‘মই নিৰ্দোষী, মোক মিছাকৈ ফচোৱা হৈছে’; উচ্চতম ন্যায়ালয়ত সোণম ৰঘুবংশীৰ আহ্বান

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্ত সোণম ৰঘুবংশীক দিয়া জামিনক প্ৰত্যাহ্বান জনাই মঙলবাৰে এতিয়া উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইয়াৰ মাজতে আদালতত সোণম ৰঘুবংশীৱে নিজকে নিৰ্দোষী বুলি যুক্তি দিছে।

ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানি এতিয়া অহা মঙলবাৰে অনুষ্ঠিত হ’ব। যোৱাটো শুনানিত উচ্চতম ন্যায়ালয়ে সোণমৰ জামিন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখ্য যে ইন্দোৰৰ ট্ৰান্সপোৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ অভিযোগ পত্নী সোণম আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে উত্থাপন হৈছে। অৱশ্যে এতিয়া সোণম ৰঘুবংশীয়ে এই গোচৰত নিজক নিৰ্দোষী বুলি দাবী কৰিছে।

তথ্য অনুসৰি, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত পত্নী সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে এতিয়া মঙলবাৰে শুনানি গ্ৰহণ কৰিব। বৰ্তমানৰ বাবে সোণম ৰঘুবংশীৰ জামিন বাহাল থাকিব। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি মঙলবাৰে, ১৪ জুলাইত অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰক সোণমৰ গ্ৰেপ্তাৰৰ সময়ত দিয়া ‘এৰেষ্ট মেম’’ (Arrest Memo) আৰু অন্যান্য নথিপত্ৰৰ প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অভিযুক্ত সোণম ৰঘুবংশীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিজৰ শপতনামত নিজক নিৰ্দোষী বুলি উল্লেখ কৰিছে। সোণমে আদালতক জনাইছে যে তেওঁক এই গোচৰত মিছাকৈ ফচোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ সমগ্ৰ গোচৰটো কেৱল পাৰিপাৰ্শ্বিক প্ৰমাণৰ ওপৰত আধাৰিত। গতিকে কেৱল অভিযোগৰ ভিত্তিত তেওঁক দোষী সাব্যস্ত কৰিব নোৱাৰি। শপতনামাখনত সোণমে কয় যে তেওঁৰ পৰা কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ বাকী থকা নাই। আদালতৰ নিয়ম আৰু চৰ্ত অনুসৰি তেওঁ শ্বিলঙতে বসবাস কৰি আছে। এই গোচৰৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে। গতিকে তেওঁ প্ৰমাণ নষ্ট কৰাৰ কোনো সম্ভাৱনা নাই।

এই সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হোৱা যোৱা শুনানিত ছলিচিটৰ জেনেৰেল (SG) তুষাৰ মেহতাই যুক্তি দৰ্শাইছিল যে, “আদালতে এটা টাইপিং ভুলক (Typo error) জামিনৰ আধাৰ হিচাপে লৈ জামিন মঞ্জুৰ কৰিছে। বি এন এছ (BNS) ৰ ধাৰা ১০৩ ৰ সলনি ভুলবশতঃ ৪০৩ টাইপ হৈছিল।”

যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে যিহেতু সোণম কাৰাগাৰৰ পৰা মুক্ত হৈছে, গতিকে আদালত বৰ্তমান জামিন স্থগিত ৰখাৰ পক্ষপাতী নহয়। মেঘালয় চৰকাৰৰ আবেদনৰ ভিত্তিত আদালতে সোণম ৰঘুবংশীলৈ জাননী জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে আদালতে প্ৰথমে পৰ্যবেক্ষণ কৰিব যে বিচাৰ প্ৰক্ৰিয়া (Trial) কেনেকৈ চলি আছে। ইয়াৰ লগতে সোণম ৰঘুবংশীৰ জামিনো বাহাল ৰাখে।

লগতে পঢ়ক: সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মেঘালয় চৰকাৰ

মেঘালয় আৰক্ষীৰ ভুলৰ বাবে সোণম ৰঘুবংশীয়ে পালে জামিন; আদালতৰ ধমক

স্বামী ৰাজাৰ হত্যাকাণ্ডৰ গোচৰত ক্লেৰিকল ভুলৰ দোহাই দি আদালতে সোণম ৰঘুবংশীক জামিন মঞ্জুৰ কৰিছে

