‘কুমকুম ভাগ্য’ৰ অভিনেত্ৰী সঞ্চিতা উগলেৰ আত্মহত্যা; ২০ ঘণ্টাৰ পূৰ্বে দিছিল হাঁহি থকাৰ ষ্টেটাছ

টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ খ্যাত অভিনেত্ৰী সঞ্চিতা উগলেয়ে ৩০ বছৰ বয়সত আত্মহত্যা কৰিছে।

টেলিভিচন জগতৰ পৰা এটা অতি মৰ্মান্তিক খবৰ পোহৰলৈ আহিছে। টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ খ্যাত অভিনেত্ৰী সঞ্চিতা উগলেয়ে ৩০ বছৰ বয়সত আত্মহত্যা কৰিছে। সঞ্চিতা মুম্বাইৰ নালাচোপাৰা অঞ্চলৰ আচোলে আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত বাস কৰিছিল। এই ঘটনাটো ১৪ জুন ৰ সন্ধিয়া ৬:৩০ বজাৰ পৰা ৭:৩০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সঞ্চিতা নালাচোপাৰা পূৰ্বৰ আচোলে গাঁৱত নিজৰ পিতৃ-মাতৃ আৰু ১৫ বছৰীয়া ভগ্নীৰ সৈতে বাস কৰিছিল। দেওবাৰে সন্ধিয়া তেওঁ ঘৰত অকলে থকাৰ সময়তে চিলিং ফেনৰ পৰা শাৰীৰ সহায়ত ফাঁচী লৈ আত্মহত্যা কৰে।

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, ঘটনাৰ সময়ত সঞ্চিতাৰ ঘৰত কোনো নাছিল, তেওঁ সম্পূৰ্ণ অকলে আছিল। পৰিয়ালৰ বাকী সদস্যসকল বাহিৰলৈ গৈছিল। যেতিয়া পৰিয়ালৰ লোক ঘৰলৈ ঘূৰি আহে, তেতিয়া তেওঁলোকে সঞ্চিতাক কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে লগে লগে আৰক্ষীক খবৰ দিয়া হয়।

পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মহানগৰ পালিকাৰ তুলিঞ্জ হাস্পতাললৈ লৈ যায়। কিন্তু তাত চিকিৎসকে অভিনেত্ৰী গৰাকীক মৃত ঘোষণা কৰে। ইয়াৰ পিছতে পৰিয়ালৰ সদস্যসকলে সমগ্ৰ ঘটনাটো আৰক্ষীক অৱগত কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত্যুৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।

আটাইতকৈ আচৰিত কথাটো হ’ল, মৃত্যুৰ মাত্ৰ ২০ ঘণ্টা পূৰ্বে সঞ্চিতাই তেওঁৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছিল। সেই ভিডিঅ’টোত তেওঁক অতি সুখী আৰু হাঁহিমুখীয়া ৰূপত দেখা গৈছিল। ভিডিঅ’টোত তেওঁ হাতত কেমেৰা লৈ আছিল। এই ভিডিঅ’টো চাই কোনো কাৰণতেই ধাৰণা কৰিব নোৱাৰি যে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পদক্ষেপ ল’ব পাৰে।

উল্লেখ্য যে, সঞ্চিতা উগলেয়ে টিভি ধাৰাবাহিকৰ লগতে কেইবাখনো চলচ্চিত্ৰতো কাম কৰিছিল। তেওঁ ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ (টিভি শ্বো), ‘কুমকুম ভাগ্য’ আৰু ‘ৱাগলে কি দুনীয়া’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ বলিউড অভিনেতা ভিকী কৌশলৰ আগন্তুক ছবি ‘ছাৱা’ (Chhava) আৰু মনোজ বাজপেয়ীৰ ‘চাইলেঞ্চ ২: দ্য নাইট আউল বাৰ শ্বুটআউট’তো নিজৰ সুন্দৰ অভিনয়ৰ চাপ এৰি থৈ গৈছে।

লগতে পঢ়ক: “মানুহে কয় মই গে”: বিবাহ বিচ্ছেদৰ পিছত চলা চৰ্চাক লৈ মৌনী ৰয়ৰ প্ৰতিক্ৰিয়া

‘পবিত্ৰ ৰিষ্টা’ খ্যাতি অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেহাৱসান; এবছৰ ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত

অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেহাৱসান

মনোৰঞ্জন জগতৰ পৰা এক দুখৰ খবৰ আহিছে।টেলিভিচনৰ বিখ্যাত অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ ৩৮ বছৰ বয়সত দেহাৱসান ঘটে।আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।

প্ৰিয়া যোৱা এবছৰ ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।এবছৰে দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ দি অৱশেষত   আজি তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লয়।

তথ্য অনুসৰি প্ৰিয়া কৰ্কট ৰোগৰ চিকিৎসাধীন হৈ আছিল।কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ এই ৰোগৰ পৰা সুস্থ হৈ উঠাব নোৱাৰিলে।প্ৰিয়াৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ।

