ফাঁচী

‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন

যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সোণম ৰঘুবংশীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাজা ৰঘুবংশীক হত্যাৰ পিছত দুয়োটা পৰিয়ালতে শোকৰ ছাঁ পৰিছে। ইফালে বুধবাৰে সোণমৰ ভাতৃ গোবিন্দই ৰাজা ৰঘুবংশীৰ ঘৰত উপস্থিত হয়।ৰাজাৰ মাকক লগ পাই গোবিন্দই সাৱটি ধৰি

যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক

মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সোণম ৰঘুবংশীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাজা ৰঘুবংশীক হত্যাৰ পিছত দুয়োটা পৰিয়ালতে শোকৰ ছাঁ পৰিছে।

ইফালে বুধবাৰে সোণমৰ ভাতৃ গোবিন্দই ৰাজা ৰঘুবংশীৰ ঘৰত উপস্থিত হয়।ৰাজাৰ মাকক লগ পাই গোবিন্দই সাৱটি ধৰি হুকহুকাই কান্দি উঠে।

এই সময়ত তেওঁ সোণম আৰু কথিত প্ৰেমিক ৰাজ কুশৱাহাৰ বিষয়েও বহু কথা কয়।গোবিন্দে স্পষ্টকৈ কৈছিল যে যদি তেওঁৰ ভনীয়েক দোষী তেন্তে সোণমক ফাঁচী দিয়া উচিত।

সোণমৰ ভাতৃ গোবিন্দে ক’লে যে মোৰ ভনীয়েকৰ লগত ৰাজ কুশৱাহৰ কোনো সম্পৰ্ক নাছিল।সোণমে ৰাজক ৰাখি পিন্ধাইছিল। ৰাজে আমাৰ লগত তিনিবছৰ ধৰি কাম কৰি আছিল।

কিয় আৰু কেনেকৈ ৰজাক হত্যা কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই।যদি মোৰ ভনীয়েক ইয়াৰ লগত জড়িত হয়, তেন্তে তাইক ফাঁচী দিব লাগে।

মই মেঘালয়লৈ গৈছিলোঁ। মই কিছু সময়ৰ পূৰ্বে তাৰ পৰা উভতি আহিছো। ইউ পি আৰক্ষীয়ে মোক সোণমক লগ কৰিবলৈ নিদিলে। কিন্তু তাই যদি এই কাম কৰিছে তেনেহলে সোণমক ফাঁচী দিলেও মই বেয়া নাপাও।

সোনামৰ ভাতৃ গোবিন্দে সংবাদ মাধ্যমৰ আগত কয় যে মই ক্ষমা বিচাৰিছো।মোৰ ভগ্নীৰ বাবে এই পৰিয়ালটোৱে নিজৰ পুত্ৰ হেৰুৱালে। তাৰ বাবে মই দুখিত।সেয়ে আজিৰে পৰা এই পৰিয়ালটোৰ সকলো দায়িত্ব মই লৈছো।

লগতে পঢ়ক:  ‘হয়, ময়েই ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো…’; আৰক্ষীৰ জেৰাত কান্দি কান্দি স্বীকাৰোক্তি সোণমৰ

শেহতীয়া প্ৰৱন্ধসমূহ