হানিমুনত থকা অৱস্থাত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম ৰঘুবংশীক আদালতে জামিন প্ৰদান কৰিছে। গোচৰৰ নথি-পত্ৰত মেঘালয় আৰক্ষীয়ে কৰা এটা ক্লেৰিকল ভুলৰ বাবে (লিখা বা টাইপ কৰাৰ সময়ত হোৱা অনিচ্ছাকৃত ভুল।) সোণমক জামিন দিয়াৰ আধাৰত পৰিণত হৈছে। আদালতে নিজৰ আদেশত উল্লেখ কৰিছে যে সকলো নথি-পত্ৰতে এনে ভুল হ’ব নোৱাৰে।আনহাতে আদালতে সোণমক ৰিমাণ্ড আৰু জিম্মাত ৰখাটোও অবৈধ বুলি ঘোষণা কৰিছে। অৱশ্যে, আদালতে সোণম ৰঘুবংশীক কিছুমান চুক্তিৰ সৈতে জামিন মঞ্জুৰ কৰিছে।

জানিব পৰা মতে, আদালতে লক্ষ্য কৰিলে যে আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰৰ কাৰণ সঠিকভাৱে অৱগত কৰা নাছিল।ঠিক এই ভিত্তিতে সোণমক জামিন মঞ্জুৰ কৰা হৈছে। দুয়োপক্ষৰ পৰা সকলো যুক্তি শুনা পাছত  আদালতে লক্ষ্য কৰিছিল যে আবেদনকাৰীৰ সৈতে জড়িত সকলো নথি-পত্ৰ, গ্ৰেপ্তাৰৰ ভিত্তি আৰু গোচৰৰ ডায়েৰীৰ পৰা উদ্ধৃতিকে ধৰি, তাত আৰক্ষীয়ে বিএনএছৰ ৪০৩(১) অনুচ্ছেদ ভুলকৈ উল্লেখ কৰিছিল।

আদালতে মেঘালয় আৰক্ষীক ধমক দি কয়, সকলো নথি-পত্ৰতে এনে ভুল হ’ব নোৱাৰে।দৰাচলতে সোণম ৰঘুবংশীৰ সৈতে সম্বন্ধিত সকলো প্ৰাসংগিক নথি-পত্ৰত গ্ৰেপ্তাৰৰ কাৰণ,গ্ৰেপ্তাৰৰ স্মাৰক, পৰিদৰ্শন স্মাৰক, গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ অধিকাৰৰ তথ্য, গোচৰৰ ডায়েৰীৰ সাৰাংশ: সোহৰা থানাৰ গোচৰ নং ৭/২০২৫ৰ সৈতে জড়িত সকলো নথিপত্ৰত লিপিবদ্ধ কৰা ধাৰাসমূহ হ’ল বিএনএছৰ ধাৰা ৪০৩(১), ২৩৮(এ), ৩০৯(৬), আৰু ৩(৬)।কোনো নথিপত্ৰতে আবেদনকাৰীক জনোৱা হোৱা নাই যে তেওঁক বিএনএছৰ ধাৰা ১০৩(১)ৰ অধীনত অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদী; ষোড়শোপ্ৰচাৰ পদ্ধতিৰে বিশেষ পূজা-অৰ্চনা

‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন

যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক

মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সোণম ৰঘুবংশীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাজা ৰঘুবংশীক হত্যাৰ পিছত দুয়োটা পৰিয়ালতে শোকৰ ছাঁ পৰিছে।

ইফালে বুধবাৰে সোণমৰ ভাতৃ গোবিন্দই ৰাজা ৰঘুবংশীৰ ঘৰত উপস্থিত হয়।ৰাজাৰ মাকক লগ পাই গোবিন্দই সাৱটি ধৰি হুকহুকাই কান্দি উঠে।

এই সময়ত তেওঁ সোণম আৰু কথিত প্ৰেমিক ৰাজ কুশৱাহাৰ বিষয়েও বহু কথা কয়।গোবিন্দে স্পষ্টকৈ কৈছিল যে যদি তেওঁৰ ভনীয়েক দোষী তেন্তে সোণমক ফাঁচী দিয়া উচিত।