ইমান কম বয়সতে হঠাৎ পৃথিৱীৰ পৰা আঁতৰি যোৱা অভিনেত্ৰীগৰাকীয়ে পৰিয়াল আৰু অনুৰাগীৰ বাবে এক ডাঙৰ জোকাৰণিৰ সৃষ্টি কৰিছে।প্ৰিয়া মাৰাথেৰ মৃত্যুৰ খবৰে সকলোকে আচৰিত কৰিছে।  

১৯৮৭ চনৰ ২৩ এপ্ৰিলত মুম্বাইত জন্মগ্ৰহণ কৰিছিল প্ৰিয়াই।মুম্বাইতে প্ৰিয়া ডাঙৰ-দীঘল হৈছিল। স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা মুম্বাইৰ পৰাই কৰিছিল।

প্ৰিয়া মাৰাথে আছিল এগৰাকী সুপৰিচিত সৰু পৰ্দাৰ অভিনেত্ৰীৰ লগতে এগৰাকী ষ্টেণ্ড আপ কমেডিয়ান।বহু জনপ্ৰিয় হিন্দী আৰু মাৰাঠী অনুষ্ঠানত কাম কৰি আহিছে।

অভিনেত্ৰী গৰাকীয়ে বলিষ্ঠ অভিনয়েৰে সদায় অনুৰাগীৰ হৃদয় জয় কৰিছিল। প্ৰিয়াৰ মৃত্যুত টেলিভিচন জগতত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: ‘যেতিয়া ঈশ্বৰ আপোনাৰ লগত…’; ‘আজুল’ গীতটিৰ বিতৰ্কৰ পিছত গুৰু ৰন্ধাৱাই খুলিলে মুখ  

গোপনে আঙুঠি পিন্ধিলে ‘বালিকা বধু’ খ্যাত অবিকা গ’ৰে; বাগদত্তাৰ সৈতে ভাইৰেল হ’ল ফটো

গোপনে আঙুঠি পিন্ধিলে অবিকা গ’ৰে

জনপ্ৰিয় টিভি শ্ব’ ‘বালিকা বাধু’ত সৰু আনন্দীৰ চৰিত্ৰত অভিনয় কৰা অবিকা গ’ৰে এতিয়া তেওঁ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে।

দীৰ্ঘদিনীয়া প্ৰেমিক মিলিন্দ চান্দৱানীৰ সৈতে এংগেজমেণ্ট কৰিলে অভিনেত্ৰীগৰাকীয়ে।অবিকা গ’ৰে নিজৰ এংগেজমেণ্ট ছবি শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে।

২৭ বছৰ বয়সত দীৰ্ঘদিনীয়া প্ৰেমিক মিলিন্দ চান্দৱানীৰ লগত গোপনে এংগেজমেণ্ট কৰিলে।

অবিকা গ’ৰ আৰু মিলিন্দ চান্দৱানীয়ে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।২০২০ চনত কৰ’না কালত অবিকাই তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক কৰি অনুৰাগীক মিলিন্দৰ বিষয়ে জনাইছিল।

এতিয়া তেওঁলোকে নিজৰ প্ৰেমৰ সম্পৰ্কক নতুন নাম দিছে।তেওঁলোকৰ এংগেজমেণ্টৰ ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এংগেজমেণ্ট ফটোসমূহত অবিকাক অতি মৰমলগা আৰু মাৰ্জিত ৰূপত দেখা গৈছে।

গোলাপী ৰঙৰ প্ৰিণ্টেড শাৰীত অবিকাক ধুনীয়া দেখা গৈছে।এখন ছবিত অবিকাই তেওঁৰ ভাবী স্বামীক মৰমেৰে চুমা খাই থকা দেখা গৈছে।

এই ফটোসমূহ অবিকাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।পোষ্টটোৰ সৈতে তেওঁ কেপচনত লিখিছে যে, ‘তেওঁ সুধিলে, মই হাঁহিলোঁ, মই কান্দিলোঁ আৰু মই মোৰ জীৱনৰ আটাইতকৈ সহজ হয়ৰ বাবে চিঞৰিলোঁ’।

‘মই বৰ ফিল্মী, বেকগ্ৰাউণ্ড স্কোৰ, স্লো-মো সপোন, কাজল লগোৱা আৰু সকলো।তেওঁ যুক্তিসংগত, শান্ত আৰু আমাৰ লগত প্ৰাথমিক চিকিৎসাৰ কিট এটা লৈ যাওঁ, কেৱল তাৰ বাবে।’

অবিকাই আৰু লিখিছে- ‘মই ভাও ধৰো, তেওঁ মেনেজ কৰে আৰু কেনেবাকৈ, আমি মাত্ৰ ফিট হৈ যাওঁ।’গতিকে সি সুধিলে মোৰ ভিতৰৰ নায়িকাগৰাকীয়ে কাম কৰিবলৈ ধৰিলে’।

‘বতাহত হাত, মোৰ চকুত চকুলো আৰু মনত শূন্য। কিয়নো সঁচা প্ৰেম? এই কথা সদায় সঁচা নহ’বও পাৰে।কিন্তু, ই যাদুকৰী।’

দুয়োৰে আঙঠি পিন্ধোৱা এই ফটোসমূহ তেওঁৰ অনুৰাগী সকলে যথেষ্ট মৰম দিছে আৰু আগন্তুক দিনৰ বাবে শুভেচ্ছা দিছে।

লগতে পঢ়ক: ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন