দলৰ বিধায়ক সংখ্যা হয় ১০৭। ইয়াৰ লগত যোগ হৈছে :

কংগ্ৰেছ: ৫ জন বিধায়ক

বাওঁ দল: ৪ জন বিধায়ক

ভিচিকে: ২ জন বিধায়ক

আইইউএমএল: ২ জন বিধায়ক

ইয়াৰ ফলত বিজয়ৰ হাতত এতিয়া মুঠ ১২০ জন বিধায়কৰ সমৰ্থন আছে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ২ জন বেছি ।

যোৱা চাৰিদিন ধৰি তামিলনাডুৰ ৰাজনীতিত এক অনিশ্চয়তাই বিৰাজ কৰিছিল । বিজয়ে কেইবাবাৰো ৰাজ্যপালক সাক্ষাৎ কৰিছিল যদিও ১১৮ জন বিধায়কৰ সমৰ্থন পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা হোৱ নাছিল । অৱশ্যে শনিবাৰে পুৱা টিভিকে নেতৃত্বই ভিচিকে আৰু আইইউএমএলৰ মুৰব্বীক সাক্ষাৎ কৰাৰ পিছত সমীকৰণ সলনি হয় ।

ভিচিকে-ৰ চৰ্ত আৰু দাবী

ভিচিকে-এ বৰ্তমান বিনাচৰ্ত সমৰ্থন দিছে যদিও দলটোৰ নেতা ভান্নি অৰাচুৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে চৰকাৰত যোগদান কৰাৰ বিষয়ে পিছত সিদ্ধান্ত ল’ব । ইয়াৰ উপৰিও, বিজয়ে খালী কৰা আসনখনত ভিচিকে মুৰব্বী থোল থিৰুমাভালভানে নিৰ্বাচন খেলাটো আৰু তেওঁক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াটো দলটোৱে বিচাৰে বুলি জানিব পৰা গৈছে ।

মাত্ৰ দুবছৰ আগতে গঠন হোৱা এটা দলে ডিএমকে আৰু এআইএডিএমকেৰ দৰে পুৰণি শক্তিক ধূলিস্যাৎ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু হোৱা বিষয়টোৱে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক : পৰিবৰ্তনৰ নতুন যুগ : শপত গ্ৰহণৰ পিছতে জোড়াসাঁকো অভিমুখে বংগৰ নৱনিযুক্ত মুখ্যমন্ত্রী

তামিলনাডুত ‘বিজয়’ যাত্ৰা : মিত্ৰজোঁটৰ সহায়ত চৰকাৰ গঠনৰ পথ প্ৰশস্ত; ৰাজ্যপালৰ সেউজ সংকেট

তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৮ । শেহতীয়া নিৰ্বাচনত বিজয়ৰ দল টিভিকিয়ে ১০৮খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে ।

তামিলনাডুৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা থালাপতি বিজয়ৰ নেতৃত্বাধীন দল টিভিকি (TVK) অৱশেষত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । কেইবাদিনো ধৰি চলা অনিশ্চয়তা আৰু ৰাজনৈতিক টনা-আঁজোৰাৰ অন্তত শুকুৰবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে টিভিকি মুৰব্বী বিজয়ক চৰকাৰ গঠনৰ বাবে সেউজ সংকেট প্ৰদান কৰে ।

সংখ্যাগৰিষ্ঠতাৰ যুঁজ আৰু মিত্ৰজোঁটৰ সমীকৰণ-

২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৮ । শেহতীয়া নিৰ্বাচনত বিজয়ৰ দল টিভিকিয়ে ১০৮খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও যাদুকৰী সংখ্যাৰ পৰা ১০খন আসন কম আছিল ।

অৱশ্যে, ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিজয়ক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় । সমীকৰণটো এনেধৰণৰ :

টিভিকে: ১০৮ খন আসন

কংগ্ৰেছ: ৫ খন আসন

চিপিআই: ২ খন আসন

চিপিআই-এম: ২ খন আসন

ভিচিকে: ২ খন আসন

মুঠ: ১১৯ (সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১১৮তকৈ বেছি)

কংগ্ৰেছৰ ঐতিহাসিক সিদ্ধান্ত-

এই নিৰ্বাচনত আটাইতকৈ চৰ্চিত বিষয়টো আছিল কংগ্ৰেছৰ স্থিতি । দলটোৱে ডিএমকেৰ সৈতে থকা তেওঁলোকৰ বহু বছৰীয়া পুৰণি মিত্ৰতা ভংগ কৰি বিজয়ৰ টিভিকিৰ সৈতে হাত মিলায় । আনহাতে, চিপিআই-এম আৰু ভিচিকেয়ে চৰ্তহীন সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে চিপিআই-এ এক “স্থিৰ আৰু ধৰ্মনিৰপেক্ষ” শাসনৰ স্বাৰ্থত “চৰ্তসাপেক্ষ সমৰ্থন” আগবঢ়াইছে ।

ৰাজ্যপালৰ ভূমিকা আৰু বিতৰ্ক-

সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো ৰাজ্যপালে বিজয়ক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বিৰোধী দলসমূহে অভিযোগ তুলিছিল যে ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই প্ৰক্ৰিয়া বিলম্বিত কৰিছে । অৱশ্যে, বিজয়ৰ সৈতে হোৱা বৈঠকৰ অন্তত ৰাজ্যপালে বিধায়কসকলৰ সবিশেষ তথ্য আৰু সংখ্যাৰ স্পষ্টতা লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ অনুমতি দিয়ে ।

