টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ খ্যাত অভিনেত্ৰী সঞ্চিতা উগলেয়ে ৩০ বছৰ বয়সত আত্মহত্যা কৰিছে।
টেলিভিচন জগতৰ পৰা এটা অতি মৰ্মান্তিক খবৰ পোহৰলৈ আহিছে। টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ খ্যাত অভিনেত্ৰী সঞ্চিতা উগলেয়ে ৩০ বছৰ বয়সত আত্মহত্যা কৰিছে। সঞ্চিতা মুম্বাইৰ নালাচোপাৰা অঞ্চলৰ আচোলে আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত বাস কৰিছিল। এই ঘটনাটো ১৪ জুন ৰ সন্ধিয়া ৬:৩০ বজাৰ পৰা ৭:৩০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সঞ্চিতা নালাচোপাৰা পূৰ্বৰ আচোলে গাঁৱত নিজৰ পিতৃ-মাতৃ আৰু ১৫ বছৰীয়া ভগ্নীৰ সৈতে বাস কৰিছিল। দেওবাৰে সন্ধিয়া তেওঁ ঘৰত অকলে থকাৰ সময়তে চিলিং ফেনৰ পৰা শাৰীৰ সহায়ত ফাঁচী লৈ আত্মহত্যা কৰে।
এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, ঘটনাৰ সময়ত সঞ্চিতাৰ ঘৰত কোনো নাছিল, তেওঁ সম্পূৰ্ণ অকলে আছিল। পৰিয়ালৰ বাকী সদস্যসকল বাহিৰলৈ গৈছিল। যেতিয়া পৰিয়ালৰ লোক ঘৰলৈ ঘূৰি আহে, তেতিয়া তেওঁলোকে সঞ্চিতাক কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে লগে লগে আৰক্ষীক খবৰ দিয়া হয়।
পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মহানগৰ পালিকাৰ তুলিঞ্জ হাস্পতাললৈ লৈ যায়। কিন্তু তাত চিকিৎসকে অভিনেত্ৰী গৰাকীক মৃত ঘোষণা কৰে। ইয়াৰ পিছতে পৰিয়ালৰ সদস্যসকলে সমগ্ৰ ঘটনাটো আৰক্ষীক অৱগত কৰে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত্যুৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।
আটাইতকৈ আচৰিত কথাটো হ’ল, মৃত্যুৰ মাত্ৰ ২০ ঘণ্টা পূৰ্বে সঞ্চিতাই তেওঁৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছিল। সেই ভিডিঅ’টোত তেওঁক অতি সুখী আৰু হাঁহিমুখীয়া ৰূপত দেখা গৈছিল। ভিডিঅ’টোত তেওঁ হাতত কেমেৰা লৈ আছিল। এই ভিডিঅ’টো চাই কোনো কাৰণতেই ধাৰণা কৰিব নোৱাৰি যে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পদক্ষেপ ল’ব পাৰে।
উল্লেখ্য যে, সঞ্চিতা উগলেয়ে টিভি ধাৰাবাহিকৰ লগতে কেইবাখনো চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ (টিভি শ্বো), ‘কুমকুম ভাগ্য’ আৰু ‘ৱাগলে কি দুনীয়া’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ বলিউড অভিনেতা ভিকী কৌশলৰ আগন্তুক ছবি ‘ছাৱা’ (Chhava) আৰু মনোজ বাজপেয়ীৰ ‘চাইলেঞ্চ ২: দ্য নাইট আউল বাৰ শ্বুটআউট’তো নিজৰ সুন্দৰ অভিনয়ৰ চাপ এৰি থৈ গৈছে।
লগতে পঢ়ক: “মানুহে কয় মই গে”: বিবাহ বিচ্ছেদৰ পিছত চলা চৰ্চাক লৈ মৌনী ৰয়ৰ প্ৰতিক্ৰিয়া