সোণমৰ ভাতৃ গোবিন্দে ক’লে যে মোৰ ভনীয়েকৰ লগত ৰাজ কুশৱাহৰ কোনো সম্পৰ্ক নাছিল।সোণমে ৰাজক ৰাখি পিন্ধাইছিল। ৰাজে আমাৰ লগত তিনিবছৰ ধৰি কাম কৰি আছিল।

কিয় আৰু কেনেকৈ ৰজাক হত্যা কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই।যদি মোৰ ভনীয়েক ইয়াৰ লগত জড়িত হয়, তেন্তে তাইক ফাঁচী দিব লাগে।

মই মেঘালয়লৈ গৈছিলোঁ। মই কিছু সময়ৰ পূৰ্বে তাৰ পৰা উভতি আহিছো। ইউ পি আৰক্ষীয়ে মোক সোণমক লগ কৰিবলৈ নিদিলে। কিন্তু তাই যদি এই কাম কৰিছে তেনেহলে সোণমক ফাঁচী দিলেও মই বেয়া নাপাও।

সোনামৰ ভাতৃ গোবিন্দে সংবাদ মাধ্যমৰ আগত কয় যে মই ক্ষমা বিচাৰিছো।মোৰ ভগ্নীৰ বাবে এই পৰিয়ালটোৱে নিজৰ পুত্ৰ হেৰুৱালে। তাৰ বাবে মই দুখিত।সেয়ে আজিৰে পৰা এই পৰিয়ালটোৰ সকলো দায়িত্ব মই লৈছো।

লগতে পঢ়ক:  ‘হয়, ময়েই ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো…’; আৰক্ষীৰ জেৰাত কান্দি কান্দি স্বীকাৰোক্তি সোণমৰ

‘হয়, ময়েই ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো…’; আৰক্ষীৰ জেৰাত কান্দি কান্দি স্বীকাৰোক্তি সোণমৰ

ময়েই ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ মোঘালয় আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে। অভিযুক্ত সোণম ৰঘুবংশীয়ে এছ আই টিৰ মাৰাথান জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

মেঘালয় আৰক্ষীয়ে সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক মুখামুখি কৰাই, ইয়াৰ পিছত সোণম ভাগি পৰে আৰু স্বামী ৰাজাক হত্যাৰ ষড়যন্ত্ৰত জড়িত বুলি স্বীকাৰ কৰে।

সকলো প্ৰমাণ সন্মুখত ৰাখি সোণমক সোধা-পোছা কৰা হৈছে আৰু জেৰাৰ সময়ত সোণমে কয় যে, ‘হয়, স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰত মই জড়িত আছিলো’।

মেঘালয় আৰক্ষীৰ ‘অপাৰেচন হানিমুন’ৰ অধীনত যোৱা ২৩ মে’ত চহৰাত সংঘটিত হোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত এটা ডাঙৰ তথ্য প্ৰকাশ কৰিছে।

আৰক্ষীয়ে ৪২টা চিচিটিভি ফুটেজ, তেজেৰে দাগ থকা জেকেট, সোণমৰ ৰেইনকোটকে ধৰি অন্যান্য প্ৰমাণ দুয়োৰে সন্মুখত দাখিল কৰিছিল।

প্ৰমাণৰ পিছতে কান্দি কান্দি সোণমে স্বীকাৰ কৰে যে তেওঁ ৰাজ কুশৱাহা আৰু তিনিজন ছুপাৰী কিলাৰ আকাশ ৰাজপুত, বিশাল ওৰফে বিকি ঠাকুৰ আৰু আনন্দ কুৰ্মীৰ সৈতে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে যে, সোণমে হানিমুনৰ অজুহাতত ৰাজাক চহৰাৰ এটা নিৰ্জন ঠাইলৈ নি হত্যাকাৰী সকলক লোকেশ্বন পঠাইছিল

সোণমে শাহুৱেকক মিছাকৈ কৈছিল যে তেওঁ ৰাজাৰ কাৰনে একাদশীৰ ব্ৰত ৰাখিছে, কিন্তু হোটেলৰ ৰেকৰ্ডত সোণমে আহাৰ খোৱা দেখা গৈছিল।