বিজয়ৰ আসন ত্যাগ-

মন কৰিবলগীয়া যে বিজয় দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতে জয়ী হৈছিল । তেওঁ এতিয়া ত্ৰিচী আসনখন ত্যাগ কৰি চেন্নাই পেৰাম্বুৰ সমষ্টিৰ বিধায়ক হিচাপে বাহাল থাকিব । তেওঁ এখন আসন ত্যাগ কৰাৰ পিছত বিধানসভাত মিত্ৰজোঁটৰ মুঠ সংখ্যা ১১৮ হ’ব ।

তিনি দশকৰ একাধিপত্যৰ অন্ত-

বিজয়ৰ এই উত্থানে তামিলনাডুত যোৱা ৩০ বছৰ ধৰি চলি থকা ডিএমকে আৰু এআইএডিএমকেৰ একাধিপত্যৰ অন্ত পেলালে । স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে তামিলনাডুত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল । বহু সমৰ্থকে বিজয়ৰ মাজত প্ৰয়াত নেতা এম কৰুণানিধিৰ প্ৰতিচ্ছবি দেখা বুলি মন্তব্য কৰিছে ।

এতিয়া সমগ্ৰ দেশৰে চকু তামিলনাডুৰ ওপৰত । অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী হ’বলৈ আগবঢ়া বিজয়ে ৰাজ্যখনৰ বাবে কেনেধৰণৰ শাসন ব্যৱস্থা উপহাৰ দিয়ে, সেয়া সময়তহে স্পষ্ট হ’ব ।

লগতে পঢ়ক : উৎকণ্ঠাৰ অৱসান! ৪ দলৰ সমৰ্থনত বিজয়ৰ হাতত এতিয়া ‘যাদুকৰী সংখ্যা’

উৎকণ্ঠাৰ অৱসান! ৪ দলৰ সমৰ্থনত বিজয়ৰ হাতত এতিয়া ‘যাদুকৰী সংখ্যা’

জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন TVK দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে

তামিলনাডুৰ ৰাজনীতিত অৱশেষত চৰকাৰ গঠনক লৈ চলি থকা অনিশ্চয়তাৰ অন্ত পৰিবলৈ আগবাঢ়িছে । জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ থালাপতি বিজয়ৰ নেতৃত্বাধীন ‘তামিলিগা ভেট্ৰি কাঝাগম’ (TVK) দলে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । কংগ্ৰেছৰ পিছত আন তিনিটা গুৰুত্বপূৰ্ণ দলে সমৰ্থন আগবঢ়োৱাৰ লগে লগে বিজয়ৰ চৰকাৰ গঠনৰ পথ সম্পূৰ্ণ প্ৰশস্ত হৈ পৰিছে ।

কিদৰে পূৰণ হ’ল ১১৯-ৰ অংক ?

তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ‘যাদুকৰী সংখ্যা’ হৈছে ১১৮ । নিৰ্বাচনত থালাপতি বিজয়ৰ দল টি.ভি.কে.-য়ে ১০৮খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৫ খন আসনসহ সমৰ্থন দিছিল যদিও সংখ্যাটো ১১৩ ত থমকি ৰৈছিল । কিন্তু শেহতীয়াভাৱে বাওঁপন্থী দল চি.পি.আই., চি.পি.এম. আৰু ভি.চি.কে.-য়ে বিজয়ক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মৰ্চাৰ আসনৰ সবিশেষ :

টি.ভি.কে: ১০৮

কংগ্ৰেছ: ৫

চি.পি.আই: ২

চি.পি.এম: ২

ভি.চি.কে: ২

মুঠ আসন: ১১৯ (যাদুকৰী সংখ্যাতকৈ ১ খন বেছি)

ৰাজ্যপালৰ কঠোৰ স্থিতি আৰু বিজয়ৰ যুঁজ-

উল্লেখনীয় যে ইয়াৰ পূৰ্বে বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছিল যদিও ৰাজ্যপালে স্পষ্ট সংখ্যাগৰিষ্ঠতা অবিহনে কোনো অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল । ৰাজ্যপালে ১১৮ জন বিধায়কৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ বিচাৰি দুবাৰকৈ বিজয়ক ওভতাই পঠিয়াইছিল । ৰাজ্যপালৰ এই স্থিতিক লৈ আইনী আৰু ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বহু বিশেষজ্ঞৰ মতে, সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষা ৰাজভৱনৰ পৰিৱৰ্তে বিধানসভাৰ মজিয়াতহে হোৱা উচিত ।

আজি বিয়লি ঘোষণাৰ সম্ভাৱনা-

আজি বিয়লি আটাইকেইটা মিত্ৰদলৰ নেতাসকলে এক যুটীয়া সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে । এই সংবাদমেলতে বিজয়ৰ প্ৰতি থকা সমৰ্থনৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব । ইয়াৰ পিছতে থলপতি বিজয়ে পুনৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ নতুন দাবী উত্থাপন কৰিব ।

তামিলনাডুৰ ৰাজনীতিত এই পৰিৱৰ্তনে এতিয়া এক নতুন জোৱাৰ আনিছে । অভিনেতাৰ পৰা জননেতালৈ ৰূপান্তৰিত হোৱা বিজয়ৰ এই ৰাজনৈতিক জয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়