সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ মেঘালয় চৰকাৰ

সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মেঘালয় চৰকাৰ

২০২৫ চনত মেঘালয়ত সংঘটিত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীক শেহতীয়াকৈ আদালতে জামিন প্ৰদান কৰে । তাৰ মাজতে মেঘালয় আদালতৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মেঘালয় চৰকাৰ । ২০২৫ চনৰ ৰাজা ৰঘুবংশীৰ “হনিমুন মাৰ্ডাৰ কেচ”ৰ প্ৰধান অভিযুক্ত সোনম ৰঘুবংশীক জামিন প্ৰদান

২০২৫ চনত মেঘালয়ত সংঘটিত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীক শেহতীয়াকৈ আদালতে জামিন প্ৰদান কৰে । তাৰ মাজতে মেঘালয় আদালতৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মেঘালয় চৰকাৰ ।

২০২৫ চনৰ ৰাজা ৰঘুবংশীৰ “হনিমুন মাৰ্ডাৰ কেচ”ৰ প্ৰধান অভিযুক্ত সোনম ৰঘুবংশীক জামিন প্ৰদান কৰা মেঘালয় উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মেঘালয় চৰকাৰ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ এম.এম. সুন্দৰেশ আৰু ন্যায়াধীশ শীল নাগূৰ বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰি, উচ্চ ন্যায়ালয়ৰ ২৯ জুনৰ আদেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কৰা আবেদনখনৰ জৰুৰী শুনানিৰ বাবে অনুৰোধ জনায়। মেহতাই যুক্তি দৰ্শায় যে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত লৈছে। মেহতাই বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে গ্ৰেপ্তাৰৰ সময়ত তেওঁ গ্ৰেপ্তাৰৰ কাৰণ সম্পূৰ্ণৰূপে জনোৱা হোৱা নাছিল আৰু সেই ভিত্তিত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে । মেহতাই যুক্তি দিছে যে টাইপিং ভুলৰ বাবে অভিযুক্তই গ্ৰেপ্তাৰৰ সম্পূৰ্ণ তথ্য জানিব পৰা নাছিল । আবেদন গ্ৰহণ কৰি বিচাৰপীঠে বিষয়টো শুকুৰবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ সন্মত হয় ।

তেওঁ আদালতত দাখিল কৰে যে এটা আইনী ব্যৱস্থা উল্লেখ কৰাৰ ক্ষেত্ৰত হোৱা এক মুদ্ৰণ ত্ৰুটিৰ বাবেই এই সমস্যাটোৰ সৃষ্টি হৈছিল আৰু ইয়াৰ বাবে জামিন দিয়াটো উচিত হোৱা নাছিল। ইয়াৰ উপৰি মেহতাই উদ্বেগ প্ৰকাশ কৰে যে যদি অভিযুক্তগৰাকীক জামিনত মুক্ত কৰি ৰখা হয়, তেন্তে তেওঁ পলাই যোৱাৰ সম্ভাৱনা আছে। এই যুক্তিৰাজিৰ ওপৰত লক্ষ্য ৰাখি, উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ সন্মত হয়।

উল্লেখ্য যে, যোৱা ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়ে সোনম ৰঘুবংশীক জামিন প্ৰদান কৰা এখন নিম্ন আদালতৰ আদেশ বাহাল ৰাখিছিল।নএই গোচৰটো ২০২৫ চনৰ মে’ মাহত পত্নীৰ সৈতে হনিমুনৰ বাবে মেঘালয়লৈ ফুৰিবলৈ যোৱা ৰাজা ৰঘুবংশীৰ সন্দেহজনক হত্যাকাণ্ডৰ সৈতে জড়িত। দম্পতীহালে ২৩ মে’ত চেৰাপুঞ্জী অঞ্চল ভ্ৰমণ কৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল আৰু ২ জুন, ২০২৫ ত এটা গভীৰ খাদৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি, সোনম ৰঘুবংশীয়ে ভাড়াতীয়া হত্যাকাৰীৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত বৰ্তমানো আৰক্ষীৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: অৰুণাচলৰ মাটিত চীনা সেনাই পাতিলে শিবিৰ! ভাৰতীয় ভূখণ্ডত চীনৰ আগ্ৰাসনক লৈ চাঞ্চল্য

শেহতীয়া প্ৰৱন্ধসমূহ