হত্যাৰ পিছত সোণমে ৰাজাৰ ফেচবুকৰ পৰা ‘আমি সাত জীৱনৰ বাবে একেলগে আছো’ বুলি এটা পোষ্ট দি তদন্তক ভূল দিশে নিবলৈ চেষ্টা কৰিছিল।

সকলো তথ্য ফাদিল হোৱাৰ পিছত সোণমসহ বাকি ৪ অভিযুক্তক ১০ দিনৰ জিম্মাত বিচাৰি মেঘালয় আৰক্ষীয়ে হাজিৰ কৰিব আদালতত।

লগতে পঢ়ক: ১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ

মাজনিশা শ্বিলঙলৈ অনা হ’ল সোণম ৰঘুবংশীক; আজি আদালতত হাজিৰ কৰোৱা হ’ব সকলো অভিযুক্তক

মাজনিশা শ্বিলঙলৈ অনা হ’ল সোণম ৰঘুবংশীক

মেঘালয়ত অনা হ’ল ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী সোণম ৰঘুবংশীক । মেঘালয় আৰক্ষীয়ে মাজনিশা প্ৰায় ১.৩০ বজাত সোণম ৰঘুবংশীক শ্বিলং সদৰ থানালৈ লৈ যায় । লগতে সোণমৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় । মেঘালয় আৰক্ষীৰ হাতত সোণমৰ তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ড আছে । এতিয়া মেঘালয় আৰক্ষীয়ে বুধবাৰে শ্বিলং আদালতত আন অভিযুক্ত বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীৰ সৈতে সোণম আৰু ৰাজ কুশৱাহাক হাজিৰ কৰিব । কোৱা হৈছে যে এতিয়া আৰক্ষীয়ে সোণমক অপৰাধস্থলীলৈ লৈ যাব য’ত সেই ঘটনাৰ চিন ৰিক্ৰিয়েট কৰা হ’ব ।

গাজীপুৰত গ্ৰেপ্তাৰ হোৱা সোণমক পৰৱৰ্তী সময়ত পাটনাৰ ফুলৱাৰী শ্বৰীফ থানালৈ লৈ যোৱা হয় । ইয়াৰ পিছত আৰক্ষীয়ে সোণমক কলকাতা, তাৰ পিছত গুৱাহাটীলৈ আনে । তাৰ পাছত নিশা প্ৰায় ১০.৪৫ বজাত সোণমক লৈ গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় আৰক্ষী । ইয়াৰ পৰাই মেঘালয় আৰক্ষীয়ে তীব্ৰ নিৰাপত্তাৰ মাজতে শ্বিলঙলৈ লৈ যায় সোণমক । বিমানবন্দৰতো বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় । বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে আৰক্ষীয়ে সোণমক এখন জীপত ভৰাই শ্বিলঙলৈ লৈ যায় । বিমানবন্দৰৰ পৰা শ্বিলঙলৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ ।

উল্লেখ্য যে, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত সোণমকে ধৰি পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । পূব খাছি পাহাৰ জিলাৰ ছ’হৰাত হানিমুনৰ সময়ত হত্যা কৰা হৈছিল ৰাজাক । যোৱা ২৩ মে’ত নিৰুদ্দেশ হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী । ২ জুনত ৰাজাৰ মৃতদেহ এটা খাৱৈত উদ্ধাৰ হয় ।

ইফালে, যোৱা ৯ জুনত পুৱাৰ ভাগত উত্তৰ প্ৰদেশৰ গাজীপুৰত উপস্থিত হৈ সোণমে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে । ইয়াৰ পূৰ্বে আৰক্ষী আৰু এছ আইয়ে দেশ কঁপোৱা অপৰাধৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা আন লোকসকলকো গ্ৰেপ্তাৰ কৰিছিল । এই পৰ্যন্ত এই গোচৰত সোণমকে ধৰি ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : ১৭ দিন পিছত সন্ধান ওলাল সোনম ৰঘুবংশীৰ; স্বামীক পৰিকল্পিতভাৱে কৰিছিল হত্যা